সম্পাদকলৈ চিঠি – আজিজুল হক

1

সম্পাদক ডাঙৰীয়া,

নমস্কাৰ ল’ব। “সন্ধান”ৰ বিষয়ে জানিব পাৰি নথৈ সুখী হৈছোঁ। অৱশ্যে প্ৰথম বা প্ৰস্তাৱনা সংখ্যা মোৰ চোৱা নহ’ল। ভাল হৈছে বুলিয়ে ভাবিছোঁ। দ্বিতীয় সংখ্যাৰ বাবে অধীৰ অশাৰে বাট চাই আছোঁ। সাম্প্ৰতিক ইউনিক’ড পদ্ধতিৰ যোগে পৃথিৱীৰ ভাষাবিলাক বিশ্বজনীন কৰিব পৰা গৈছে। অসমীয়া ভাষাও বিশ্বজনীন কৰাৰ এতিয়া সুযোগ ঘটিছে যদিও এতিয়ালৈকে আমি ইউনিক’ডত অসমীয়া লিপিৰ সুকীয়া পৰিচয় পোৱা নাই। ইয়াৰ বাবে আমি অহৰহ চেষ্টা কৰি আছোঁ আৰু সময়ত সকলো হৈ উঠিব বুলি বিশ্বাস কৰোঁ। তথাপি এতিয়া আমি ইয়াৰে যি লেখা-মেলা কৰিব পাৰিছোঁ তাত আগুৱাই যাব লাগে। ইউনিক’ডৰ বাবেহে আমাৰ ই-আলোচনী, ই-কিতাপ, ই-বাতৰি আদি সম্ভৱ হৈছে।
ই-আলোচনীয়ে বহুতো যুৱক-যুৱতীৰ অন্তৰ্নিহিত প্ৰতিভাবিলাক লেখা-মেলাৰ যোগেদি প্ৰকাশ কৰাৰ সুযোগ দিছে আৰু বহুতে এই সুযোগ গ্ৰহণ কৰিছে। বিজ্ঞান, স্বাস্থ্য, সাহিত্য আদি বিভিন্ন বিষয়ৰ আলোচনী থাকে যদিও “সন্ধান” ভিন্ন বিষয়ৰ আলোচনী হিচাপে চলালে ভাল হ’ব যেন লাগে। তেতিয়া যাৰ যেনে ৰুচি বা ৰাপ আছে সেইমতে লিখোঁতায়ে লিখিব পাৰে আৰু পঢ়োঁতাও উপকৃত হ’ব পাৰে। সেয়েহে দেশ-বিদেশৰ বাতৰি, সাময়িক প্ৰসংগ, খেল-ধেমালি, বিজ্ঞান, স্বাস্থ্য, সাহিত্য, কেৰিয়াৰ, প্ৰশ্নোত্তৰ, ৰন্ধন-প্ৰকৰণ, স্ব-নিয়োজনৰ উপায় আদি সকলো বিষয় সনিৱিষ্ট কৰিলে সকলোৱে উপকৃত হ’ব পাৰিব।
সন্ধানৰ কৃতকাৰ্যতা কামনাৰে-

আজিজুল হক
পাণবজাৰ, গুৱাহাটী-১

Share.

About Author

1 Comment

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.