নেপালী ভাষা শিক্ষা (পাঠঃ ২)

0

নেপালী ভাষা শিক্ষাৰ দ্বিতীয় পাঠলৈ আপোনাৰ স্বাগতম। নেপালী ভাষা আর্য্য- ইৰানেলী ভাষাৰ পৰা উৎপত্তি হৈছে। সংস্কৃত ভাষা নেপালী ভাষাৰ মাতৃ। অসমীয়া ভাষাৰ লগত ইয়াৰ বহু ক্ষেত্রত মিল আছে। নেপালী ভাষা দেবনাগৰী লিপিত লিখা হয়। নেপালী ভাষাৰ পুৰণি নাম খছকুৰা, পাহাড়ে ভাখা বা গোর্খা ভাষা। নেপালী ভাষাৰ ব্যাকৰণ অসমীয়াৰ দৰে।

নেপালী ভাষাত ড় ঢ় আখৰ দুটা নাই। সৰল বাক্যৰ উদাহৰণঃ

মই ভাত খাওঁ। म भात खान्छु।

মা ভাত দিয়া । आमा भात देऊ।

মই তোমাক ভাল পাওঁ। म तिमीलाई माया गर्छु।

জুবিন গার্গ ভাল গায়ক। जुबिन गर्ग राम्रा गायक हुन। তেখেতে নেপালী গীত গাইছে। उनले नेपाली गीत गाएका छन।
¤¤ নেপালী ভাষাত ক্রিয়া পদটো অসমীয়াৰ দৰে উহ্য নাথাকে।

যেনেঃ মোৰ নাম দিগন্ত। मेरो नाम दिगन्त हो।

তোমাৰ নাম কি? तिम्रो नाम के हो?

মই ইন্দ্র। म इन्द्र हुँ।

তুমি পদুমী। तिमी पदुमी हौ।

ৰাম এজন ৰজা। राम एक राजा हुन।

ইয়াত हुँ, हो, हुन ক্রিয়া পদ।

নেপালী সর্বনাম পদঃ

মই-म। আমি-हामी। তুমি-तिमी। তই-तँ। তাই-तँ। আপুনি-तपाईँ। তেখেত-वहाँ। ¤ মোৰ-मेरो। তোমাৰ-तिम्रो। আমাৰ-हाम्रो। তাৰ/ তাইৰ- उसको वा उनको। এওঁৰ-यहाँको। তেওঁৰ-वहाँको। ¤ মোক-मलाई। আমাক-हामीलाई। তোমাক-तिमीलाई। সিহঁতক-उनीहरूलाई। আপোনাক- तपाईँलाई। ইত্যাদি। ¤ নেপালীত বহুবচন কৰাটো একেবাৰে সহজ ।একবচন শব্দত “হৰু” লগাই বহুবচন কৰা হয়। যেনেঃ

ছোৱালীমখা- केटीहरू। লৰাহঁত- केटाहरू। মানুহসকল- मानिसहरू। গছবোৰ- रुखहरू। ঘৰবিলাক- घरहरू।

¤¤¤ धन्यवाद।

 

ক্রমশঃ

– ইন্দ্রকান্ত কাৰ্কী

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.