মৃত্যু খেল হোৱাহেতেন, খেলি দেখুৱালোহেতেন

0

মোৰ ভৰিৰ তলুৱাই

তোমাৰ শিৰৰ সেন্দূৰ নাপালে,

মৃত: চকুযুৰিয়ে বোৱাই দিব

এক নৈ চকুলোঁ ৷

 

নুমুৱাই যাব –

চিতা-জুই ৷

উথলি আহিব বানপানী

চণ্ডালৰ আঁঠুলৈ … ৷

তোমাৰ শিৰৰ সেন্দূৰ নাপালে

মোৰ নিথৰ ভৰিৰ তলুৱাই … ৷

 

মৰিবলৈ ভাল নালাগিব-

তোমাৰ এটুপি চকুলো,

নপৰিলে মোৰ কায়িক দেহত … ৷

 

খেল হোৱাহেতেন,

এবাৰ মৰি দেখুৱালোহেঁতেন …

দেখিলাহেঁতেন –

তোমাৰ চাহিদা

মোৰ মৃত: শৰীৰত ৷

 

দুৰ্ভাগ্য,

মৃত্যু খেল নহ’ল ৷

তোমাক প্ৰমাণ দিবলৈ বুলি ৷

 

– নলবাৰী মহাবিদ্যালয়

৯৫০৮৬৩৮৩৮৩

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.