চিঠি: আগষ্ট, ২০১৪

0

প্ৰতি
মনোহৰ দা,

স্নেহ আৰু শ্ৰদ্ধা নিবেদিলো ৷ চিঠি নিলিখা বহু বছৰ হ’ল ৷ এটা সময় আছিল প্ৰেম পত্ৰই হওক বা আন পত্ৰই হওক খুব লিখিছিলো ৷ এইসময়ত দেৱৰাজ কলিতা আৰু সাৰদা শ্ৰেষ্ঠাৰ চিঠিৰ প্ৰতিটো শব্দই ভাবুক কৰি তুলিলে ৷ যন্ত্ৰণাক হাঁহিৰে মোকাবিলা কৰা মানুহবোৰ মোৰ বাবে বৰ সাঁথৰ ৷ কেনেকৈ পাৰে হাঁহিব? কেনেকৈ যুঁজে ৷ ক’ত পাই সেই অমোঘ শক্তি ? মই মাজে মাজে দেখোন হতাশ হৈ পৰো ৷ ঠিক এই গল্পটোৰ দৰে – ফিটা:

এয়া আকাশবাণী গুৱাহাটী ৷ এটা মৃদু কন্ঠস্বৰ ৷ সি আকৌ এবাৰ পকাই দিলে চেনেলটো ৷ মাজে মাজে খৰ্ খৰ্ শব্দ কিছুমান হ’ল ৷ মাজে মাজে গান ৷ ক’ৰবাত আকৌ বুজি নোপোৱা ভাষাৰ দুই এটা অনুষ্ঠান ৷ গল্প বিচাৰি আঙুলি ফাঁকেৰে সময় খেদিছে স্পন্দনে ৷ নীলেশ মিশ্ৰৰ গল্প বিছাৰি টিউন কৰি যাব যেন সি প্ৰতিটো চেনেল ৷ কিন্তু কি হ’ব ! আজি যেন নীলেশ মিশ্ৰইও বিশ্বাসঘাটকতা কৰিছে তাৰ লগত ৷ ধুলি পৰিবলৈ নিদিয়া ৰেডিঅ’টো আকৌ …….

এমাহ মানেই হ’ল ৷ ফৰ্মেল পেন্ট দুটাকে উৰাই ঘুৰাই পিন্ধি থকা ৷ উপাই নাই আচলতে ৷ সেই দুটাকে আজুৰি আজুৰি আমনিও লাগিছে ৷ নতুন কাম ৷ অলপ ফিটফাট নহ’লে নজমে ৷ গ্ৰুমিঙৰ ওপৰত গুৰুত্ব নিদিলেও নহয় ৷ জিন্স দুটা থকাত আছে ৷ ধোবাৰ হাতৰ পৰশ নপৰিলেও ধেলা চাবোনৰে ধুই চিকচিকিয়া কৰি থোৱা বগা কটন চাৰ্ট এটাও আছে তাৰ ৷ তথাপি সেই দুটা পেন্টৰেই কাম চলাইছে সি ৷ সিদিনা মঞ্জু বাইদেৱেও ক’লে আনকি ৷ হেৰ’ – কাপোৰ নাই নেকি তোৰ ? হাঁহি উৰাই দিলেও মনে মনে আত্মদহনত অলপ হ’লেও জ্বলিল সি ৷

