ভোক

0

মাজনীক ভালকৈয়ে দুচাটমান দিলোঁ। ইমান অসাৱধান। যোৱা চাৰিমাহে দৰমহা নাই আৰু তাই যোৱাকালি ৰাতি কাণফুলিযোৰ হেৰুৱালে ক’ৰবাত। উপায় নাই। তাইক কোবাই মোৰো মনটো বেয়া লাগিছে এতিয়া। সস্তীয়া কাণফুলি এযোৰ আনি দিব লাগিব তাইক। তাইৰ সোণৰ কাণফুলিযোৰ বেচিলে কেইবাদিনৰো খোৱাৰ বজাৰৰ লগতে তাইৰ কাৰণে কমদামী কাণফুলি এযোৰো কিনিব পৰা যাব নিশ্চয়। মোৰ কাৰণে যে তাইৰ মুখৰ হাঁহিটোতকৈ ঘৰখনৰ প্ৰাণীকেইটাৰ ভোকৰ স্থান ওপৰত সেয়াটো তাইক মই মুখ ফুটাই ক’ব নোৱাৰোঁ।

– মৃণাল কুমাৰ বৰা(২৪ বছৰ)
কালিকট, কেৰালা
২০/১২/২০১২

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.