পৰাধীন অবিভক্ত ভাৰতৰ প্ৰথম জন ৰাষ্ট্ৰপতি – লক্ষেশ্বৰ বৰুৱা

0

গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত এজন অসাধাৰণ ভাৰতীয় ৷ স্বাধীনতা আন্দোলনত জড়িত হোৱাৰ অপৰাধত কেইবাবাৰো জেল যাত্ৰা ৷ লক্ষেশ্বৰ বৰুৱা ৷ জন্ম ১৮৯৪চন, মৃত্যু ৩০ নবেম্বৰ ১৯৯০ চন ৷ শিক্ষা: কটন কলেজৰ আধৰুৱা বিজ্ঞান স্নাতক ৷
১১ আগষ্ট, ১৯৪২ চন ৷ স্থান: যোৰহাট জিলাৰ চাৰিগাওঁ মৌজা ৷ গান্ধীজীৰ নেতৃত্বত চলা ভাৰত ত্যাগ আন্দোলনৰ ঢৌ মাৰ যোৱাই নাই ৷ তেনে সন্ধিক্ষণত লক্ষেশ্বৰ বৰুৱা দেৱৰ নেতৃত্বত এখন গণসমাৱেশত স্বাধীন  “চাৰিগাওঁ ৰাষ্ট্ৰ”  ঘোষণা কৰা হয় ৷ বৰুৱাদেৱে নিজেই উক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে ৷
তেওঁৰ লগতে মন্ত্ৰীপৰিষদৰ সাতজন অন্য সদস্যৰ নাম ঘোষনা কৰে ৷ অৰ্হতা অনুসৰি তেখেতসকলক দপ্তৰ বিতৰণ কৰে লক্ষেশ্বৰ বৰুৱাদেৱে নিজেই ৷
তেখেতৰ মন্ত্ৰী সভাৰ সদস্যসকল আছিল:- জগত চন্দ্ৰ শইকীয়া (গৃহ বিভাগ), গোলাপ চন্দ্ৰ দত্ত (শিক্ষা), দেৱী শৰণ বৰবৰা (প্ৰতিৰক্ষা), সোনাৰাম শইকীয়া (জন-কল্যাণ), কৃষ্ণ প্ৰসাদ শইকীয়া (সমবায়) আৰু জে. বৰদলৈ (ৰাজহ) ৷ স্বৰ্গীয় লক্ষেশ্বৰ বৰুৱাই হ’ল পৰাধীন অবিভক্ত ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি ৷ প্ৰায় ২০ বৰ্গ কি.মি. মাতিকালিৰ “চাৰিগাওঁ ৰাষ্ট্ৰ” ৷
স্বাধীনতা সংগ্ৰামৰ এই বিৰল ঘটনাক শাৰদ পাৱাৰদেৱৰ দ্বাৰা লিখিত গ্ৰন্থ “Contemporary Political Leadership” ত সন্নিবিষ্ট আছে ৷ আৰু প্ৰফেচৰ অনিল কুমাৰ শৰ্মাই তেখেতেৰ “Quit India Movement” গ্ৰন্থত লক্ষেশ্বৰ বৰুৱাৰ বিষয়ে উল্লেখ কৰিছে ৷
এবাৰ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ এখন সভাত মুখ্য অতিথিৰ আসনত আছিল তেতিয়াৰ ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদ ৷ তেখেতে লক্ষেশ্বৰ বৰুৱাদেৱক সভাস্থলীত দেখি দৰ্শকৰ মাজৰ পৰা উঠাই আনি মঞ্চৰ নিজৰ আসনত বহিবলৈ দি কৈছিল- ” আপুনিহে প্ৰকৃত ৰাষ্ট্ৰপতি” ৷
১৯৮৮ চনত তেতিয়াৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী তেখেতৰ ঘৰত উপস্থিত হৈ স্বস্থ্যৰ বুজ লোৱাৰ উপৰি সম্ভৰ্ধনা জ্ঞাপন কৰে।

বিজিত কুমাৰ দত্ত,

যোৰহাট, অসম

ব্লগ: http://bijitdutta.wordpress.com/

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.