ধাৰণা

0


ইউনিয়নটো যেতিয়া ইন্টাৰচেকচন হয়

তেতিয়া তাক ট্ৰেজেদী আখ্যা দিয়া হয়

বীজগণিতীয় ফৰ্মূলাত একেজাতীয় ৰাশি নহ’লে

সম্ভৱ নহয় যোগ কিম্বা বিয়োগ

এক্স প্লাছ ৱাই হোল স্কোৱেৰ অথবা

এক্স মাইনাছ ৱাই হোল কিউব সূত্ৰত

পৰি যায় অংকবোৰ ৷ এয়াই গণিত –

নিৰ্দিষ্ট গণ্ডী আছে তাৰ,

জ্যামিতিৰ বাহু আৰু কোণবোৰে

মূৰ দাঙি কেতিয়াবা ইফালে সিফালে চায়

পৰস্পৰৰ সহযোগিতাতেইতো বৰ্তি আছে,

চতুৰ্ভুজবোৰক কোণাকোণিকৈ ছেদ কৰিলে

ওলাই আহে একোটা ত্ৰিভূজ

আৰু মূৰ্তিমান হৈ উঠে ক্ৰমশ:

জ্যামিতিক ক্ষেত্ৰবোৰৰ ধাৰণা;

ইউক্লিডীয় জ্যামিতি কি আছিল! কি আছিল?

বাহু চাৰিটা সমান বাবেই বৰ্গৰ কালি

কেতিয়াবা উজু কেতিয়াবা জটিল

ত্ৰিকোণমিতিক অনুপাতবোৰে

ইটোৱে সিটোৰ জোতা পোতা খায়

এয়াই গণিত

যাৰ এটা এটা ধাৰণাত লৰচৰ কৰিব নোৱাৰাকৈ আৱদ্ধ জীৱন ৷

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.