কুইজ: আগষ্ট, ২০১৩

0

১) তেওঁৰ জন্ম হৈছিল ১৮৯৭ চনৰ জানুৱাৰী মাহত। পিতৃৰ নাম কাৰ্তিকচন্দ্ৰ আৰু পিতামহ নাৰায়ণ বৰবৰা। পিতামহ নাৰায়ণ বৰবৰাই মণিৰাম দেৱানৰ লগত ইংৰাজ বিৰোধী আন্দোলনত যোগ দিয়া হেতুকে কাৰাবাস বৰণ কৰিবলগীয়া হৈছিল। ১৯৩৯ চনত ৰাধাগোবিন্দ বৰুৱা আৰু সোমেশ্বৰ বৰুৱাৰ আমন্ত্ৰণ মতে তেতিয়াৰ ডিব্ৰুগড়ৰ সাদিনীয়া ‘আছাম ত্ৰিবিউন‘ কাকতৰ সম্পাদক হিচাপে যোগদান কৰে। গুৱাহাটীৰপৰা দৈনিক প্ৰকাশিত ‘আছাম ত্ৰিবিউন’ৰ সম্পাদক ৰূপে ১৯৪৬ চনলৈ দায়িত্বভাৰ চম্ভালে।তেখেতে সাংবাদিকতাৰ মাজে মাজে সাহিত্য চৰ্চা অব্যাহত ৰাখিছিল।এখেত কেইগৰাকীমান ব্যক্তিৰ ওপৰত লিখা আলোচনাত্মক ৰচনাৰ সংকলন ‘মহাত্মাৰপৰা ৰূপকোঁৱৰলৈ‘ গ্ৰন্থৰবাবে সাহিত্য একাডেমি বঁটা লাভ কৰে। কাৰ কথা কোৱা হৈছে?

২) এখেত অসমৰ এজন বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ আছিল। এখেতে  অসম সাহিত্য সভাৰ সম্পাদক, উপ-সভাপতি, কাৰ্যনিৰ্বাহকৰ সদস্য, অসম প্ৰকাশন পৰিষদৰ সদস্য, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা প্ৰণয়ন সমিতিৰ সদস্য, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ সঞ্চালক আছিল।১৯৯৪ চনত অসম সাহিত্য সভাৰ মৰিগাঁও বাৰ্ষিক অধিবেশনত সভাপতিত্ব কৰিছিল।তেওঁ ১৯৫১ চনত শিৱসাগৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তাৰ পাছত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগআকাশবাণী (গুৱাহাটী) কাৰ্যনিবাহ কৰিছিল। পাছলৈ তেওঁ গড়গাঁও মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয়ত প্ৰবক্তা হিচাপেও আছিল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে অনুষ্ঠানতো অধ্যাপক হিচাপে কাম কৰিছিল। অৱশেষত সুখ্যাতিৰে ১৯৯০ চনত ডিব্ৰুগড়বিশ্ববিদ্যালয় পৰা অৱসৰ গ্ৰহন কৰে। তেওঁ ১৯৯১-৯৩ এই সময়চোৱাত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ পূৰ্ণকালীন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।এখেতে লিখা কেইখন মান গ্ৰন্থ হল – খঁৰা শিয়ালৰ বিয়া (শিশু কবিতা) (১৯৫৪),বুৰঞ্জীয়ে পৰশা নগৰ (১৯৫৭),হেৰোৱা দিনৰ কথা (১৯৫৭),শৰাইঘাটৰ যুদ্ধৰ কথা (১৯৭৭),বেলি মাৰ গল (১৯৮৩)। কোন?

৩) বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত প্ৰতি ৫ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ । আনুমানিক ১৭৯৭-৯৮ চনত জামুগুৰিহাটত প্ৰথমবাৰৰ বাবে বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হৈছিল। কেনেকৈ ইয়াৰ সূত্ৰপাত হয় তাৰ লিখিত সমল নাই। কিন্তু বাৰেচহৰীয়া ভাওনাৰ পাতনিত কলিয়াবৰৰ হেজাৰী ভাওনা”কামপুৰৰ বাৰেগঞা ভাওনা” আদিৰ প্ৰভাৱ থকাটো অনুমান কৰা হয় বাৰেচহৰীয়া ভাওনাৰ প্ৰসাৰ আৰু স্বীকৃতিৰ ক্ষেত্ৰত ‘শোনিতকোঁৱৰ’ গজেন বৰুৱাই আগভাগ লৈছিল । এই বাবেচহৰীয়া নামটোৰ অৰ্থ কি বাৰু ?

