ওম প্ৰকাশ গাট্টানী মুদ্ৰা সংগ্ৰহালয়

0

মুদ্ৰাই কোনো বিশেষ সময়ৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ধাৰ্মিক অৱস্থাৰ চিত্ৰ ফুটাই তোলে, সেয়ে মুদ্ৰাক এক ঐতিহাসিক সাক্ষ্য হিচাপে গণ্য কৰা হয় ৷ যিকোনো জাতিৰ সৰ্ব-প্ৰথম লিখিত বুৰঞ্জীয়েই হ’ল মুদ্ৰা ৷

ইতিহাসৰ বিভিন্ন দিশত কাহিনী কোৱা মুদ্ৰা আৰু এনেধৰণৰ পুৰণি বস্তুৰ এটা সংগ্ৰহালয় যোৰহাট ক্লাৱ ৰ’ডৰ জোৰা ভিল্লাত অৱস্থিত ৷ এই সংগ্ৰহালয়ত মৌৰ্য, মোগল, বংগ চুলতান, ইন্দোৰ, গোৱালিয়ৰ, ৰাজপুতানা, ব্ৰিটিছ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন শাসনকালৰ মুদ্ৰা সংৰক্ষিত হৈ আছে যদিও আহোম ৰাজত্ব কালৰ মুদ্ৰাই ইয়াত প্ৰাধান্য লাভ কৰিছে ৷ এই মুদ্ৰাবোৰত এপলক দৃষ্টি পেলালেই ৰজা-মহাৰজাসকলৰ হেৰোৱা ঐতিহ্য ঘূৰাই পোৱা যেন অনুভৱ হয় ৷

এজন ব্যৱসায়ী আৰু উদ্যোগপতি, কিন্তু স্বভাৱতে এজন বুৰঞ্জীবিদ, এজন বিশিষ্ট মুদ্ৰা অধ্যয়ণকাৰী, শ্ৰী ওম প্ৰকাশ গাট্টানী প্ৰকৃততে এই জোৰা ভিল্লাৰ প্ৰতিষ্ঠাপক তত্বাৱধায়কেই নহয়, তেখেত একেধাৰে ইয়াত থকা প্ৰতিটো মুদ্ৰাৰ সংগ্ৰহকৰ্তা; প্ৰতিটো মুদ্ৰাৰ আহৰণ, প্ৰতিপালন, গৱেষণা, তথ্যসংগ্ৰহ, ৰক্ষণাবেক্ষণ আদিৰ সকলোবোৰ তেখেতৰ প্ৰচেষ্টাৰ ফল মাথো ৷

আহোম স্বৰ্গদেউসকলৰ ভিতৰত স্বৰ্গদেউ জয়ধ্বজ সিংহই (১৬৪৯-১৬৬৩ খৃ:) প্ৰথমে মোহৰ মাৰিবলৈ (মোহৰ মৰা = মুদ্ৰা প্ৰস্তুত কৰা) লৈছিল বুলি জনা যায় ৷ আহোম ৰজাসকলৰ সৰহ সংখ্যক মুদ্ৰাই আঠকোণীয়া আছিল, কাৰণ তেওঁলোকে আহোম দেশখন আঠকোণীয়া বুলি বিশ্বাস কৰিছিল ৷

প্ৰথম অৱস্থাত মুদ্ৰাবিলাকত অসমীয়া (বাঙালী) লিপি আৰু সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল ৷ কিন্তু ১৬৬৩ চনত মীৰজুমলাই অসম ত্যাগ কৰাৰ পিছত ১৬৬৩ আৰু ১৬৯৬ চনৰ মাজৰ সকলো আহোম মুদ্ৰাত টাই আহোম লিপি আৰু ভাষাৰ ব্যৱহাৰৰ লগতে আহোম উপাস্য দেৱতাৰ স্তুতি পোৱা যায় ৷

দুই এজন ৰজাই নিজৰ মুদ্ৰাত দেৱনাগৰী আৰু পাৰ্চী লিপিও ব্যৱহাৰ কৰিছিল ৷ বেছিভাগ মোহৰতেই উপাস্য দেৱতাৰ নাম স্তুতি, ৰজাৰ নাম শক আদি খোদিত কৰা হৈছিল ৷

আহোম ৰাজত্বৰ শেষ মুদ্ৰা প্ৰস্তুত কৰা হয় ১৮২১ খৃষ্টাব্দত স্বৰ্গদেউ যোগেশ্বৰ সিংহৰ দিনত ৷ সংগ্ৰহালয়টিত গদাধৰ সিংহ (১৬৮১-১৬৯৬), ৰুদ্ৰসিংহ (১৬৯৬-১৭১৪), শিৱ সিংহ (১৭১৪-১৭৪৪), প্ৰমত্ত সিংহ (১৭৪৪-১৭৫১), ৰাজেশ্বৰ সিংহ (১৭৫১-১৭৬৯), লক্ষ্মী সিংহ (১৭৬৯-১৭৮০), গৌৰীনাহ সিংহ (১৭৮০-১৭৯৪), চন্দ্ৰকান্ত সিংহ (১৮১০-১৮১৭)-ৰ ৰাজত্ব কালৰ মুদ্ৰা পোৱা যায় ৷

এই সমূহৰ উপৰিও ত্ৰিপূৰা, কোচবিহাৰ, মণিপূৰ, উজনি অসমৰ মটক ৰজা, জয়ন্তীয়া পাহাৰৰ “জয়ন্তীপূৰ”ৰ বিভিন্ন মুদ্ৰাৰ এক বৃহৎ সংগ্ৰহ পোৱা যায় ৷

বৰ্তমান সংগ্ৰহালয়তো ব্যক্তিগত পৰ্যায়তে আছে যদিও ভৱিষ্যতে যোৰহাটত নিৰ্মীয়মান “চুকাফা কলাক্ষেত্ৰ”লৈ স্থানান্তৰিত কৰা হ’ব ।

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.