কুইজ: জুলাই, ২০১৩

0

১) ১৯৫৫ চনত তেওঁ ভাৰতীয় কমিউনিষ্ট দল (চি.পি.আই.)-ত যোগ দিয়ে আৰু এই দলৰ প্ৰাৰ্থীৰূপে ১৯৫৭ চনত বৰপেটা সমষ্টিৰপৰা বিধান সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে। নিৰ্বাচনত তেওঁৰ পৰাজয় হয়। ১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ সময়ত চীনাপন্থী বুলি তেওঁক আকৌ বন্দী কৰা হয় আৰু ন মাহৰ বাবে জেললৈ যায়। ১৯৬৭ চনত তেজপুৰৰপৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপেবিধান সভা নিৰ্বাচন প্ৰতিদ্বদন্দিতা কৰি জয়লাভ কৰে। ১৯৬৮ চনত কোকৰাঝাৰ সমষ্টিৰপৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হয় যদিও পৰাজয় বৰণ কৰে। কাৰ ৰাজনৈতিক জীৱনৰ কথা কোৱা হৈছে বাৰু ?

২) এই উপন্যাসখনি প্ৰথম প্ৰকাশিত হৈছিল ১৯৬০ চনত।মূল চৰিত্ৰ চাৰেংলা। এটা নিগেটিভ চৰিত্ৰ। ৰিশ্বাং, খাটিং, ফানিটফাং, নাজেক, ঙাঠিঙখুই, খুটিংলা, ভিডেচেলী,ডা: ব্ৰুক, ইয়েংমাচ, আটিব, খাইখো, এন‌ভি, অমূল্য, অবিনাশ, পি টম্বী, শ্যামলী, চঞ্চল, জীৱন, কনচেং, ৱাৰামলা, জেমচ্‌, জনাথন, আৰু চাৰেংলাৰ একমাত্ৰ সাৰথি কুকুৰ আবেই উপন্যাস খনৰ নামটো আহিছে এটা নগা শব্দৰ পৰা যাৰ অৰ্থ ৰাইজৰ শাসন। সাহিত্য একাডেমি বটা বিজয়ী কোন খন উপন্যাসৰ কথা প্ৰশ্নটোত কোৱা হৈছে ?

৩) তেওঁ গুৱাহাটীত স্কুলীয়া শিক্ষা শেষ কৰি কলিকতাৰ চিটি কলেজত নাম লগায়। কিন্তু ১৯৪৬ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত উভতি আহি কটন কলেজত বি.এচ.চি. পৰ্যন্ত পঢ়ে যদিও উপাধি ল’ব নোৱাৰিলে। তেওঁ জনস্বাস্থ্য বিভাগৰ চাকৰিয়াল হিচাপে ছিলঙত আৰু পিছত চৰকাৰৰ ধান সংগ্ৰহকাৰী বিষয়া হিচাপে জামুগুৰিহাটত কিছুকাল চাকৰি কৰিছিল। কিন্তু সোনকালেই চাকৰি এৰি সংস্কৃতিৰ সাধনাত লাগে।১৯৫৬ চনত মুক্তিপ্ৰাপ্ত নিপ বৰুৱাৰ প্ৰথম কথাছবি ‘স্মৃতিৰ পৰশ’ৰ সঙ্গীত পৰিচালক ৰূপে তেওঁ অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে।১৯৬৩ চনত মুক্তিপ্ৰাপ্ত প্ৰথম অসমীয়া কমেডী ছবি ইটো সিটো বহুতো ছবিখনৰ যোগেদি তেওঁ পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে।অসমীয়া চলচিত্ৰ জগতৰ এই জন বিখ্যাত পৰিচালক কোন বাৰু ?

৪) তেখেতৰ জন্ম হৈছিল শিৱসাগৰ চহৰত। তেখেতৰ পিতৃৰ নাম মেহেৰুদ্দিন। সৰু থাকোঁতেই পিতৃৰ মৃত্যু হোৱাত তেখেতে ককায়েকহঁতৰ তত্বাৱধানত ডাঙৰ-দীঘল হৈছিল। ১৯১৭ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নাম লিখায় । অসম সাহিত্য সভাৰ ১৯৪০ চনত বহা যোৰহাট অধিবেশনৰ সভাপতি আছিল। মীৰ্জা নাথনে লিখা ‘বাহাৰিস্তান-ই-গাইবী’ ইংৰাজীলৈ অনুবাদ কৰিছিল। অসমীয়া ভাষাতো প্ৰৱন্ধ ৰচনা কৰিছিল। My First Reader, My Second Reader-কে ধৰি পাঁচখন পাঠ্যপুথিৰ ৰচয়িতা ।এইজন বিখ্যাত অসমীয়া ব্যক্তিৰ নামটো কি ?

