মই ৰিক্সাৱালাই কৈছোঁ

0

মই ৰিক্সাৱালা ,,

আপোনাৰ … “ঐ ৰিক্সা”…

বুকুত এসোপা আশা লৈ আহিছোঁ ওলাই,

অহা সময়ত পোনাকণৰ মাকে

হাঁতত তুলি দিছিল মোনাখন …৷

আজি হয়তো এটাও চাউল নাই,

পোনকণক এবাৰ বুকুত সুমুৱাই,

ফৰিদাৰ কোলাত দি আহিলোঁ ৷

চোকা ৰদৰ ইমান ক্ষোভনে মোলৈ ?

ফটা চোলাটো ভেদি পুৰি পেলাব খোজে বুকুখন ….

 

ঐ ৰিক্সা ??

টাউন কিমান লবি ?

..২০ টকা বাইদেউ,

কিহৰ বিশ টকা লাগে হা তোক ?

.. ব’ল দহ টকা ল’বি ৷

 

উঠক বাইদেউ ..

দহ টকাটো হেৰুৱাৰ ভয়ত আগবাঢ়িলোঁ,

হয়তো …

এই কলেজীয়া ছোৱালীজনীৰ চকুত পৰা নাই,

মোৰ জৰাজীৰ্ণ ৰিক্সাখনৰ মামৰে ধৰা অংগবোৰ

হয়তো উপলব্ধি কৰিব পৰা নাই …,

কেনেকৈ মই তেওঁক কঢ়িয়াই আনিছোঁ !!

 

…ঐ ৰখা ইয়াত ..!

অলপ ওপৰৰ পৰাই

হাতত পইচাখিনি দি আঁতৰিল ছোৱালীজনী ৷

বুকুখন সোপামাৰি ধৰিলে

.. মনত পৰিল মিনতীলৈ !!

 

“দাদা?”

“বৰষাহঁতৰ দৰে ময়ো পঢ়িম কলেজত”..

…. “দাদা ..?”….

… তাইৰ সপোন পূৰাব পাৰিম জানো মই …??

 

ঘামেৰে তিতি গ’ল ১০ টকীয়া নোটখন ,

সযতনে সুমুৱাই থ’লো জেপত … ৷

এইটো জেপ থেপিয়াই সিদিনা

চকলেট নাপাই কান্দিছিল পোনাকণে,

মাটিত বাগৰি বাগৰি কান্দিছিল .. ৷

… আজি চকলেট নিম অ’ পোনা..

নিম তোলৈ চকলেট .. !!

 

ব্যস্ত নগৰী ব্যস্ত জীৱন

ব্যস্ত ৰিক্সাৱালা …৷

 

বাঢ়ি অহা চোকা ৰ’দে

তিয়াই নিলে মোৰ কপাল

আৰু চকুলোবোৰ লুকাই পৰিল

কপালৰ পৰা বাগৰি অহা তেজাল বানত .. ৷

 

“ঐ ৰিক্সা আঁতৰ হ’ !”

কাৰ চলাই তীব্ৰবেগেৰে পাৰ হৈ গ’ল ..

কোনোবা সম্ভ্ৰান্ত ঘৰৰ সন্তান ..

গোৱৰ চিটিকি পৰিল মোৰ গাত

কেনেকৈ প্ৰতিবাদ কৰো ??

আমি যে ৰিক্সাৱালা …!!

বোকা চটিয়াই প্ৰতাৰণা কৰে সমাজে ৷

 

আৰুনো কিমান টানকৈ বান্ধিম ?

পেটৰ গামোচাখন ..!!
এই গামোচাখনৰ মাজতেই বিচাৰি পাওঁ আইক .. !

আই … তই কুশলে আছনে ?

আৰু পিতাই তই ..?

এইবাৰ তোৰ ওচৰলে যাম অ’ পিতাই ,

আৰু এই ফৰিদা …. !!

তাইৰ পোনাকণক তহতে ৰাখিবিনে …??

 

সিদিনা ..!!

সিদিনা .. ৰিক্সা লৈ ঘৰলে উভতিছোঁ..

ঘৰ মানে মোৰ পৰিতক্ত পঁজালৈ..৷

 

তিনিআলিটোৰ ফুটপাথত প্ৰসৱ বেদনাত চিঞৰিছিল,

প্ৰসৱ বেদনাত চিঞৰিছিল এজনী ছোৱালী ….

ষ্ট্ৰীটলাইটৰ ধিমিক-ধামাক পোহৰেই সংগী হৈছিল

সেই মূহুৰ্তত …৷

তাই দুখুনী ফৰিদা, লগত কেছুৱা ৷

মাজনিশাৰ শেষ ভাড়াতো লৈ আনিলোঁ…

লৈ আনিলোঁ মোৰ পঁজালৈ….!

..হঠাৎ জ্বলি উঠিল ট্ৰেফিক ৰঙা লাইটবোৰ …

স্তব্ধ হৈ পৰিল মোৰ কলিজাখন …

পাৰ হৈ গ’ল ৰেলগাড়ীখন …

উকি মাৰি মোৰ বুকুৰ মাজেৰে ..!!
ৰিক্সাৱালাৰ হৃদয় ভেদি

আৰু সেই হৃদয়খন মানুহৰ বাবে

… “ঐ ৰিক্সা” ….. !!!!

: অসীম কুমাৰ নাথ,

ছিপাঝাৰ,

দুৰভাষ: ৭৩৯৯৬২১০৪৭

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.