চলচিত্ৰ সংবাদ

1

‘ৰ’দ’এ ৰ’দ দিব নোৱাৰিলে:

ৰ’দ চালো৷ কিন্তু ভাল নালাগিল৷ অৰ্থাৎ ৰ’দে ৰ’দ দিব নোৱাৰিলে৷ যিখন ৰ’দৰ আশা কৰি আমাৰ অসমীয়া দৰ্শকসকল ছবিঘৰলৈ আহিছিল সেইখন ৰ’দে কিন্তু দৰ্শকসকলক নিৰাশ কৰিছিল৷ অকল নিৰাশ কৰাই নহয়, ছবিঘৰত থকা সময়খিনিত দৰ্শকক ছবিখনে আমুৱাইছিলো৷ প্ৰথম কথা, ছবিখনৰ কাহিনীভাগ একেবাৰে দুৰ্বল৷ দুৰ্বল কাহিনী এটিক চেলুলয়ডত উপস্থাপন কৰাত সম্পূৰ্ণৰূপে অসফল হ’ল পৰিচালক৷ লগতে ছবিখনৰ চৰিত্ৰসমূহেও কাহিনীৰ দুৰ্বলতাক যেন ঢাকিব পৰা নাই৷ ছবিখনৰ আৰম্ভনিতে যিধৰণে কাহিনীভাগ আগবাঢ়িছিল কিন্তু পিছৰ পৰ্য্যায়ত দেখা গ’ল কাহিনীটো বহু জোৰা-টাপলি মাৰিহে শেষ কৰিব লগা হ’ল৷  য’ত কাহিনীবিন্যাসত পৰিচালকে গুৰুত্ব দিয়া দেখা পোৱা নগ’ল৷ ‘ৰ’দ’ ছবিখনেৰে অসমীয়া ছবিজগতত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা গৌতম বৰুৱা কিন্তু বহু কেইখন ভিচিডি ছবি পৰিচালনাৰে অভিজ্ঞতাপুষ্ট এগৰাকী পৰিচালক৷ তথাপিও যেন গৌতম বৰুৱাই ভাল ছবি এখন দৰ্শকক উপহাৰ দিব নোৱাৰিলে, যিটো দৰ্শকে তেখেতৰ পৰা বিচাৰিছিল৷ অৱশ্যে ৰ’দৰ কাহিনীটোও পৰিচালকৰ নিজৰেই৷ যিহেতু ছবি এখনৰ ভাল-বেয়া অথবা সফল-অসফল নিৰ্ভৰ কৰে ছবিৰ কাহিনীটোৰ ওপৰত৷ গতিকে প্ৰথমাৱস্থাতেই ছবি এখন পৰিচালনা কৰিবলৈ গৈ কাহিনী নিৰ্বাচনত মাৰ খালে পৰিচালক গৌতম বৰুৱাই৷ তাৰোপৰি ‘ৰ’দ’ ছবিখনে ৰ’দ সম্পৰ্কে কি ক’ব বিচাৰিলে সেইটো ছবিখনত স্পষ্ট ৰূপত প্ৰকাশ নাপালে সেয়াও পৰিচালকৰ একপ্ৰকাৰ ক্ৰটি বুলিয়েই ক’ব লাগিব৷

ছবিৰ নায়ক-নায়িকা উৎপল দাস, দিগন্ত হাজৰিকা আৰু মুনমী ফুকনৰ অভিনয় একেবাৰে দুৰ্বল হৈছে৷ নায়ক উৎপল দাসে ছবিৰ আৰম্ভনিৰ পৰা শেষলৈকে এক মন বিভ্ৰান্তিত ভোগা(Psycho) যুৱক এজনৰ চৰিত্ৰত অভিনয় কৰা যেন লাগিল৷ ছবিখন চাই থকা সময়ত এনে লাগিল উৎপল দাসে নিজৰ অভিনয়ৰ জঠৰতা এতিয়াও ভাঙিব পৰা নাই৷ চেহেৰা সুলভ ছবিৰ আন এজন নায়ক দিগন্ত হাজৰিকাৰ সংলাপ প্ৰক্ষেপণৰ জোৰ একেবাৰে কম৷ আনহাতে ছবিৰ নায়িকা মুনমী ফুকনৰো অভিনয় ছবিখনত ভাল বুলি ক’ব পৰা নাযায়৷ তাৰোপৰি নায়িকা হিচাপে অসমীয়া ছবিজগতত আত্মপ্ৰকাশ কৰা মনালী বৰদলৈক জিৰণি (Interval)ৰ পিছৰ নায়িকাহে৷ দুৰ্বল অভিনয় আৰু নিম্ন মানৰ সংলাপ প্ৰক্ষেপণেৰে  মনালী বৰদলৈ পিছলৈ অভিনেত্ৰী হিচাপে নিজকে ছবিজগতত প্ৰতিষ্ঠা কৰিব পাৰে নে নোৱাৰে সেয়া সন্দেহ আছে৷ লগতে প্ৰযোজক তপন বৰদলৈও অভিনেতা হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ গৈ অভিনয়ৰ জঠৰতা ভাঙিব পৰা নাই৷ বাকীবোৰ যেনে জয়ন্ত ভাগৱতী, হিৰণ্য ডেকা, ভগৱৎ প্ৰীতম আদিৰ অভিনয় সঠিক হৈছে বুলিব পাৰে৷

