ক্ষন্তেকীয়া জীৱনৰ যুগমীয়া অৱদান

0

গণিতৰ ইতিহাস লুটিয়ালে আমি এটা কথা প্ৰত্যক্ষ কৰিব পাৰো যে বহুকেইজন প্ৰখ্যাত গণিতজ্ঞ জীৱনৰ ভৰ দুপৰীয়াতে অজান মলুকলৈ গুচি গৈছে ৷ সেইসকল মহামানৱৰ মাজৰে ভাৰতবৰ্ষৰ শ্ৰীনিবাস ৰামানুজন এনে এজন গণিতজ্ঞ, যিজনে মাথো ৩২ বছৰ বয়সতে ইহলীলা সম্বৰণ কৰে ৷ নিচেই ক্ষন্তেকীয়া জীৱন যাত্ৰাত তেওঁ গণিতৰ পথাৰখনত যিবোৰ বীজ ৰোপণ কৰি গৈছিল, সেইয়া আজি ফুলে-ফলে জাতিস্কাৰ হ’ব ধৰিছে ৷ তেখেতৰ ১২৫ তম জন্ম বাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে ২০১২ বৰ্ষটি ৰাষ্ট্ৰীয় গণিত বৰ্ষ হিচাপে ঘোষণা কৰে ৷ ক্ষন্তেকীয়া জীৱনকালতে গণিতৰ ইতিহাসত চিৰকাললৈ অমৰ হৈ ৰোৱা গণিতজ্ঞ সকলৰ ভিতৰত নিলছ্ হেনৰি এবেল অন্যতম ৷ তেওঁ মাত্ৰ ২৭ বছৰ বয়স পৃথিৱীত জীয়াই থাকি গণিতৰ ক্ষেত্ৰখনত নতুন যুগৰ পাতনি মেলিছিল ৷ তাক বুজাবলৈকে এজন কিংবদন্তি পুৰুষে মন্তব্য কৰিছে – “Abel has given mathematician plenty of work to do in the next 500 years” ৷

ইতিহাসৰ পাতত নিজৰ নাম সোনালী আখৰেৰে লিখি থৈ যোৱা আৰু দুজন গণিতজ্ঞ হৈছে বাৰ্ণহাৰ্ভ ৰিমাণ আৰু ইভাৰিষ্ট গেল’ৱা ৷ ৰিমাণৰ মৃত্যুৰ সময়ত বয়স আছিল দুকুৰি আৰু গেল’ৱাৰ ২১ বছৰ মাথো ৷ ৰিমাণে দি যোৱা গণিতৰ বহু সূত্ৰই এতিয়াও বহু তিখৰ গণিতজ্ঞক বিমোৰত পেলাইছে ৷ ইয়াৰে ভিতৰত Riemann’s Hypothesis উল্লেখযোগ্য ৷

অসমৰ গণিত বিভাগৰ প্ৰথমজনা ডক্টৰেট শ্ৰী শিৱেন্দ্ৰনাৰায়ণ বৰুৱাৰো মাত্ৰ ৪০ বছৰ বয়সতে মহাপ্ৰয়াণ ঘটে ৷ বৰুৱাদেৱে Fluid mechanics বিষয়ত ঐতিহ্যমণ্ডিত কেমব্ৰিজ বিশ্ববিদ্যালয়ত তেওঁৰ গৱেষণাৰ কাম সম্পন্ন কৰিছিল ৷ ১৯২৬ চনত গৌৰীপুৰত জন্ম গ্ৰহণ কৰা শিৱেন্দ্ৰনাৰায়ণ বৰুৱাই নিচেই কম বয়সতে পিতাকক হেৰুৱাইছিল ৷ ১৯৪২ চনত তেওঁ স্কুলীয়া শিক্ষা সমাপ্ত কৰি ১৯৪৬ চনত কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা স্নাতক আৰু ১৯৪৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷ ১৯৪৯ চনত বৰুৱাদেৱে গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰে ৷ তাৰ পাছতে ১৯৫৭ চনত Defence Science Organization-ত জেষ্ঠ বৈজ্ঞানিক বিষয়া হিচাপে, Institute of Armament Studies আৰু Mathematics and Ballistics Department-ৰ মূখ্য বৈজ্ঞানিক বিষয়া হিচাপে তেওঁৰ কৰ্মজীৱন আগবঢ়াই নিয়ে ৷ তাৰ কিছুদিন পাছতেই ১৯৬৪ চনৰ ৫ এপ্ৰিলৰ দিনা তেখেতৰ অকাল মৃত্যু ঘটে ৷ তেখেতৰ কোষগ্ৰন্থ ‘On some problem of Rotating Fluids’ক মূল হিচাপে লৈ বহু কেইজন মনীষিয়ে বহুতো অমূল্য প্ৰৱন্ধ ৰচনা কৰিছে ৷ তাৰ মাজৰে বহুতো আজিও ছপাশালৰ চাৰিবেৰৰ মাজতে আৱদ্ধ ৷

অতি সবল ব্যক্তিত্বৰ অধিকাৰী বৰুৱাদেৱ মৰমীয়াল প্ৰকৃতিৰ লোক আছিল ৷ সহপাঠীৰ প্ৰতি থকা তেখেতৰ সহানুভুতি, মৰম তেখেতৰ ব্যক্তিত্তৰ আন এটি যোগাত্মক দিশ ৷ কটন মহাবিদ্যালয়ৰ গণিত বিভাগৰ মূৰব্বী অধ্যাপক ড° দিলীপ শৰ্মা দেৱৰ ভাষাত তেওঁ ‘বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া’ ৷

সহায়: গণিত চ’ৰা (www.gonitsora.com) –ত প্ৰকাশিত ড° দিলীপ শৰ্মাৰ এটি প্ৰৱন্ধ ৷

মঞ্জিল প্ৰতিম শইকীয়া

আৰু

সুদৰ্শন নাথ,

গণিত বিজ্ঞান বিভাগ,

তেজপুৰ বিশ্ববিদ্যালয়

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.