আলহী

0

টক টক টক
কোন? অহ আপুনি!
আকৌ আহিলনে আপুনি!
আপোনাৰ আমনি নালাগে নেকি?
অনুগ্ৰহ কৰি ভিতৰলৈ নাহিব,
মোৰ আবেগবোৰ গলি গলি শেষ হ’ল ৷
হৃদয়ৰ কোঠাটোও বিক্ৰী কৰি দিলো৷
আশাৰ চাকিবিলাকো নুমাই থাকিল,
তাত তেল ধালিবলৈ মোৰ ধনৰ অভাৱ ৷
এইখন বিষাদৰ শেতেলী,
আজিকালি প্ৰায়ে ইয়াতে শুই থাকো ৷
মৰমৰ কথা সুধিছে? হা: হা: !
মৰমখিনি সাঁচি থৈছো,
লজ্জাহীনতাক আলিংগন কৰিবলৈ ৷
নাই মই পাগল হোৱা নাই
মোৰ বিবেকহে বন্ধকত আছে ৷
অ: আৰু এটা কথা
মোৰ মগজুটো কাৰখানালৈ পঠাইছোঁ,
সপোন কিছুমান সংষ্ঠাপন কৰিবলৈ ৷
গতিকে কাবৌ কৰিছো
এই ৰাতিখন আৰু আমনি নকৰিব ৷
দুদিনমান পাছত আহিব ৷

 

– জ্যোতি প্ৰকাশ নাথ

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.