কুইজ : ছেপ্তেম্বৰ, ২০১৪

0

১)  তেখেত শিক্ষাগ্ৰহণ কৰিছিল কটন মহাবিদ্যালয় (১৯১৩-১৫), সংস্কৃত মহাবিদ্যালয়, কলিকতা (১৯১৫-১৭), কলিকতা বিশ্ববিদ্যালয় (১৯১৭-১৯১৯), অক্সফ’ৰ্ড বিশ্ববিদ্যালয়, পেৰিছ বিশ্ববিদ্যালয় আৰু বাৰ্লিন বিশ্ববিদ্যালয় (১৯২০-২৭)৷ তেখেতৰ সকলো কিতাপৰ সৰ্বস্বত্ব অধিকাৰ Deccan College PG & Research Institute- Pune, The Jaina Samskriti Samrakshaka Sangh, Maharastra and Prakrit Test Society, Ahmedabad ক দিয়া হৈছে ৷ ভাৰতীয় ডাক সেৱা আৰু টেলিগ্ৰাফ বিভাগে তেখেতৰ সন্মানাৰ্থে ১৯৮৩ চনৰ ৭ অক্টোবৰত এটা ডাক টিকট উন্মোচন কৰে ৷ তেখেত ৯৪ বছৰ জীয়াই আছিল, জন্ম ১৮৯৮ চনত আৰু ১৯৮২ চনত মৃত্যু ৷ এই বিদ্যাৱান অসমীয়া পণ্ডিত গৰাকী কোন?

২) মহাভাৰতৰ ১৭ দিনৰ দিনা, অৰ্জুনে কৰ্ণৰ প্ৰাণ লোৱাৰ পাছত, কুন্তীয়ে তেখেতৰ পুত্ৰসকলক শেষকৃত্য সমাপন কৰিবলৈ অনুৰোধ কৰে ৷ যেতিয়া তেওঁলোকে এই অনুৰোধৰ প্ৰতিবাদ কৰে, তেতিয়া কুন্তীয়ে সত্য কথাটোৰ উন্মোচন কৰি জনায় যে কৰ্ণ তেওঁৰে সন্তান ৷ সত্যটো গম পাই খঙত যুধিষ্ঠিৰে কুন্তীক তথা সমগ্ৰ নাৰীজাতিক অভিশাপ দিয়ে ৷ অভিশাপটো কি আছিল?

৩) ছবি দুখনৰ মাজত সাদৃশ্য কি?

xondhan-kejriwal

৪) ছবিত দেখা তিনিটা বৃত্তই কি বুজাইছে?

xondhan-dominos

৫) X -প্ৰকল্পটো ২০১০ বৰ্ষৰ  অক্টোবৰত Tencent Guangzhou Research and Project center-ত আৰম্ভ হৈছিল ৷ ইয়াৰ প্ৰকৃত নাম ‘Weixin’ আৰু প্ৰকল্পটোৰ ধাৰণা Ma Huateng, Tencent CEO ৰ আছিল ৷ ২০১১ বৰ্ষৰ মে’ মাহলৈ ইয়াৰ প্ৰায় ৪-৫ মিলিয়ন ব্যৱহাৰকাৰী, আৰু ২০১১ বৰ্ষৰ শেষলৈ প্ৰায় ৫০ মিলিয়ন ব্যৱহাৰকাৰী আছিল ৷ ২০১২ বৰ্ষৰ মাৰ্চ মাহলৈকে X -ৰ প্ৰায় ১০০ মিলিয়ন ব্যৱহাৰকাৰী হৈছিল ৷ ২০১২ বৰ্ষৰ এপ্ৰিল মাহত, ‘Weixin’ আন্ত:ৰাষ্ট্ৰীয় বজাৰত নতুন নামেৰে প্ৰবেশ কৰে ৷
X কি হয়?

৬) কোনটো বেমাৰৰ নাম লেটিন শব্দৰ পৰা আহিছে, যাৰ অৰ্থ ‘জলপ্ৰপাত (Waterfall)’?

৭) তেখেতৰ জন্ম ১৯০৫ চনৰ ১৩ মে’ত, জন্মস্থান – পুৰণি দিল্লীৰ হউজ কাজি (Hauz Qazi) অঞ্চলত ৷ তেখেতৰ দেউতাক উত্তৰ-পূৱ ভাৰতৰ প্ৰথমজন M.D (Master of Doctor) ডিগ্ৰীধাৰী ব্যক্তি ৷ তেখেতক ১৯৭৫ চনত প্ৰিষ্টিনা বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্ট’ৰেট ডিগ্ৰী প্ৰদান কৰা হৈছিল ৷  ১৯৬১ চনৰ পৰা তেখেত দিল্লী গ’ল্ফ ক্লাৱ আৰু দিল্লী জিমখানা ক্লাৱৰ সদস্য আছিল ৷ তেখেত কোন?

৮) অসমৰ কোনখন ঠাইৰ নামৰ প্ৰকৃত অৰ্থ হৈছে ‘ডাঙৰ জলাশয় / পুখুৰীৰ ঠাই’?

উত্তৰ:

১) কৃষ্ণ কান্ত সন্দিকৈ

২) নাৰীয়ে কেতিয়াও গুপুত কথা লুকুৱাই ৰাখিব নোৱাৰে ৷

৩) IIT-ৰ পৰা অভিযন্তা স্নাতক ডিগ্ৰীধাৰী ভাৰতীয় মুখ্যমন্ত্ৰী ৷

৪) Dominos-ৰ প্ৰথম তিনিখন দোকান

৫) We Chat App

৬) কেটাৰেক্ট (Cataract)

৭) ফকৰুদ্দিন আলি আহমেদ

৮) বৰপেটা

 

 

– কুইজ মাষ্টাৰ: দীপজ্যোতি ডেকা

যোগাযোগ:৭৮৯৬৩৩৯১৫৩

ই-বাৰ্তা: [email protected]

http://onlyforinquizzitive.blogspot.com

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.