ছবিখনৰ দৃশ্যায়নসমূহ খুব সুন্দৰ হৈছে সেইটো কিন্তু পৰিচালকক স্বীকাৰ কৰিব লাগিব৷ কেনন ফাইভ ডি কেমেৰাৰে হিমাচল প্ৰদেশৰ মানালিৰ মনোমহা ঠাইত গীতৰ দৃশ্যাংশৰ লগতে নাটকীয় সংলাপো চিত্ৰায়ণ কৰা হৈছে৷ সেয়া ছবিখনৰ এক উল্লেখনীয় দিশ৷ অৱশ্যে সুন্দৰ দৃশ্যায়নত পৰিচালকে গুৰুত্ব দিয়া দেখা গৈছে৷ ছবিখনৰ টেকনিকতো পৰিচালকে গুৰুত্ব নিদিয়া নহয়৷ তথাপিও ছবিখনত বহু দোষ-ক্ৰটি ৰৈ গৈছে৷ ছবিখনত দেখুওৱা দুই এটা গীতৰ ব্যৱহাৰো অপ্ৰয়োজনীয় হৈছে৷ তাৰোপৰি ছবিখনৰ মাজতে জয়ন্ত ভাগৱতীয়ে গুৱাহাটীলৈ আহি বাটত অটোচালক হিৰণ্য ডেকাক লগ পোৱা ছিকুৱেন্সটো অপ্ৰয়োজনীয়ভাৱে দীঘলীয়া হোৱাৰ লগতে বাহুল্যও হৈছে৷ সেয়া পৰিচালকৰ ভাল ট্ৰিটমেন্টৰ অভাৱ৷ আচলতে আমাৰ ছবি পৰিচালকৰসকলে এটা কথা গুৰুত্ব দিয়া উচিত যে ছবি এখন পৰিচালনা কৰাৰ আগতে তেওঁলোকে চিনেমা সম্পৰ্কে বহু অধ্যয়ণ কৰাৰ প্ৰয়োজন আছে৷ যি কি নহওঁক মুঠৰ ওপৰত ‘ৰ’দ’ ছবিখনে দৰ্শকক ভাল ছবি এখন দেখুওৱাত ব্যৰ্থ হ’ল৷ ক’ব পাৰি যে গৌতম বৰুৱাৰ ৰ’দে অসমীয়া দৰ্শকক ৰ’দ দিব নোৱাৰিলে৷

অহা ৩০ নৱেম্বৰত মুক্তি পাব ‘আকাশ চুবলৈ মন’

অহা ৩০ নৱেম্বৰত অসমৰ ৩৫ টা চিত্ৰগৃহত একেলগে মুক্তি পাব নবাগত পৰিচালক মানস হাজৰিকাৰ পৰিচালনাৰে ‘আকাশ চুবলৈ মন’৷ কেইজন মান বন্ধু-বান্ধৱীৰ এক মননশীল কাহিনীৰ ওপৰত নিৰ্মিত ‘আকাশ চুবলৈ মন’ প্ৰযোজনা কৰিছে শ্বিলঙৰ যুৱ প্ৰযোজক কমল বৰ্মনে৷ ছবিখনত অভিনয় কৰিছে – জেফি বক্সী, আৰ. জে. সমীৰ, নীল, নৱাগত অপৰূপা শইকীয়া, তনুশ্ৰী বৰুৱা৷ লগত আছে জয়ন্ত দাস, হিৰণ্য ডেকা, বাণী দাস, ভাৰ্গৱ কটকী, পংকজ শৰ্মা, ৰীণা বৰা, লিপিকা বৰা মেধি, তনুজা চেতিয়া আদিয়ে৷ শ্বিলঙৰ নন্দন কানন ভূঞাৰ সংগীতত কন্ঠ নিগৰাইছে ৰাজজ্যোতি কোঁৱৰ, দীক্ষু, চাজু, ৰূপম ভূঞা আৰু কুইন হাজৰিকাই৷ আশা কৰিব পাৰি মানস হাজৰিকাৰ পৰিচালনাত ‘আকাশ চুবলৈ মন’ এ দৰ্শকক এক বিশেষ মাত্ৰা প্ৰদান কৰিব৷

 

Share.

About Author

1 Comment

  1. ৰূপজ্যোতি কলিতা on

    নতুন চলচিত্ৰ সংবাদৰ বাবে আমি পাঠক সকল অপেক্ষাৰত…..

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.