চলচিত্ৰ সংবাদ : মে’-জুন সংখ্যা

0

সদানন্দ গগৈৰ “মনে মোৰ কইনা বিচাৰে”

অসমৰ প্ৰতিষ্ঠিত কন্ঠশিল্পী সদানন্দ গগৈৰ প্ৰথম পৰিচালনাত অসমৰ কেইবাটাও ছবিঘৰত ১৫ মাৰ্চ তাৰিখে শুভ মুক্তি লাভ কৰে “মনে মোৰ কইনা বিচাৰে” ছবিখন। জীৱন সঙ্গী বিচাৰি বিচিত্ৰ অভিজ্ঞতাৰ সন্মুখীন হোৱা দুজন যুৱকৰ কাহিনীয়েই হৈছে “মনে মোৰ কইনা বিচাৰে” ছবিখনৰ মূল আধাৰ। ড০ দিলীপ কুমাৰ দত্তৰ একে নামৰ কাহিনীৰ আধাৰত নিৰ্মাণ হোৱা ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছে যুটীয়াভাৱে ড০ দিলীপ কুমাৰ দত্ত আৰু সদানন্দ গগৈয়ে। ছবিখনৰ সংলাপ আৰু সংগীত পৰিচালকৰ নিজা। চিত্ৰগ্ৰহণ কৰিছে শিৱানন বৰুৱাই। “ইকো মটৰচ আৰু অটোমোবাইলছ” প্ৰাইভেট লিমিটেডৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে কুমাৰ গৌৰৱে। ছবিখনত সহকাৰী পৰিচালক হিচাপে আছে এনিশা শৰ্মা। ৰূপসজ্জা ভূমিকা তালুকদাৰৰ। অভিনয় কৰা শিল্পীসকলে- নীল দাস, ভাৰ্গৱ দাস, নিশিতা গোস্বামী, আইমী বৰুৱা, চেতনা দাস আদিয়ে। লগতে দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে স্বপ্ননীল বৰুৱা আৰু এনিশা শৰ্মাই। আশা কৰোঁ অসমীয়া দৰ্শকসকলে ছবিখন আদৰি ল’ব।

নৱনিৰ্মিত অসমীয়া ছবি “মমতাজ”

 প্ৰথিতযশা সাহিত্যিক চৈয়দ আব্দুল মালিকৰ বহু পঠিত গল্প “কাঠফুলা”ৰ আধাৰত নতুনকৈ নিৰ্মাণ হৈছে পুলক গগৈৰ পৰিচালনাত এখন অসমীয়া ছবি “মমতাজ”। ১৯৭৫ চনৰ ২৮ ফেব্ৰুৱাৰীত “খোজ” নামৰ ছবিৰে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা পুলক গগৈৰ নৱনিৰ্মিত ছবি “মমতাজ” হ’ব দৰ্শকৰ বাবে উপভোগ্য ভাল এখন অসমীয়া কথাছবি। দৰ্শকক সদায় ভাল ছবি উপহাৰ দি অহা পুলক গগৈয়ে তাৰপৰা আঁতৰি নগৈ “কাঠফুলা” গল্পটোৰ কিছু পৰিৱৰ্তন ঘটাই সময়ৰ লগত খাপ খোৱাকৈ নিৰ্মাণ কৰিছে “মমতাজ”। ইতিমধ্যে ‘মমতাজ’ৰ সম্পাদনা  সম্পূৰ্ণ হৈছে। বৰ্তমান চলি আছে ‘মমতাজ’ৰ সংগীত আৰু ডাবিঙৰ কাম। ছবিখনৰ মূখ্য চৰিত্ৰ দুটিত অভিনয় কৰিছে ভাৰ্গৱ দাস আৰু অনন্যা পৰাশৰে। আন চৰিত্ৰসমূহ ৰূপায়ণ কৰিছে- আব্দুল মজিদ, জয়ন্ত দাস, হিৰণ্য ডেকা, ঈশান হাজৰিকা, উপকূল বৰদলৈ, গুণ মহন্ত, অংশুমান ভূঞা, প্ৰদীপ বৰঠাকুৰ, মণি বৰদলৈ, ৰাতুল দাস, মনালি বৰদলৈকে আদি কৰি ন-পুৰণি শিল্পীয়ে। ‘মমতাজ’ৰ সংগীত পলাশ গগৈৰ। ছবিখনৰ বাবে গীত লিখিছে নৰুল হক। গৌতম শৰ্মা আৰু পলাশ গগৈয়ে। কণ্ঠদান কৰিছে ৰূপম ভূঞা, ৰোহিত সোণাৰ, আলবেলা খানম আৰু অমন আহমেদে। ছবিখনৰ দৃশ্যগ্ৰহণ প্ৰদীপ দৈমাৰীৰ। সম্পাদনা কৰিছে দিগন্ত খাউণ্ডে। সহকাৰী পৰিচালক ইন্দুমণি দাস আৰু সঞ্জীৱ বৰগোহাঞি। গুৱাহাটীতে চিত্ৰগ্ৰহণ কৰা ছবিখন অহা ৩০ আগষ্টত মুক্তি দিয়াৰ বাবে চিন্তা-চৰ্চা কৰিছে পৰিচালকে। ‘মমতাজ’ কোনো আৰ্ট বা কমাৰ্চিয়েল চিনেমা নহয়। পৰিচালক পুলক গগৈয়ে যথেষ্ট সচেতনতাৰে নিৰ্মাণ কৰা ছবিখনক এখন ভাল ছবি হিচাপে দৰ্শকক উপহাৰ দিব বিচাৰিছে।

– ভেংকম ভাৰ্জিন, গুৱাহাটী

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.