ইন্দ্ৰ বণিয়াক সুঁৱৰি…

0

“আজিৰ শিল্পীয়ে প্ৰথমেই সকলো ভয়, দুৰ্বলতা, ভ্ৰান্তি, গচকি সুকুমাৰ কলাৰ অস্ত্ৰলৈ সেই দুৰ্ভগীয়া জনতাৰ মাজতেই থিয় হ’বগৈ লাগিব, মোহমুক্ত অৰ্জুন যেনেকৈ থিয় হৈছিল সংগ্ৰামৰ কাৰণে ৷ আজি আমাৰ সাৰথি হৈছে সংস্কৃতি আৰু শত্ৰু হৈছে দুষ্কৃতি ৷ জনতাৰ অন্তৰৰ ভিতৰত শিল্পীটো যে নিশ্চয়কৈয়ে আছে তাৰেই আমি জনতাক জ্ঞান দিব লাগিব ৷”    – জ্যোতিপ্ৰসাদ আগৰৱালা

 

শিল্পী আৰু শিল্পীসত্বা; দুটা সুকীয়া শব্দ ৷ প্ৰতিগৰাকী মানুহক কিছুমান বিশেষ সুপ্ত প্ৰতিভা বা সত্বা থাকে ৷ কিন্তু শিল্পী সত্বা…. ৷ এগৰাকী অসমৰ জনপ্ৰিয় আৰু খ্যাতনামা শিল্পী ইন্দ্ৰ বণিয়াই যোৱে ২৫ মাৰ্চ, ২০১৫ ইং তাৰিখে অসমবাসীক কন্দুৱাই থৈ গুচি গ’ল ৷ মৃত্যু যদিও চিৰন্তন সত্য, তথাপি কিছুমানৰ মৃত্যু মানি লোৱাটো বৰ কষ্টকৰ হয় ৷

১৯৩৯ চনৰ ২৪ ডিচেম্বৰত লখিমপুৰৰ ঢলপুৰত জন্মগ্ৰহণ কৰা ইন্দ্ৰ বণিয়াৰ পিতৃ আছিল আনন্দৰাম বণিয়া আৰু মাতৃ পদুমী বৰুৱা ৷ লখিমপুৰত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি তেওঁ কৰিমগঞ্জ হাইস্কুলৰ পৰা অভিনয় প্ৰতি ৰাপ থকা বণিয়াই মঙলদৈত ‘মইনা-মেল’ত ভাগ লৈছিল; তাত তেওঁ প্ৰথম মঞ্চ অভিনয়ত ভূমুকি মাৰে ৷ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজত কলেজীয়া শিক্ষা আৰম্ভ কৰে ৷ ইয়াৰ পিছত তেওঁ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত নামভৰ্ত্তি কৰে ৷ এই প্ৰতিষ্ঠানৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ ১৯৬৪ চনত তেওঁ অসম ৰাজ্যিক বিদ্যুত পৰিষদত চাকৰি জীৱনৰ পাতনি মেলে ৷

কলিকতা, দিল্লী, মুম্বাই, কটক, কেৰালা, ৰাণীগঞ্জ আদি ঠাইত তেওঁ ৬০ খন বিখ্যাত নাটকত অভিনয় কৰাৰ লগতে কেইবাখনো নাট পৰিচালনা কৰিছে ৷ বিভিন্ন ৰাজ্যৰ পৰা তেওঁ শ্ৰেষ্ঠ মঞ্চ অভিনেতাৰ লগতে শ্ৰেষ্ঠ পৰিচালক হিচাপেও অসমলৈ সুনাম কঢ়িয়াই আনিছে ৷ ‘আকাশবাণী গুৱাহাটী’ যোগে প্ৰচাৰিত আৰু তৰুণ শইকীয়া ৰচিত বিখ্যাত নাট ‘গোবৰ্ধন চৰিত’ত কেন্দ্ৰীয় চৰিত্ৰ, আৰু আন এখন বিখ্যাত নাট ‘মইনা সংবাদ’ত কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰি তেওঁ অসমৰ ৰাইজৰ হিয়াৰ আমঠু হ’ব পাৰিছিল ৷

১৯৭৫ চনত পুলক গগৈ পৰিচালিত ‘খোজ’ ছবিৰ জৰিয়তে বোলছবি অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰা বণিয়াই ‘আদালত’, ‘অপেক্ষা’, ‘অপৰূপা’, ‘সেন্দুৰ’, ‘পূজা’, ‘অগ্নিস্নান’, ‘ব’হাগৰ দুপৰীয়া’, ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘কইনা মোৰ ধুনীয়া’ আদি ৩৫ খনৰো অধিক ছবিত অভিনয় কৰিছে ৷ প্ৰখ্যাত সাহিত্যিক হোমেন বৰগোহাঞিৰ কাহিনীৰ আধাৰত নিৰ্মিত জাহ্ন বৰুৱা পৰিচালিত কালজয়ী ছবি ‘হালধীয়া চৰায়ে বাওধান খায়’ৰ খেতিয়ক ৰসেশ্বৰৰ চৰিত্ৰত অভিনয় কৰি ইন্দ্ৰ বণিয়াই ছুইজাৰলেণ্ডৰ লোকাৰ্ণ চলচিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰি অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ এই বঁটা লাভ কৰা বণিয়া হৈছে প্ৰথমগৰাকী অসমীয়া আৰু পঞ্চমগৰাকী ভাৰতীয় ৷

কিহে মানুহজনক অভিনয়ৰ প্ৰতি আটক কৰি আনিছিল নাজানোঁ, কিন্তু শিল্পীসুলভ প্ৰৱণতাৰ বাবে তেওঁ ওৰেটো জীৱন অভিনয় চৰ্চা কৰি গ’ল ৷ তেওঁৰ আশীৰ্বাদতে আকৌ আমাৰ মাজত তেওঁৰ দৰে শিল্পীৰ জন্ম হওক ৷ এয়াই আশা ৷

: হিমাক্ষী ঠাকুৰীয়া,
কটন কলেজ, ৰাজনীতি বিভাগ,
স্নাতক ৪ৰ্থ ষান্মাষিক

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.