নিৰৱতা

0

দোকমোকালিৰ
কুঁৱলীজাক
ৰঙচুৱা সূৰুজৰ পোহৰৰ সতে
ঠেকা খায়
আবেলি
কলঙপৰীয়া বতাহ এচাঁতি হৈ
তেওঁক চুই যায় !!

খিৰিকিৰ এইটো পাৰে বহি
তেওঁ বাট চায়…
আবেলিৰ – ঘৰমুৱা পক্ষীজাঁকৰ বাবে
সন্ধিয়াৰ – বতাহত ভাহি অহা ডবা এটাৰ মাতৰ বাবে
গভীৰ নিশা- জিলি এটাৰ সুৰৰ বাবে
পুৱতি নিশা- সাৰে থকা অৰ্ধমৃত সপোনৰ বাবে !

এনেদৰেই —
সময়ৰ পাছত সময়
সময়ৰ সতে জীৱন
জীৱনৰ বাবে তেওঁ !

………………………………
………………………………

যিবোৰ কাহানিও লিখা নহ’ল
সেইবোৰ তেওঁ আওঁৰাব কেনেকৈ ?

– পল্লৱ কুমাৰ নাথ
দূৰভাষ: ৯০৮৫৪-০৯৬২৯

ঠিকনাঃ কাকী-৩, নগাঁও – ৭৮২৪৪৬

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.