হঠাৎ ৰেডিঅ’ত নীলেশ মিশ্ৰ ৷ কান্দিছে নেকি বাৰু ! আনক কন্দুওৱা নীলেশ মিশ্ৰই কান্দিছে ৷ গল্পটো বৰ জীৱন্ত হৈ পৰিছে ৷ নীলেশ মিশ্ৰৰ হাতত পাঁচটকীয়া মুদ্ৰা এটা ৷ নীলেশৰ হেনো দোকানত বাকী, পাচলি বজাৰ নকৰাও হেনো বহুদিন হ’ল, মোবাইলত বেলেন্স, বাইকত তেল নোহোৱা হ’ল ইত্যাদি ইত্যাদি ৷ নীলেশ অলপ হতাশ হৈছে ৷ সপোনৰ দৌৰত যেন মৰিচীকাহে ৷ নীলেশ ৰেডিঅ’ জকি ৷ বেচ পপুলাৰ ৷- পাঁচ টকাত কি পায় ? ভোক নে সপোন ? নীলেশৰ ভোকটো পেটৰ পৰা মূৰ পাইছেহি ৷ ৰে’ল আহিছে গৈছে ৷ সিদিনা প্ৰদীপ্ত দাই সুধিছিল ৷ টকা কেটামান দিম নেকি ? সি না কৰিলে ৷ সহায় আৰু সঁহাৰিৰেই সি আজি ইয়াত ৷ সহায় ভিক্ষাৰেই সি আজি সি হৈছে ৷ নহ’লে সপোন হত্যা কৰি বিক্ৰী কৰি ফুৰিলেহেঁতেন ছিম কাৰ্ড কিম্বা বিবেক ৷ কোনেও চিনি নাপালে হেঁতেন তাক ৷ প্ৰশ্নও নাহিল হেঁতেন পাঁচ টকাৰ ৷ তাৰ ভোকৰ ৷ নীলেশৰ চকু পৰিল – মানসিক বিকাৰগ্ৰস্ত মানুহ এজনে এজন ভদ্ৰ লোকে এৰি যোৱা ৰুটিৰ টুকুৰাটো মাংসৰ জোলত ভিজাই জিভা তৃপ্ত কৰিছে ৷ এক মুহুৰ্তৰ বাবে ভোকতকৈ প্ৰাধান্য পালে পঞ্চাশোৰ্ধৰ মানুহজনে ৷ ভদ্ৰলোকজন আগবাঢ়ি গ’ল দোকানখনলৈ ৷ ৰুটি আৰু মাংস কিনি মানুহজনক দিলে ৷ ভদ্ৰ লোকজন আঁতৰি যোৱাৰ পিছত নীলেশৰ ভোকটো আকৌ উজাই আহিল ৷ সিও যে ভোকাতুৰ, সিও যে খোৱা নাই ৷ তফাৎ এটাই সি সমাজলৈ ভয় কৰে আৰু মাংসৰ বাটিত তৃপ্তিৰ চেলেক মৰা জনে নকৰে ৷ কাকো বুজাব নোৱাৰা এক গল্প কৈ নীলেশে সেয়ে কান্দিছে ৷ এইটো সঁচাকৈয়ে নীলেশৰ গল্পনে ? স্পন্দনে ঢপকৈ ৰেডিঅ’টো বন্ধ কৰি দিলে ৷ আজি সি জিন্স পিন্ধিব ৷ ভাতৰ কুকাৰটো জুমি চালে ৷ কেটামান ভাত কুচিমুচি তলতে পৰি আছে ৷ অলপ সেউজীয়া চামনি এটাও স্পষ্ট হৈছে ৷ কুকাৰটোত লাহেকৈ পানী অলপ ঢালি জিন্স প্ৰসংগলৈ বাট বুলিলে ৷ জিন্সৰ লগত ফৰ্মেল জোতাযোৰ পিন্ধি বহুৱা হোৱাৰ বাদে আন একো নহ’ব ৷ বিশেষকৈ তাৰ জোতাযোৰ একেবাৰে নিমিলে ৷ সি আলনা ডালত ধুলি সাবতি বহি থকা জোতাযোৰ হাতত তুলি ল’লে ৷ ফিটাডাল চিগিছে ৷ জোতাযোৰ উডলেণ্ড কোম্পানীৰ ৷ ফিটাডালত গাঁঠি মৰাৰ ব্যৱস্থা চকুত নপৰিল তাৰ ৷ জিন্সটো খুলি আকৌ পিন্ধি ল’লে সেই বাদামৰঙী চাৰ্ট আৰু বগা ফৰ্মেল পেন্টটো ৷ মঞ্জু বাইদেউ দুদিনমান হেনো ছুটীত আছে ৷৷৷

সময়ৰ বৰ অভাৱ তাৰ মাজতো লিখাৰ হেঁপাহ সামৰিব নোৱাৰিলো ৷ দেৱৰাজ কলিতা দাক লগ পোৱাৰ প্ৰবল হেঁপাহ এটাই উকমুকাইছে ৷ লগ পালে কৃতাৰ্থ হ’ম ৷ জীৱন -তোক ময়ো ভাল পাওঁ অ’ ৷
মৰমেৰে
ৰাজু
গুৱাহাটী

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.