শূন্যতাৰ অৱলোপন

0

মৃত্যুৰ মৰিশালীত

জীয়াই থকা বৰ কষ্ট

উশাহবোৰ নিশাহতকৈ

ক্ৰমে চুটি হৈ আহে ৷

আশা, নিৰাশা, সপোনৰ দোমোজাত

শূন্য হৈ পৰে মনৰ আকাশ

আৰু জীৱনৰ আন্ত:সলিলা নৈখন

ক্ৰমে নীলাৰ পৰা ৰঙা হৈ উঠে ৷

সঁচাকৈ মৃতলোকৰ মাজত

জীয়াই থকা বৰ কষ্টকৰ ৷

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.