৪) এই প্ৰকাৰৰ গীত হল  ভাদমাহৰ পূৰ্ণিমা তিথিত গৰখীয়াসকলে গোৱা এক বিশেষ শ্ৰেণীৰ গীত। দৰং জিলাৰ পশ্চিম অঞ্চলত বিশেষকৈ হালধা, বিষ্ণুপুৰ, বুঢ়া, কুঁহিয়াৰকুছি, বামুনঝাৰ, খৈৰাবাৰী আদি অঞ্চলত ইয়াৰ প্ৰভাৱ বেছি দেখিবলৈ পোৱা গৈছিল। কোনো কোনো অঞ্চলত ইয়াক হেপৰপিটা গীত বুলিও জনা যায়।এই গীতৰ নামটোৰ অৰ্থ হল দীঘল বাঁহ এডালত সৰু বাঁহৰ টুকুৰাৰে কোবাই কোবাই গোৱা  গীত।অসমৰ এইবিধ লোকসংগীতৰ নাম কি বাৰু ?

৫) এই ঠাইত বাণ ৰজাই হৰি-হৰৰ মিলন ভূমিৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে ’হৰি হৰাত্মক’ শিৱ প্ৰতিষ্ঠা কৰি মন্দিৰ নিৰ্মাণ কৰাইছিল ।কৃষ্ণৰ হাতত বাণ যুদ্ধত পৰাজিত হৈ সুস্থ হোৱাত কৃষ্ণৰ প্ৰতি বাণৰ ভক্তি উপজিছিল আৰু হৰি-হৰ অভিন্ন বুলি জ্ঞান হৈছিল । সেয়ে হৰি হৰাত্মক শিৱ মন্দিৰ প্ৰতিষ্ঠাৰ উদ্যোগ লৈছিল । এই মন্দিৰটো আহোম ৰজাৰ আমোলত পুনৰ নিৰ্মাণ কৰা হৈছিল যদিও ১৮৯৭ চনৰ বৰ ভুইকঁপত সি যাহ যায় ।  ৰায় বাহাদুৰ কনক লাল বৰুৱাৰ মতে আকৌ এই মন্দিৰ কামৰূপ নৃপতি ভাস্কৰ বৰ্ম্মাৰ পূৰ্বে পঞ্চম ষষ্ঠ খৃষ্টাব্দত নিৰ্মিত । কোনো কোনো প্ৰত্নতত্ববিদে এয়া গুপ্ত যুগৰ আটাইতকৈ পুৰণি স্মৃতি চিহ্ন বুলি ক’ব খোজে ।ইয়াৰ বৈশিষ্ট এয়ে যে ইয়াৰ মূৰ্ত্তিবোৰ খোদাই কৰা নহয়,বাহিৰলৈ ওলোৱা। স্তম্ভটোৰ মাজত হাতত মালা লৈ উৰন্ত গৰুড়ৰ মুৰ্ত্তি আছে  । ওপৰত লানিকৈ বাওঁহাতে ডম্বৰু লৈ চাৰিখন হাতৰ শিৱ । ঘোঁৰাৰ দৰে মুখৰ আঠুকাঢ়ি থকা নৰ মূৰ্ত্তি । কাষত দুটি নাৰী মুৰ্ত্তি । বাঁহীবাদক কৃষ্ণ । দুয়োহাতে পদুম লৈ থকা সূৰ্য্য । স্তম্ভ দুটাৰ তলত হাতত মালা লৈ গংগা-যমুনাৰ মুৰ্ত্তি । পৰ্যটকৰ অন্যতম আকৰ্ষণ স্থলী অসমৰ কোনখন ঠাইৰ কথা  প্ৰশ্নটোত কোৱা হৈছে বাৰু?

৬)

সংযোগ কৰক –

উত্তম বৰুৱাৰ ‘জেৰেঙাৰ সতী’,  ফণী শৰ্মাৰ ‘ভোগজৰা’,  অতুল চন্দ্ৰ হাজৰিকাৰ ‘টিকেন্দ্ৰজিৎ’ আৰু’হায়দৰ আলি’ ।

 

৭) অসমৰ কোনটো প্ৰাচীন মন্দিৰৰ নামটো সেই মন্দিৰত দেৱদাসী নৃত্য কৰা নৰ্ত্তকী সকলৰ চুলিৰ খোপাৰ নামটোৰ পৰা আহিছে বুলি জনবিশ্বাস আছে?

 

উত্তৰ:
১) লক্ষীনাথ ফুকন
২) ড. লীলা গগৈ
৩) বাৰে’ মানে অনেক আৰু ‘চহৰীয়া’ মানেৰাইজ
৪) বাম্বোল পিটা গীত ।
৫) দ-পৰ্বতীয়া, তেজপু
৬) এই চাৰিখন আছিল নটৰাজ থিয়েটাৰত মঞ্চস্থ হোৱা প্ৰথম বৰ্ষৰ নাট ।
৭) নেঘেৰীটিং মন্দিৰ,দেৰগাওঁ

– কুইজ মাষ্টাৰ: দীপজ্যোতি ডেকা

যোগাযোগ:৭৮৯৬৩৩৯১৫৩

ই-বাৰ্তা: [email protected]

http://onlyforinquizzitive.blogspot.com

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.