বৰষুণ নে তুমি

0

বৰষুণত তোমালৈ খুব মনত পৰে ৷
কিয় জানো!
বৰষুণ মোৰ খুব প্ৰিয়, সেই কাৰণেই নেকি!

খিৰিকি খনৰ কাষত বহি
মই তধা লাগি চাই ৰও
টোপা টোপে পৰা বৰষুণ বোৰ ৷

শুনি থাকো টিনৰ চালিত
দোপাল পিটা বৰষুণে গোৱা গান ৷

পাহৰি যাওঁ মোৰ সমস্ত দুখ
আৰু বেদনাই ক’লা কৰা কলিজাৰ বান ৷

বৰষুণে মোক লৈ যায় নিজৰ আৰু ওচৰলৈ,
ভাল লগা ঠাই এটুকুৰালৈ
য’ত মই নিসংগ নহওঁ কাৰণ
তাত মোৰ একাকিত্বক পাহৰি যাওঁ ৷

তুমি থাকা যে লগত, সেই কাৰণে ৷

– আইজনী দাস

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.