তন্দ্ৰাভংগ

0

এন্ধাৰ নিশাৰ নিস্তব্ধতা আঁতৰাই

সৰি পৰা বৰষুণৰ টোপালবোৰে

যেতিয়া নূপুৰৰ ৰুণ-জুন ধ্বনি তোলে

পোহৰ বিচাৰি সুদূৰ এন্ধাৰত

এটি বুলবুলিয়ে যেতিয়া হিয়া উজাৰি কান্দে

জোনাকৰ শুভ্ৰতায়ে যেতিয়া বেৰৰ জোলোঙাৰে আহি

মোৰ শেতেলী স্পর্শ কৰে

তেতিয়া এনে ক্ষণত

তোমাৰ প্ৰেমেৰুৱা নিসংগতাৰ গুটিটো

ক্ৰমশঃ য়ে গছ হয় মোৰ বুকুত

তাৰ শিপায়ে ক্ৰুৰতা ভাৱে

ছানি ধৰে বুকু, কলিজা আৰু দেহৰ গভীৰতাৰ পৰা গভীৰতালৈ……………….

আহিনৰ শেৱালী বুটলোতেই

আধৰুৱা হ’ল বহু কথা

বেদনাৰ সৈতে বিষন্নতাই ৰচা

মোৰ দুকুৰি কবিতা

শিলৰ দৰে কঠিন আৰু খহতা

পোৱা নোপোৱাৰ দুমোজাত মোৰ বুকুত

গঢ়ি উঠা এখন কবৰস্থান

য’ত মই কবৰ দিয়া ক্ৰমে আৰম্ভ কৰিছো

শত সপোন আৰু প্ৰেম

এনে বিষাদৰে ভৰা কোনোবা অমানিশা

এন্ধাৰৰ আঁৰ কাপোৰ উৰি

মই সকলোৰ পৰা আঁতৰি আহিম

কোনোৱে নুশুনাকৈ, কোনেও নেদেখাকৈ॥

– নাম :অংকুৰ জ্যোতি বুঢ়াগোঁহাই

যোগাযোগঃ ৯০৮৫৮-৭৭৫০১

ঠিকনাঃ তিতাবৰ, যোৰহাট

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.