ঢেঁকীয়াখোৱা বৰনামঘৰ

0

যোৰহাট নগৰৰ পূব দিশৰ প্ৰায় ১২ কিলোমিটাৰ নিলগত অৱস্থিত ঢেঁকীয়াখোৱা বৰনামঘৰ ৷ ভাদ মাহৰ অখণ্ড নাম-কীৰ্ত্তনৰ বাবে নামঘৰলৈ অগনণ ভক্তৰ ভীৰ হোৱা দেখা যায় ৷ বছৰৰ বাৰমাহেই পবিত্ৰ নামঘৰটোলৈ ভক্তৰ সমাগম হৈয়ে থাকে ৷ বৈষ্ণৱধৰ্ম প্ৰচাৰ কৰি থকাৰ সময়তে, অবৈষ্ণৱ সকলৰ প্ৰৰোচনাত পৰি ৰজাই মহাপুৰুষ দুজনাক বন্দী কৰিব খোজোত, শংকৰ গুৰুক শিষ্যসকলে আত্মগোপন কৰোৱায় ৷ ৰজাই মাধৱদেৱক জোঁৱায়েকৰ সৈতে বন্দী কৰে, পাছত বিচাৰত জোঁৱায়েকক মৃত্যুদণ্ড দিয়ে আৰু মাধৱদেৱক মুক্তি দিয়ে ৷ বন্দীশালৰ পৰা ওলাই আহি বৰ্তমানৰ ঢেঁকীয়াখোৱা বৰনামঘৰ থকা ঠাইত, এটা ভগা পজাঁত থকা এহাল বুঢ়া-বুঢ়ীৰ ঘৰত দুখে-ভাগৰে মাধৱদেৱে আশ্ৰয় ল’লে ৷ ৰাতিৰ ভাত সাঁজৰ বাবে ঢেঁকীয়া শাকেৰে ব্যঞ্জন বনাই বুঢ়ীয়ে নিজেই নাখায় মাধৱদেৱক খুৱাইছিল ৷ আহাৰ গ্ৰহণ কৰাৰ পাছত, বুঢ়াৰ সহযোগত গাঁৱৰ কেইজনমান লোক লগ হৈ সেই ঠাইত এটা নামঘৰ স্থাপনৰ কথা কয় আৰু গুৰুজনাই নিজৰ পৰিচয় দিয়ে ৷ ৰাইজে গুৰুজনাৰ ওচৰত মূৰ দোঁৱাই সন্মতি প্ৰকাশ কৰে ৷ যি ঠাইত গুৰুজনাই ভোজন কৰিছিল, সেই ঠাইত বৰগছৰ তলত খুটি মাৰি বন্তি প্ৰজ্বলন কৰি নামঘৰ ভাগ স্থাপন কৰে ৷
মাধৱদেৱে প্ৰজ্বলন কৰি যোৱা সেই বন্তি গছি বৰ্তমানেও জ্বলি আছে ৷ প্ৰায় ৪৮৫ বছৰ একেৰাহে জ্বলি থকা বন্তিগছিয়ে বৰ্তমান India Book of Records আৰু Asian Book of Records-ত স্থান লাভ কৰিছে ৷
এই বৰনামঘৰত নিতৌ পুৱাৰে পৰা আৰম্ভ হয় নাম-প্ৰসংগ আৰু ৰাজ্যখনৰ ওপৰিও দেশী-বিদেশী পৰ্যটকে অংশগ্ৰহণ কৰে ৷ বিশেষকৈ ভাদ মাহত নামঘৰৰ আশে-পাশে এক উৎসৱমূখৰ পৰিবেশে বিৰাজ কৰে ৷ শেহতীয়াকৈ ‘অসম পৰ্যটন’ বিভাগে এটা অতিথিগৃহ স্থাপন কৰি নামঘৰটি পৰ্যটন মানচিত্ৰত স্থান দিছে ৷ বিশেষকৈ ঢেঁকীয়াখোৱা বৰনামঘৰে অঞ্চলটোত সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টি কৰাত অৰিহণা যোগাই বৈষ্ণৱ-হিন্দু আৰু মুছলমান সকলক একতাৰ দোলেৰে বান্ধি ৰাখিছে ৷

xondhan-tourism-sept13-2

 xondhan-tourism-sept13-3

 

xondhan-tourism-sept13-1

xondhan-tourism-sept13-4

xondhan-tourism-sept13-5

xondhan-tourism-sept13-6

xondhan-tourism-sept13-7

xondhan-tourism-sept13-8

xondhan-tourism-sept13-9

– বিজিত দত্ত, যোৰহাট

ৱেবছাইট:http://bijitdutta.wordpress.com/

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.