এটি কবিতাৰ জন্মৰ ইতিহাস

3

এটি কবিতা জন্ম হয় যেতিয়া

মনৰ দিগন্তত জাগি উঠে অলেখ ভাৱনা

শব্দহীন মূহুৰ্ত্বক থাপি-থাপি থোৱা।

যেতিয়া আইৰ মৰম স্পৰ্শ বোৰ

বহুদিন দূৰ ক’ৰবাত আঁতৰি থাকে আৰু

হাহাকাৰ হয় নিজক অসহায় লাগে

তেতিয়া জন্ম হয় এটি কবিতা।

শৈশৱৰ অলং দলং খেলা ৰজা-ৰাণী হোৱা

অথবা  গাঁওৰ কাষৰ সেই জান-জুৰিত

সাঁতুৰি সাঁতুৰি পাৰ হোৱা

পাখি লগা উৰি যোৱা সময়বোৰৰ সোঁৱৰণত

সৃষ্টি হয় এটি বিষাদৰ কবিতা।

মৰমী প্ৰিয়াৰ মৰম লগা চাৱণি

হাঁহো হাঁহো কৰি কপি উঠা উঠ জুৰি

স্পৰ্শৰ হেঁপাহেৰে ওচৰ চাপি যোৱা ক্ষণবোৰ

যেন এটি কবিতাৰ জন্মৰ ক্ষণ

– গুনীণ দাস, ১৫-০৭-২০১৩

Share.

About Author

3 Comments

  1. ৰক্তিম চৌধুৰী on

    কবিতা এটিৰ জন্মৰ সময়ত কবিৰ মনত সৃষ্টি হোৱা অনুভবৰ এক সুন্দৰ প্ৰতিফলন উক্ত কবিতাটি। আশাকৰো কবিয়ে জীৱনৰ সকলো অনুভবকে সাৰথি কৰি লৈ ভবিষ্যৎ সময়ত উচ্ছ মানবিশিষ্ট কবিতাৰ জন্ম দিব।

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.