জীৱন, মৃত্যু, বিচ্ছেদ ইত্যাদি

0

জীৱন

এটা যন্ত্ৰণাৰ উপনাম

এন্ধাৰৰ পৰাই আৰম্ভ হয় তাৰ যাত্ৰা

গৰ্ভৰ পৰা মৰিশালীলৈ অব্যাহত থাকে

সুখ, দুখ আৰু বিচ্ছেদৰ বোঁৱতী সুতি ৷

 

মৃত্যু

এটা সেউজীয়া উপত্যকা

যৰ পৰা আৰম্ভ হয়

নিখোজ হোৱাৰ নিসংগ যাত্ৰা ৷

 

বিচ্ছেদ

যন্ত্ৰণাত তিতি বুৰি উচুপি থাকে

দুখৰ প্ৰতিটো হালধীয়া ৰাতি

কিবা পাবলৈ শিকোতেই আমি

হেৰুৱাবলৈ শিকো অন্য কিবা

সকলোৱে এদিন হেৰুৱাই পেলাম

মোৰ পৰা মোক

কান্ধত হালধীয়া ভাৰ বান্ধি

ৰৈ থাকিব আমাৰ ভৱিষ্যত

বিচ্ছেদৰ প্ৰতিটো উজাগৰী নিশা ৷

– ম’বাইল : ৯৭০৬৮৩২১৪৯

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.