চিৰিয়াত ৰুছ বাহিনীৰ শেহতীয়া অভিযান : উকমুকনি নেকি বিশ্বত দ্বিতীয় শীতল যুদ্ধৰ ?

0

এইয়া অতি দুৰ্ভাগ্যজনক যে শেহতীয়াকৈ ভ্লাডিমিৰ পুটিনৰ ৰুছ বাহিনীয়ে চিৰিয়াত যে মানৱতাৰ শত্ৰু তথা বিশ্বৰ সকলোতকৈ নৃশংস সন্ত্ৰাসবাদী সংগঠন আইছিছক ছত্ৰভংগ দিবলৈ বাধ্য কৰিছে, সেই কথা সম্প্ৰচাৰ কৰিবলৈ ৰহস্যজনকভাৱে নিৰৱতা অৱলম্বন কৰিছে পশ্চিমীয়া সংবাদ মাধ্যম তথা আমাৰ দেশৰ সংবাদ মাধ্যমে ৷ এইয়া হৈছে শীতল যুদ্ধৰ পিছত আৰু ছোভিয়েটৰ পতনৰ পিছত ৰাছিয়াৰ প্ৰথমটো বৃহৎ সামৰিক অভিযান ৷ আজি কিছুদিনৰ আগলৈকে ইলেক্ট্ৰনিক মেডিয়াৰ পৰা আদি কৰি ছ’ছিয়েল নেটৱৰ্কিং চাইটলৈ সকলোতে আইছিছৰ নৃশংসতাৰ দৃশ্যই সকলোতে শিহৰিত কৰি ৰাখিছিলে ৷ আজি অতবছৰে যে সন্ত্ৰাসবাদ দমনৰ নামত বিশ্ববাসীক এখন নাটক উপহাৰ দি নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰা মাৰ্কিন বাহিনীয়ে যে ৰাছিয়াৰ এনে স্থিতিত থৰকাচুটি হেৰুৱাইছে সেইয়া নিশ্চিত আৰু এনে বাতৰি সম্প্ৰচাৰেৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বহতীয়া সংবাদ মাধ্যমসমূহে যুক্তৰাষ্ট্ৰৰ ভাৱমূৰ্ত্তী বিনষ্ট হ’ব পৰা কোনো কাৰ্য্যই নকৰে ৷ আমেৰিকাত কাৰোবাৰ ঘৰত সাধাৰণ চুৰি কাৰ্য্য এটিও সংঘটিত হ’লে ব্ৰেকিং নিউজ আকাৰত সম্প্ৰচাৰ কৰা ভাৰতীয় সংবাদ মাধ্যমে আমাৰ দেশৰ বিপদৰ বন্ধু ৰাছিয়াৰ এনে পদক্ষেপক সম্প্ৰচাৰ নকৰাতো অতিশয় দুৰ্ভাগ্যজনক ৷ যি কাম মাৰ্কিন বাহিনী তথা নাটো বাহিনীয়ে ইমানদিনে সম্ভৱ কৰিব পৰা নাছিলে , সেই কাম মাত্ৰ দহ দিনতে সম্ভৱ কৰি ৰুছ বাহিনীয়ে প্ৰকাৰন্তেৰে এই কথা প্ৰমান কৰি দেখুৱালে যে বিশ্বৰ ৰাজনীতি অকল আমেৰিকাৰ হাতৰ মুঠিত নহয় ৷ কাৰণ ৰাছিয়া নিজেও সন্ত্ৰাসবাদত আক্ৰান্ত আৰু আইছিছৰ দৰে সন্ত্ৰাসবাদীয়ে ভৌগোলিক সীমা অতিক্ৰমি ৰাচিয়া ভূখণ্ডত প্ৰৱেশ কৰাৰ সুযোগ পোৱাৰ পূৰ্বে এনেবোৰ অপশক্তিক পুলি পোখা নিৰ্মূল কৰাৰ বাবে ৰুছ বাহিনী বদ্ধপৰিকৰ , আমেৰিকাৰ দৰে সন্ত্ৰাসবাদীক সমুলাঞ্চে উৎখাত নকৰি নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে সন্ত্ৰাসবাদৰ জুইকুৰাক উমি উমি জ্বলাই ৰখাৰ দৰে পন্থাৰ পক্ষপাতী নহয় ৷ তদুপৰি শেহতীয়া পদক্ষেপৰ দ্বাৰা ৰুছ বাহিনীয়ে এই কথাও প্ৰমান কৰি দিলে যে ৰাজনৈতিক হিচাব নিকাচৰ পৰিৱৰ্তে সদিচ্ছা থাকিলে অপশক্তিক সমুলাঞ্চে উৎখাত কৰিবলৈ এক মূহুৰ্ত সময়ও নালাগে ৷ কিয়নো, সন্ত্ৰাসবাদ দমনৰ নামত দুমুখীয়া নীতি গ্ৰহন কৰা আমেৰিকাই কৈ আহিছিলে যে পদাতিক বাহিনীৰ অভিযান অবিহনে আইছিছক উৎখাত কৰা একপ্ৰকাৰ অসম্ভৱ আৰু আনফালেদি চিৰিয়াৰ সেনা বাহিনীকো সহায় কৰাৰ প্ৰতি অপৰাগতা প্ৰকাশ কৰি আহিছিলে ৷ কিন্তু তেনে এক সময়তে ৰাছিয়াই আছাদ বাহিনীক বিশ্বাসত লোৱাৰ লগতে সন্ত্ৰাসবাদীৰ ঘাটিত মোক্ষম আঘাট হানিবলৈ সক্ষম হৈছে ৷ ৰাছিয়াৰ এনে স্থিতিক ইৰাক আৰু চিৰিয়াৰ চৰকাৰেও সমৰ্থন কৰিছে , কাৰণ ৰাছিয়াৰ এনে সঁহাৰিৰ পিছত তেওঁলোকেও ৰুচ বাহিনীৰ সহযোগিতাত শক্তি বৃদ্ধিৰে এই সন্ত্ৰাসবাদীহতৰ বিপক্ষে অভিযান তীব্ৰতৰ কৰাৰ সুযোগ পাইছে ৷ এই কথা অনস্বীকাৰ্য যে পূৰ্বৰে পৰা আৰু প্ৰধানকৈ শীতল যুদ্ধৰ সময়ত শান্তি প্ৰতিষ্ঠা কৰাৰ চলেৰে কোনো দেশৰ বিৰুদ্ধে যুদ্ধ ঘোষনা কৰা আমেৰিকাৰ মূল চৰিত্ৰ আছিল সেই সময়ত তেনেবোৰ দেশত বৰ্তী থকা ছোভিয়েট সমৰ্থিত চৰকাৰবোৰ উৎখাত কৰা আৰু মাৰ্কিন আজ্ঞাবাহী পুতলা চৰকাৰ প্ৰতিষ্ঠা কৰা ৷ ইয়াৰ অন্যতম উদাহৰণ হ’ল ছোভিয়েট সমৰ্থিত নাজিবুল্লাৰ চৰকাৰক উৎখাত কৰাৰ নামত আফগানিস্তানত তালিবান সন্ত্ৰাসবাদীক সমৰ্থন জনাই দেশখনক মধ্যযুগলৈ গতি কৰোৱালে , অথচ নাজিবুল্লাৰ উদাৰ নীতিয়ে দেশখনত বহুতো পৰিবৰ্তন আনিবলৈ সক্ষম হৈছিলে ৷ আনহাতে সেই সময়্ত খাৰুৱা তেলৰ আন্তৰ্জাতিক বজাৰত ৰাছিয়াৰ প্ৰভাৱ হ্ৰাস কৰাৰ উদ্দেশ্যে আৰৱ বিশ্বৰ তেল উৎপাদনকাৰী দেশসমূহৰ সৈতে সহযোগীতা বৃদ্ধি কৰে আৰু তেনে এক সময়তে যাতে আৰব বিশ্বৰ দেশসমূহে খাৰুৱা তেলৰ আকুন্ঠ ভৰালেৰে বিশ্বৰ এক অন্যতম অৰ্থনৈতিক শক্তি ৰূপে মুৰ দাঙি উঠিব নোৱাৰে , তাৰ বাবে তেনেবোৰ দেশত ৰোপন কৰিবলৈ লয় সন্ত্ৰাসবাদ, ধৰ্মীয় মৌলবাদ , ইত্যাদিৰ বিষাক্ত বীজসমূহ, যাৰ কুফল আজিও বিশ্ববাসীয়ে ভুগি থাকিব লগা হৈছে ৷ যোৱা শতিকাৰ অন্যতম দীঘলীয়া ভয়ংকৰ ইৰাক-ইৰানৰ যুদ্ধও আমেৰিকাৰ প্ৰৰোচনাতে হোৱা বুলি বহু চিন্তাবিদে মত পোষন কৰে ৷ আজি বিশ্বত সন্ত্ৰাসবাদে যেনেদৰে ভয়ংকৰ ৰূপ লৈছে , দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা অৰ্থাৎ ১৯৪৫ চনৰ পৰা ১৯৮৯ চনলৈ বিশ্বৰ ৰাজনীতিত এনে ভয়ংকৰ ঘটনা দেখিবলৈ পোৱা নগৈছিল , কিয়নো সেই সময়ত বিশ্বৰ দুই মহাশক্তিৰ বাবে বিশ্বত এক সন্তুলিত তথা সুস্হিৰ পৰিবেশ বৰ্তি থকাৰ হেতুকে আৰু সেই সময়ত ছোভিয়েট ইউনিয়নে পশ্চিমীয়া পুঁজিবাদী ৰাষ্ট্ৰসমূহৰ অগ্ৰাসনৰ পৰা তৃতীয় বিশ্বৰ দেশসমূহক ৰক্ষা কৰি আহিছিলে বাবে বিশ্ববাসীয়ে প্ৰায় শান্তিৰে দিন পাৰ কৰিছিলে ৷ ওচৰা ওচৰিকৈ দুখন বিশ্বযুদ্ধৰ অভিশাপ বিশ্ববাসীয়ে মুৰপাতি লোৱাৰ পিছতো কিন্তু ১৯৪৫ চনৰ পৰা আজিৰ দিনলৈ বিশ্ববাসীয়ে এক দীঘলীয়া সময়ৰ বাবে অন্য এখন বিশ্বযুদ্ধৰ অভিশাপৰ পৰা হাত সাৰিব পাৰিলে ৷ আনহাতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো যুঁজাৰু ৰুছ জাতিয়ে তথা ছোভিয়েট ৰাছিয়াৰ ৰেড আৰ্মিয়েহে হিটলাৰৰ নাজী বাহিনীৰ কঁকাল ভাঙি দিবলৈ সক্ষম হৈছিলে (যদিও মিত্ৰ শক্তিৰ উমৈহতীয়া অৱদান আছিল, তথাপিও ৰাছিয়াৰ ভূমিকা আছিল অধিক) ৷ কিন্তু ছোভিয়েটৰ পতনৰ পিছত বিশ্বত একছত্ৰী সম্ৰাট হৈ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ঘৃণনীয় ৰাজনীতিৰ বাবে বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰি আহিব লগা হৈছে সন্ত্ৰাসবাদ তথা বিভিন্ন ৰক্তপাত ৷ আনহাতে মধ্যপ্ৰাচ্য , আফগানিস্তান আদি শিপাই থকা সন্ত্ৰাসবাদত যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰোক্ষ হাত আছিলে সেইয়া লাহে লাহে স্পষ্ট হ’বলৈ ধৰিছে ৷ এনে এক সন্ধিক্ষনত বিশ্বৰ বহুতো চিন্তাবিদে মত পোষন কৰি আহিছিলে বিশ্বত সন্তুলিত পৰিবেশ বৰ্তাই ৰাখিবলৈ অন্য এক মহাশক্তিৰ প্ৰয়োজনীয়তাৰ কথা আৰু যি শূন্য ঠাই পূৰ কৰিবলৈ এতিয়া সকলোৱে ৰাচিয়াৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছে ৷ কিন্তু শীতল যুদ্ধৰ পিছত তথা ছোভিয়েটৰ পতনৰ পিছত শেহতীয়াকৈ পুনৰ বিশ্বত নিজৰ শক্তি প্ৰতিষ্ঠা কৰাৰ দিশত অগ্ৰসৰ হৈছে ৰাচিয়া ৷ ৰাছিয়াৰ শেহতীয়া পদক্ষেপসমূহে এনে ইংগিতেই বহন কৰা যেন লাগিছে ৷ কাৰণ মাৰ্কিন নেতৃত্বত নাটো বাহিনীয়ে শেহতীয়াকৈ ইউৰোপত নিজৰ স্থিতি যেনেদৰে দৃঢ় কৰিবলৈ লৈছে, নাটোৰ এই সন্মিলিত বাহিনীৰ কিন্তু মূল লক্ষ্য যে ৰাছিয়ে তাত হয়তো কাৰো দ্বিমত নাই ৷ সেয়েহে পশ্চিমীয়া শক্তিৰ প্ৰতি এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰাৰ বাবে পুটিনৰ বাহিনীয়ে যেন এই সুৱৰ্ণ সুযোগ এৰি দিয়াৰ পক্ষপাতী নহয় ৷ ছোভিয়েটৰ পতনৰ পিছত কিছু বছৰলৈ বিশ্বৰ ৰাজনীতিত ৰাছিয়াৰ প্ৰভাৱ কিছু পৰিমানে স্তিমিত হৈ পৰিছিলে ৷ কিন্তু ২০০০ চনত প্ৰথমবাৰৰ শাসনলৈ আহিয়ে পুটিনে নিজৰ নেতৃত্ব বহনকাৰী গুণৰ বাবেই পুনৰ দেশখনক এক গতি প্ৰদান কৰিবলৈ সক্ষম হয় আৰু যি গতি অদ্যপী বৰ্তী আছে ৷ ইউক্ৰেইনৰ ক্ষেত্ৰতো হস্তক্ষেপৰ দ্বাৰা ৰাছিয়াই পশ্চিমীয়া শক্তিলৈ এক বাৰ্তা প্ৰেৰণ কৰি এই কথা প্ৰমান কৰি দিব বিচাৰিছে যে এতিয়া বিশ্বৰ ৰাজনীতিৰ ভাগ্যনিয়ন্ত্ৰা অকল মাত্ৰ আমেৰিকাই নহয় ৷ আনহাতে ইউৰোপীয় ইউনিয়্নৰ বহুতো দেশেই নাটোৰ সন্মিলিত বাহিনীৰ অংশীদাৰ হ’লেও প্ৰয়োজনীয় ইন্ধন যোগানৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত ৰাছিয়াৰ ওপৰতেই নিৰ্ভৰশীল ৷

