কুইজ – ২

0

১) জেমচ অগ’ষ্টাচ হিক্কি নামৰ আইৰিচ লোকজনে পূৰ্বতে কাৰাবাস খাটিছিল, তেওঁ ২৯ জানুৱাৰী ১৭৮০ চন বৃটিছ শাসনাধীস্থ ভাৰতৰ ৰাজধানী কলিকতাত কি ঊদ্ভাৱন কৰিছিল?

২) নৃত্যবিধৰ নামৰ আক্ষৰিক অৰ্থ “সুন্দৰী তিৰোতাৰ নৃত্য”, নৃত্যবিধত এম্ব্ৰডায়ৰী কৰা, সোণালি বুটা বছা (যাক কছভো বুলি জনা যায়) শাৰী পিন্ধা হয়, নৃত্য বিধত ধ্ৰুপডী “হস্ত লক্ষণাদীপিকা”ক মানি চলা হয়, য’ত নৃত্যবিধৰ মুদ্ৰা সমূহৰ বৰ্ণনা কৰা আছে, নৃত্যবিধ কি?

৩) ই পৃথিৱীৰ একমাত্ৰ ঊৰণীয়া (ওপঙা) হ্ৰদ, শব্দৰূপ তত্বজ্ঞৰ মতে স্থানীয় ভাষাত ইয়াৰ অৰ্থ “দীৰ্ঘ ধাৰাৰ অন্ত”৷ ইয়াৰ জৈৱবৈচিত্ৰৰ সংৰক্ষণৰ বাবে ২৩ মাৰ্চ ১৯৯০ চনত ৰামচাৰ প্ৰতিনীধি সভাই ইয়াক আন্তৰ্জাতিক ভাবে গুৰুত্বপূৰ্ণ জলাহভূমি বুলি স্বীকৃতি দিয়ে, হ্ৰদটো কি?

৪) ১৮৮৯-১৯০১ চনত আৰ্থিক সমস্যাৰ মাজতো প্ৰায় ১নিযুত টকা ব্যয় কৰি ইয়াক “মহাৰাজ ৰাধা কিশোৰ মানিক্য”ই সাজিছিল, ইয়াক নামকৰণ কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে, আৰু ইয়াৰ পৰিকল্পনা কৰিছিল মেচাৰ্চ মাৰ্টিন এণ্ড কোম্পানীৰ চাৰ আলেকজেন্দাৰ মাৰ্টিনে, কাষতে আছে লক্ষ্মী নাৰায়ণ, ঊমা-মহেস্বৰী, কালি আৰু জগন্নাথৰ দৰে হিন্দু দেৱ দেৱীৰ মন্দিৰ, ইয়াৰ নাম কি?

৫) ফটো চাৰিখনৰ মাজত মিলতো ক’ত?

 

 

 

 

 

 

 

 

 

 

 

৬) ফুল বিধৰ নাম কি?

 

 

 

 

 

 

 

 

৭) ভাৰতলৈ এওঁৰ অৱদান কি?

 

 

 

 

 

 

 

 

 

 

 

৮) কোনখন সাম্ৰাজ্যৰ চিহ্ন আছিল?

 

 

 

 

 

 

 

 

৯) নৃত্য বিধৰ নাম কি?

 

 

 

 

 

 

 

উত্তৰ:

১) বেংগল গেজেট ২) মোহিনীনৃত্যম ৩) ল’কটক ৪) ঊজ্জয়ন্ত মহল ৫) ভাৰতীয় মিছাইল ৬) চিৰয় লিলি ৭) ভাৰতৰ জাতীয় পতাকাৰ আৰ্হি নিৰ্মাতা ৮) আহোম ৯) চেৰাউ নৃত্য

 

দীপজ্যোতি ডেকা

যোগাযোগ:৭৮৯৬৩৩৯১৫৩

ই-বাৰ্তা: [email protected]

http://onlyforinquizzitive.blogspot.com

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.