শ্বপং য়ং মানাও পয়

0

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমচাস্থিত চিংফৌ হেৰিটেজ চেন্টাৰথলীত যোৱা ১২ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত “শ্বপং য়ং মানাও পয়” উৎসৱত অসম আৰু অৰুণাচলত বসবাস কৰা চিংফৌ সকলক একত্ৰিত কৰে ৷ কাষৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা ষ্টীলৱেল পথেদি খোজকাঢ়ি আহি ১০০ গৰাকী চিংফৌ শিল্পীয়ে উৎসৱত যোগদান কৰেহি ৷

চিংফৌ সকলৰ পূৰ্বপুৰুষ শ্বপং য়ং ৷ এওঁৰে স্মৰণত গুণানুকীৰ্তন কৰা উৎসৱেই কালক্ৰমত শ্বপং য়ং মানাও পয়লৈ ৰূপান্তৰ হয় ৷ মানাও মানে নৃত্য আৰু পয় মানে উৎসৱ ৷ এই উৎসৱত পূৰ্বতে বলি বিধানেৰে উদযাপিত কৰা হৈছিল ৷ কিন্তু পৰ্যায়ক্ৰমে চিংফৌসকলৰ একাংশই বৌদ্ধ ধৰ্মত দীক্ষিত হোৱাৰ পাছৰ পৰাই বলি বিধান এৰি ১৯৮৫ চনৰ পৰা কেৱল নিজৰ কলা-সংস্কৃতিৰ নৃত্য গীতেৰে এই উৎসৱ নিৰৱচ্ছিন্ন ভাৱে উদযাপন কৰি আহিছে ৷

শ্বপং য়ং মানাও পয় এতিয়া চিংফৌসকলৰ কলা-সংস্কৃতিৰ বৃহৎ মঞ্চলৈ ৰূপান্তৰিত হৈছে ৷ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা চিংফৌসকলে নিজৰ ধৰ্ম পৰিহাৰ কৰি কেৱল নিজস্ব সংস্কৃতিৰ আধাৰত ঐক্যভাৱে এই উৎসৱৰ আনন্দ লয় ৷

উৎসৱৰ কেইদিন শ্বাদুঙৰ তলত লয়লাস ভংগিমাৰে সহস্ৰাধিক চিংফৌ যুৱক-যুৱতী, পুৰুষ-মহিলাৰ সৈতে বিভিন্ন জনগোষ্ঠীয়ে একে সুৰতে নৃত্যৰ তাল-মিলালে ৷ অসম-অৰুণাচল আৰু ম্যানমাৰৰ সমন্বয়ৰ সাঁকো এই উৎসৱত বিহুৰ দল, দেউৰী, লিচুকে ধৰি কেইবাটাও জনগোষ্ঠীয়ে উৎসৱথলী জীপাল কৰি তোলে ৷ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই উৎসৱত চিংফৌৰ লগতে বিভিন্ন জনগোষ্ঠীৰ নৃত্য-গীতৰ লগতে পৰম্পৰাগত সাজপোছাকৰ ফেছন শ্ব’, প্ৰদৰ্শনী আদি অনুষ্ঠিত হয় ৷ লগতে পৰম্পৰাগত খাদ্য সম্ভাৰ, বিভিন্ন বিপনীয়ে উৎসৱটিক এক সুকীয়া মৰ্য্যদা প্ৰদান কৰে ৷

– বিজিত দত্ত, যোৰহাট

ব্লগ: bijitdutta.wordpress.com

 

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.