উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্কিড বৈচিত্ৰ্য

0

 

ভাৰতত পোৱা প্ৰায় ১৫৮টা গণ আৰু ১৩০০ প্ৰজাতিৰ অৰ্কিডৰ ভিতৰত প্ৰায় ৮২৫ টা প্ৰজাতি উত্তৰ-পূৰ্বাঞ্চলত পোৱা যায় ৷ অসম (১৯৩), অৰুণাচল প্ৰদেশ (৬০২), মেঘালয় (৩৫৮), মণিপুৰ (২৩২), নাগালেণ্ড (২৮৭), ত্ৰিপূৰা (৪২৬), মিজোৰাম (২৩৮), ছিকিম (৫১৮) ৷ ইয়াৰে প্ৰায় ১৮৭টা প্ৰজাতি স্থানিক, ১০৮টা প্ৰজাতি বিপন্ন আৰু ১৮টা প্ৰজাতিৰ অৰ্কিড বিপদমুখী বুলি চিনাক্ত কৰা হৈছে ৷ ইয়াৰে অৰুণাচল প্ৰদেশত পোৱা অৰ্কিডৰ ৩৫০টা পৰাশ্ৰয়ী আৰু ১৬০টা প্ৰজাতি স্থলজ অৰ্কিড প্ৰজাতি, ২০টা প্ৰজাতিৰ অৰ্কিড স্থানিক প্ৰজাতিৰ ৷ অসমৰ বনভূমি সমূহৰ পৰা বৰ্তমানলৈকে ২৩০ টা প্ৰজাতিৰ অৰ্কিড চিনাক্ত কৰা হৈছে ৷ ইয়াৰে ২৭টা প্ৰজাতি অসমৰ বাহিৰে পৃথিৱীৰ ক’তো পোৱা নাযায় ৷ তেনে কেইটামান অৰ্কিড প্ৰজাতি হ’ল- ফেলেন’পছিছ মাক্ষটাৰছি (Phalaemopsis Mastersii), এৰিয়া পুমিলা (Eria Pumila), ইউল’ফিয়া কেনডিডা (Eulophia Candida), পেফিঅ’পেডিয়াম স্পাইচেৰিয়েনাম (Paphiopedium Spicerianum), ডেনড্ৰবিয়াম মিছেৰাম (Dendrobium Miserum), টানিয়া বাৰবাটা (Tainia Barbata), বাল্ব’ফহিলাম অবেৰিয়েননাম (Bulbophyllum Oberienianum), ফলিডটা কেলচিয়েটা (Pholidata Calceata)আদি ৷ গোলাঘাট জিলাৰ গৰমপানী অভয়াৰণ্যৰ Vanilla Pilifera, Cypripedium elegans, Acanthephippium, ভূটান সীমান্ত অঞ্চলৰ Cymbidium Macrohizon আদি কেতবোৰ বিপন্ন অৰ্কিড প্ৰজাতি ৷

অৰুণাচলৰ কামেং জিলাৰ দৈমৰা বনাঞ্চলৰ ১০০ বৰ্গ কি:মি: জোৰা চেঁচা অভয়াৰণ্য, ছিকিমৰ ডেণ্ডৰালী, চিংটাম, মেঘালয়ৰ বৰাপানী, মিজোৰামৰ নংপা, চাইৰেপ আদি উত্তৰ-পূব ভাৰতৰ কেইখনমান অৰ্কিড অভয়াৰণ্য ৷ ইয়াৰ বাহিৰেও অৰ্কিডত চহকী অঞ্চল হৈছে- অসমৰ কাছাৰ আৰু কাৰ্বি আংলং; অৰুণাচলৰ কামেং, টিৰাপ, লোহিত; মেঘালয়ৰ ছেলা আৰু গাৰো পাহাৰ; নাগালেণ্ড; ছিকিমৰ মানগান আৰু ৰংবং ৷ অসমৰ দিহিং পাটকাই নামবৰ, দৈগ্ৰোং, কাৰ্বি আংলং পূৱ আৰু উত্তৰ, বৰাই আদি অৰ্কিড অভয়াৰণ্য ৷

উত্তৰ-পূৰ্বাঞ্চলত পোৱা কেতবোৰ অলঙ্কাৰিক অৰ্কিভ প্ৰজাতি হ’ল- Paphiopedium Fairieanum, Paphiopedium insigne, Paphiopedium villosum, Paphiopedium spicerinum, Paphiopedium Wirsutissimum, Paphiopedium venestum, Anecotechillus sikkimensis, vendra coerulea, Vendra teres, Renanthera imschootiana, Pleione maculate, Cymbidium eburneum, Dendrobium thyrsiflorum, thunia marshalliana আদি ৷

বহুতো অৰ্কিড প্ৰজাতিৰ আকৌ ঔষধিগুণ সম্পন্ন, এলকালয়ড, ফ্লেভনয়ড, গ্লুকছাইড, কাৰ্ব’হাইড্ৰেট আৰু নানান উদ্ভিদজ ৰাসায়নিক উপাদানেৰে অৰ্কিড সমূহ সমৃদ্ধ ৷

 

– বিজিত দত্ত, যোৰহাট

ব্ল’গ: http://bijitdutta.wordpress.com/

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.