৫) এইখন এখন শিশুসকলৰ বাবে প্ৰকাশিত অসমীয়া ভাষাত মাহেকীয়াভাৱে প্ৰকাশিত আলোচনী। এই আলোচনীখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮৪ চনৰ এপ্ৰিল মাহত। প্ৰথম প্ৰকাশৰপৰা ২০১২ চনলৈকে শান্তনু তামূলীয়ে আলোচনীখনৰ সম্পাদকৰ দায়িত্ব বহন কৰি আহিছে।আলোচনীখনৰ নাম কি ?

৬) তেওঁ গৌড়দেশৰ বাদচাহৰ ছোৱালী আছিল। তেওঁ কমতাৰাজৰ পত্নী আছিল। বিয়াৰ পিছত কমতা ৰজাই তেওঁক হিন্দু কৰি লয় আৰু নাম ৰাখে ‘সুশুদ্ধি’।পিছলৈ আহোম আৰু কছাৰীসকলৰ মাজত হোৱা যুজঁত জয়লাভ কৰি আহোম স্বৰ্গদেউ চুজংমুঙে তেওঁক কুৱঁৰী কৰি গড়গাৱলৈ লৈ যায়।আহোমৰ দিনৰ এই গৰাকী বিখ্যাত কুঁৱৰীৰ নামটো কি ?

৭) তেঁওৰ পিতৃ আছিল ৰাম খাঁ। তেওঁ চতুৰ্ভুজ ঠাকুৰৰ কন্যা ভাৱপ্ৰিয়াক বিয়া কৰাইছিল। তেওঁ কংসাৰি কায়স্থ তথা বৈষ্ণৱ কবিসকলক পৃষ্ঠপোষকতা কৰিছিল। চিলাৰায়ৰ আহোম ৰাজ্য আক্ৰমণ অভিযানৰ অন্যতম সেনাপতি আছিল এই জন ব্যাক্তি । কাৰ কথা কোৱা হৈছে বাৰু?

৮) ১৯০৬ চনত সেই সময়ৰ উপায়ুক্ত এইচ ডব্লিউ জি ক’লে (H W G Cole) তেজপুৰৰ বিভিন্ন ঠাইত আলাই-আথানি হৈ পৰি থকা মনোমহা শিলত খোদিত মূৰ্তি গোটাই এক উদ্যান গঢ়াৰ চেষ্টা কৰিছিল৷ পোনতে এই স্থানৰ মাটিখিনি জনৈক কালিপদ সেন নামৰ “বঙালী” ভদ্ৰলোক এজনৰ আছিল। তাৰপিছ্ত তেজপুৰ পৌৰসভাই মাটিটুকুৰা পাঁচশ টকাত কিনি লৈ তাত উদ্ধাৰ হোৱা শৈলভাস্কৰ্য্যসমূহ স্থাপন কৰি উদ্যানৰূপে গঢ়ি তোলে। ক’লৰ মৃত্যুৰ পাছত পিছৰজন উপায়ুক্ত এফ ডব্লিউ ষ্টঙে ক’লৰ স্মৃতিত এই উদ্যান সম্পূৰ্ণ কৰি তোলে৷ সেয়ে ইয়াৰ নাম “ক’ল পাৰ্ক” হয়।এই “ক’ল পাৰ্ক”ৰ চিনাকী নামটো কি বাৰু ?

উত্তৰ:
১) বিষ্ণুপ্ৰসাদ ৰাভা
২) ইয়াৰুইঙ্গম
৩) ব্ৰজেন বৰুৱা
৪) ময়িদুল ইছলাম বৰা
৫) মৌচাক
৬) গড়মা কুৱঁৰী
৭) গাভৰু খাঁ
৮) চিত্ৰলেখা উদ্যান।

– কুইজ মাষ্টাৰ: দীপজ্যোতি ডেকা

যোগাযোগ:৭৮৯৬৩৩৯১৫৩

ই-বাৰ্তা: [email protected]

http://onlyforinquizzitive.blogspot.com

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.