আশাকৰো, পূৰ্বৰ ছোভিয়েট ৰাছিয়াৰ দৰে বৰ্তমানে ৰাছিয়াই অনাগত দিনত পশ্চিমীয়া দেশসমূহৰ কু-চক্ৰান্তৰ পৰা বিশ্ববাসীক সুৰক্ষা দিবলৈ সক্ষম হব ৷ আনহাতে ভাৰত চৰকাৰেও আমেৰিকাৰ অধিক ওচৰ চপাৰ পৰিৱৰ্তে পুৰণি তথা বিপদৰ বন্ধু ৰাছিয়াকহে বিশ্বাসত লোৱাৰ প্ৰয়োজন ৰাছিয়াৰ এই সন্ত্ৰাসবিৰোধী যুঁজৰ অংশীদাৰ হোৱা প্ৰয়োজন ৷ ডিজিটেল ইণ্ডিয়াৰ স্বপ্নত বিভোৰ ভাৰতবাসীয়ে বিপদৰ বন্ধু ৰাছিয়াৰ অৱদানৰ কথা পাহৰিলে নহব , যাৰ হাতত ধৰিয়েই ভাৰতবৰ্ষই আজি মহাকাশ বিজ্ঞান , পৰমানু বিজ্ঞান আদিকে ধৰি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আজিৰ পৰ্যায়ত উপনিত হ’ব পাৰিছে বুলি ক’লেও ভুল কোৱা নহয় ৷ এজন শক্তিশালী বিশ্বনেতাৰূপে ভ্লাডিমিৰ পুটিনে নিজৰ জয়যাত্ৰা অক্ষুন্ন ৰাখক আৰু বিশ্বত এক সন্তুলিত তথা সুস্থিৰ পৰিবেশ বৰ্তাই ৰাখিবৰ বাবে ৰাছিয়াক অন্য এক মহাশক্তিৰূপে উপস্থাপন কৰি দেশখনৰ পূৰ্বৰ গৰিমা অক্ষুন্ন ৰাখক ৷ এইয়া যেন উকমুকনি বিশ্বত দ্বিতীয় শীতল যুদ্ধৰ ৷ লেনিন, ষ্টেলিনৰ পিছত এইবাৰ যেন পুটিনে এনে সংকটকালত বিশ্ববাসীক নেতৃত্ব দিবলৈ আগবাঢ়িছে ৷

ডা° বিৰাজ কুমাৰ শৰ্মা

মাৰফৎঃ শ্ৰী নব কুমাৰ শৰ্মা

ঠিকনাঃ চাংসাৰী (সেনা চাউনীৰ ওচৰত)

পোঃঅঃ চাংসাৰী

জিলাঃ কামৰূপ (অসম)

ফোনঃ ৯৮৬৪৭-৪৩০৩৪

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.