শৰতৰ বৰ্ণনা

0

বৰ্ষা ৰাণীয়ে মাগিলে মেলানি
ধৰিত্ৰী মাৰ চাফাই অভিযান শেষ কৰি
সুভ্ৰতাৰ সাজ পিন্ধি
আগমত ঘটিল ঋতুৰ ৰাণীৰ,মেদেনীৰ বুকুফালি
লগত লৈ চিৰকালৰ সংগী কুঁৱলী
পূৱাৰ পদুলি,গধূলিৰ বাট পথত যি থাকে হাঁহি
নিয়ৰৰ বুকুত জিলিৰ সুৰৰ ঝংকাৰ তুলি
কহুৱা কোমল সুবাসৰ মাদকতা ঢালি
এচোতাল জোনাকৰে শৰতক আদৰে শেৱালিয়ে।
শৰতৰ আগমনত ঢৌ খেলি খেলি
নাচে সোনগোটীয়া ধাননী
নৈ পৰীয়া কহুৱাই বিলায় হালি জালি
শ্ৰুভ্ৰ বগলীৰঙী শান্তিৰ প্ৰতিকী

নেৱাজ শ্বৰিফুল হক
  বৰদোৱা,নগাওঁ
    8822137353

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.