লাচিত : আইফ’ন আৰু আইপেডত অসমীয়া লিখিবৰ বাবে নিৰ্মিত হ’ল কী-ব’ৰ্ড

0

 

আইফ’ন আৰু আইপেডত অসমীয়া লিখিব পৰা কী-ব’ৰ্ড এখন যোৱা আগষ্ট লৈকে অভাৱ হৈ আছিল ৷ অতি জনপ্ৰিয় এই সঁজুলি দুবিধ বহুতে কিনিবলৈ ইচ্ছা কৰি কেৱল অসমীয়া লিখিব নোৱৰা বাবে নিকিনাকৈ তাৰ পৰিবৰ্তে আন ম’বাইল বা টেবলেট আদি কিনিবলগা হৈছিল ৷ আৰু অৱশেষত “লাচিত” নামৰ এপটোৰ জড়িয়তে এই অভাৱ পূৰ হ’ল ৷ বহু আকাংক্ষিত এই কী-ব’ৰ্ড খন যোৱা ৩ চেপ্তেম্বৰত এপলে (Apple) এপ্ৰুভ কৰিলে ৷ এই কী-ব’ৰ্ডখন নিৰ্মাণ কৰিছে মৃদুল কুমাৰ শৰ্মাই, আৰু ইয়াক সম্পূৰ্ণ বিনামূলীয়াকৈ ৰাইজৰ বাবে উপলব্ধ কৰিছে ৷ এপল App Store পৰা Lachit 1.0 নামৰ এপ্‌টি ইনষ্টল কৰি ব্যৱহাৰকাৰীয়ে অসমীয়া লিখিব পাৰিব ৷ এপটোৰ ছাইজ ১.৭ MB৷

 

এপল App Store খুলি তাত Lachit বা Assamese keyboard বুলি সন্ধান কৰিলে ব্যৱহাৰকাৰীয়ে এপটো দেখা পাব৷

 

কী-ব’ৰ্ডখনসজাওতেব্যৱহাৰকাৰীৰসুবিধাৰবাবেকেইটামানকথালৈমনকৰাহৈছে—

আটাইতকৈ বেছি ব্যৱহৃত বৰ্ণবোৰ প্ৰথমতে পোৱাৰ সুবিধা আৰু এখন হাতেৰে টাইপ কৰাৰ বাবে সুবিধা৷

ইয়াত লিখি উঠি লেখাখিনি কপি কৰি যিকোনো ঠাইত, যেনে- ফেচবুক, ইমেইল, হোৱাটচএপ্, ন’টচ আদিত পেষ্ট কৰি শ্বেয়াৰ কৰিব পাৰিব৷

এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে, এপলে এতিয়ালৈকে কেইটামান ভাষাৰ বাহিৰে অইন ভাষাৰ Native keyboard ৰ অনুমতি দিয়া নাই ৷ সেয়েহে সম্প্ৰতি এনেদৰে এপৰ ভিতৰত লিখি বেলেগত কপি-পেষ্ট কৰিয়েই কাম চলাব লাগিব৷

এই কী-ব’ৰ্ডখন নিৰ্মাণ কৰা মৃদুল কুমাৰ শৰ্মায়েই ইতিমধ্যে এবছৰৰ পূৰ্বে, Mac ত অসমীয়া লিখিবৰ বাবেও এখন কী-বৰ্ড নিৰ্মাণ কৰিছিল৷ Mac ত অসমীয়া লিখাৰ বাবে সেইখনেই এতিয়াও একমাত্ৰ সুবিধা৷

 

যথেষ্ট কষ্ট সাধ্য, জটিল আৰু সময় খৰচী এই সমূহ কামৰ বাবে মৃদুল কুমাৰ শৰ্মালৈ আমি অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷

 

তেওঁৰ ৱেবছাইট http://mridulkumar.com/ ত এই সমূহৰ সম্পৰ্কে অধিক তথ্য আৰু ব্যৱহাৰৰ নিৰ্দেশনাৱলী আদি অতি সহজ-সৰল ভাষাত লাভ কৰিব পাৰিব৷

 

লাচিতৰ ব্যৱহাৰকাৰীসকলৰ সুবিধাৰ্থে এটা ফেচবুক গোট গঠন কৰা হৈছে ৷ এই গোটত কী-ব’ৰ্ড ব্যৱহাৰ কৰাৰ বাবে প্ৰয়োজনীয় সহায়, কী-ব’ৰ্ডখন উন্নত কৰাৰ বাবে পৰামৰ্শ আদি দিশ আলোচনা কৰা হয়৷

https://www.facebook.com/groups/assameseinmac/

– বাতৰি সংগ্ৰহ: সন্ধান

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.