কুইজ: ২য় বৰ্ষ, ৩য় সংখ্যা

0

১) এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে প্ৰখ্যাত এই গৃহটো আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত ১৭৪৬ চনত স্বৰ্গদেও প্ৰমত্ত সিংহৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ কেন্দ্ৰীয় গাঁথনি চতুৰ্ভূজ আকৃতিৰ। দুই মূৰ আগবঢ়াই ট্ৰেপেজিয়ামৰ আকৃতি দিয়া হৈছে। সামগ্ৰিক ভাৱে ইয়াৰ গাঁঠনিয়ে এটা অষ্টভূজৰ ৰূপ লৈছে। ইয়াৰ চাল অৰ্দ্ধ-বৃত্তাকৃতিৰ, এটা ওভতাই থোৱা দীঘলীয়া আকৃতিৰ বাতিৰ দৰে। কিছুমান বৃহদাকৃতিৰ স্তম্ভ আৰু ধেনুভেৰীয়া গাঁঠনিয়ে চালখনক ধৰি ৰাখিছে। চূড়াত নিৰ্মাণ কৰা মগৰমুখী নাওৰ আকৃতিয়ে ইয়াৰ সৌন্দৰ্যক বিশেষ মাত্ৰা প্ৰদান কৰিছে। পোৰা ইটাৰে নিৰ্মাণ কৰা ইয়াত কোনো ধাতুৰ ব্যৱহাৰ কৰা হোৱা নাই। ইটা জোৰা লগাবলৈ মাটিমাহ, হাঁহকণী, বৰা চাউল আদি সামগ্ৰীৰে কৰাল তৈয়াৰ কৰা হৈছিল। কোনটো পেভিলিয়নৰ কথা কোৱা হৈছে?

২) এখেত অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ । আশী আৰু নব্বৈৰ দশকত তেখেতৰ জন্মস্থানক লৈ লিখা গল্পবোৰৰ বাবে তেখেতে বিশেষ সুনাম অৰ্জন কৰে । তেখেতে ১৯৯৪ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০১ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে । মধুপুৰ আৰু তৰংগিনী, আগমনীৰ ঘাট, আহঁতগুৰি, অবিচ্ছিন্ন, প্ৰাচীৰ, গধূলি, অনুসন্ধান, উপন্যাস সমগ্ৰ আদি তেখেতৰ ৰচিত কিতাপ । কোন বাৰু এখেত?

৩) তেখেতৰ আচল নাম আছিল কেদাৰনাথ পাণ্ডে। কিন্তু জীৱনৰ প্ৰথম অৱস্থাত ভাৰতীয় ধৰ্ম দৰ্শনৰ চৰ্চাৰ একোটা বিশেষ সময়ত তেওঁৰ নাম সলনি হৈ প্ৰথমতে কেদাৰনাথ পৰা বাবা ৰামোদব দাস আৰু শেষত এক্স হয়গৈ । তেখেতক হিন্দী ভ্ৰমণ সাহিত্যৰ জনক বুলি অভিহিত কৰা হয়। কোন এইজন এক্স?

৪) তেখেতৰ জীৱনৰ ওপৰত শিৱানন বৰুৱাই নিৰ্মাণ কৰা “________– the immaculate visionary” নামে তথ্য-চিত্ৰ খনত তেখেতৰ ভূমিকাত বিক্ৰম নিজানে অভিনয় কৰিছিল। প্ৰখ্যাত চিত্ৰকৰ ৰামকিংকৰ বৈজ, ধীৰেন্দ্ৰকৃষ্ণ দেৱবৰ্মণ আৰু নন্দলাল বসুৰ অধীনত তেখেতে চিত্ৰকলাৰ শিক্ষা লাভ কৰিছিল । কাৰ কথা কোৱা হৈছে বাৰু ?

৫) তেলুগু চলচ্চিত্ৰ নিৰ্মাতা বি. নেগী ৰেড্ডী আৰু লেখক এ. চক্ৰপাণিয়ে সৰ্বপ্ৰথমে তেলুগু আৰু তামিল ভাষাত এই আলোচনীখন আৰম্ভণি কৰিছিল। তেলুগু সাহিত্যৰ এজন পণ্ডিত তথা চক্ৰপাণিৰ এজন বৰ অন্তৰংগ বন্ধু ক’ডাভাটিগান্টি কুটুম্বা ৰাৱে ১৯৮০ চনৰ আগষ্ট লৈকে মৃত্যু পৰ্যন্ত ২৮ বছৰ আলোচনীখনৰ সম্পাদনা কৰিছিল। কোনখন জনপ্ৰিয় আলোচনীৰ কথা কোৱা হৈছে বাৰু ?

৬) তলৰ চিত্ৰত থকা সংগীত পৰিচালক দুজনক চিনাক্ত কৰক:

xondhan-quiz

উত্তৰ:

১) ৰংঘৰ

২) শীলভদ্ৰ

৩) ৰাহুল সাংকৃত্যায়ন

৪) শোভা ব্ৰহ্ম

৫) চান্দমামা

৬) শংকৰ – জয়কিছন

– কুইজ মাষ্টাৰ: দীপজ্যোতি ডেকা

যোগাযোগ:৭৮৯৬৩৩৯১৫৩

ই-বাৰ্তা: [email protected]

http://onlyforinquizzitive.blogspot.com

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.