শিৱসাগৰ ফ্লাইং কাৰ্নিভেল

0

ঐতিহাসিক শিৱসাগৰ জিলাৰ কুকুৰপহীয়া পথাৰত ১ আৰু ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈ যায় “শিৱসাগৰ ফ্লাইং কাৰ্নিভেল” । ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পেৰামটৰ উৰণ অনুষ্ঠানটো আছিল ভাৰতবৰ্ষৰ আটাইতকৈ বৃহৎ । এই উৰণ পদৰ্শনীত দেশৰ বিভিন্ন প্ৰান্তৰ ৩০খন পেৰামটৰৰ উপৰিও ৩০জনতকৈ বেছি পাইলটে অংশগ্ৰহন কৰে । অসম পৰ্যটন উন্নয়ন নিগম আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত ক্ৰচ কান্ত্ৰী ফ্লাইং ক্লাৱে আয়োজন কৰা আনুষ্ঠানটো উদ্বোধন কৰে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল নিৰ্ভয় শৰ্মাই । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম বিধান সভাৰ অধক্ষ্য প্ৰণৱ গগৈ আৰু পৰিবহন-পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম ।

 

– বিজিত দত্ত, যোৰহাট

ব্ল’গ: http://bijitdutta.wordpress.com/

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.