কুইজ – ১

1

 

আৰু কেইদিনমানৰ পিছতেই লণ্ডনত আৰম্ভ হ’ব অলিম্পিক ২০১২ ৷ প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা আয়োজন কৰে ইন্টাৰনেচনেল অলিম্পিক এচোচিয়েচনে ৷ IOC-ৰ মুখ্য কাৰ্য্যালয় আছে ছুইজাৰলেণ্ডৰ লাউচেন (Lausanne) চহৰত ৷ ১৮৯৬ চনৰ ২৩ জুনত আৰম্ভ হোৱা IOC-ৰ ম’ট’ হ’ল “Citius, Altius, Fortius” ৷ জেক ৰ’গ (Jacques Rogge) হ’ল বৰ্তমান এই সংস্হাৰ সভাপতি ৷ আহক এতিয়া এই সংখ্যাৰ প্ৰশ্নৰ সোৱাল লওঁ :

১) ১৮৯৬ চনৰ এথেন্স অলিম্পিকত কোনো ভাৰতীয় প্ৰতিযোগীয়ে যোগদান কৰা নাছিল ৷ কিন্তু ১৯০০ চনৰ পেৰিছ অলিম্পিকত কলিকতাৰ এগৰাকী এংলো ইণ্ডিয়ানে পুৰুষৰ ২০০ মিটাৰ আৰু ২০০ মিটাৰ বাধা দৌৰ উভয়তে দ্বিতীয় স্হান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁৰ নামটো কি?

২) কাৰ সমাধিত এনেদৰে লিখা আছে , “He lies somewhere here” ?

৩) এই শব্দ/বাক্যাংশ প্ৰথমবাৰলৈ প্ৰকাশ পাইছিল Argosy নামৰ আলোচনীখনত ভিনচেন্ট এইচ. গাড্ডিছে লিখা এটা প্ৰৱন্ধত ৷ ডব্লিউ স্পেনচাৰ লিম্বুই ইয়াৰ ওপৰত লিখা কিতাপখন বেষ্টচেলাৰ হ’বলৈ সক্ষম হৈছিল ৷ কি বাৰু এই বাক্যাংশ?

৪) কেৰালাৰ মালাপ্পুৰম জিলাৰ চমৰাভট্টম গাওঁখনৰ বিশেষত্ব কি বাৰু?

৫) পৃথিৱীৰ কোনখন দেশৰ নামটোৰ অৰ্থ হৈছে “The Land of Thunderbolt”?

৬) ৰাজকুমাৰ ডাক্কাৰ বুন্দেলখণ্ডৰ ৰজাৰ পু্ত্ৰ আৰু টিপু চুলতানৰ ভতিজা আছিল ৷ চিপাহী বিদ্ৰোহৰ পিছৰ পৰা তেওঁ বৈজ্ঞানিক গৱেষণাত ব্ৰতী হয় ৷ প্ৰশ্নটো হ’ল ৰাজকুমাৰ ডাক্কাৰৰ চিনাকী নামটো কি?

৭) ১৯৪৮ চনত অলিম্পিকত ভাৰতীয় ফুটবল দলৰ অধিনায়ক আছিল এইজন ব্যক্তি ৷ কোনবাৰু ?

 

 

 

 

 

 

 

 

 

৮) চিত্ৰত থকা এই লিখকজন কোন বাৰু?

 

 

 

 

 

 

 

 

 

৯) প্ৰথমতে ইয়াক কোৱা হৈছিল Boneshaker, Draisine, Velocipede, Penny Farthing আৰু Hobby Horse বুলি ৷ এতিয়া কি বুলি কয়?

১০) আগতে এই অঞ্চলটোত মহীশাসুৰৰ ৰাজত্ব আছিল বুলি বিশ্বাস কৰা হয় ৷ মহীশাসুৰক দেৱী চামুণ্ডেশ্বৰীয়ে বধ কৰিছিল ৷ চহৰখনৰ বৰ্তমান নামটো আহিছে মহিশাসুৰৰ নামৰ পৰাই ৷ কোনখন চহৰ?

উত্তৰ:

১) নৰ্মান প্ৰিটচাৰ্ড ২) ৱাৰ্ণাৰ হাইজেনবাৰ্গ ৩) বাৰ্মুডা ত্ৰিভূজ ৪) প্ৰথম খন ১০০% কম্পিউটাৰ সাক্ষৰ গাওঁ ৫) ভূটান ৬) কেপ্টেইন নেমো ৭) ডা: টি আও ৮) ষ্টিফেন কিং ৯) বাইচাইকেল ১০) মাইশোৰ

– দীপজ্যোতি ডেকা

যোগাযোগ:৭৮৯৬৩৩৯১৫৩

ই-বাৰ্তা: [email protected]

Share.

About Author

1 Comment

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.