আজান পীৰ দৰগাহ

0

 

শিৱসাগৰ নগৰৰ পৰা উত্তৰ দিশে প্ৰায় ২০ কিলোমিটাৰ নিলগত দিখৌ আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ সংগমস্থলৰ শৰাগুৰি চাপৰিত অৱস্থিত আজান পীৰ দৰগাহ ৷

১৬১০ চনত ইৰাকৰ বাগদাদৰ কাষৰীয়া গাওঁ এখনত জন্ম হৈছিল আজান ফকীৰৰ ৷ তেখেতৰ প্ৰকৃত নাম আছিল শ্বাহ মীৰান ৷ বাগদাদৰ ঘৰ-বাৰী এৰি শ্বাহ মীৰানে তেওঁৰ ভাতৃৰ সৈতে আফগানিস্থান হৈ ভাৰতত প্ৰবেশ কৰেহি ৷ আজমীৰ, দিল্লীত কিছুদিন অতিবাহিত কৰি তেওঁলোক প্ৰৱেশ কৰেহি অসমত ৷ অসমৰ ছোৱালীক বিয়া কৰাই সকলো সামাজিক ৰীতি-নীতি গ্ৰহণ কৰি অসমীয়া ভাষা-সংস্কৃতিৰ লগত মিলি গৈছিল ৷ হাজোৰ হজৰত গিয়াছুদ্দিন আউলিয়াৰ দৰগাহত কেইবা বছৰ থাকি বৈষ্ণৱ কবি, বৈষ্ণৱ সাহিত্য, নৃত্যগীত, ওজাপালি, অন্যান্য লোকগীত আদিৰ ছন্দ, সুৰ আদিৰ লগত ভালদৰে মনোনিবেশ কৰিলে ৷ এই সকলোবোৰৰ পৰাই অনুপ্ৰাণিত হৈ আজান ফকীৰে এক অসাধাৰণ গীত “জিকিৰ” ৰচনা কৰিবলৈ লৈছিল ৷

হাজোৰ পৰা দুই ভাতৃ উজনিৰ দিশে আগবাঢ়িল আৰু আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ নিচেই কাষতে থকা চুণপোৰা গাঁৱত থাকিবলৈ লয় আৰু তাতে এটা মছজিদ নিৰ্মাণ কৰে ৷ তাতে তেওঁ জিকিৰ ৰচনা আৰু সুৰ দিবলৈ আৰম্ভ কৰিলে ৷ সেই মছজিদৰ আশে পাশে থকালোকসকলে তেওঁৰ “আজান ফকীৰ” নামকৰণ কৰে ৷ তেওঁ ইছলাম ধৰ্ম আৰু ৰীতি-নীতি আদৰ্শ সম্পৰ্কীয় জিকিৰ গীতসমূহ ৰচনা কৰি চিনাকী অসমীয়া সুৰতে গোৱাৰ দিহা কৰিছিল ৷ জিকিৰৰ কথা, ছন্দ, সুৰৰ মধুৰতাৰ বাবেই অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈছিল ৷ লাহে লাহে আজান ফকীৰ চাহেবৰ নাম-যশ সমগ্ৰ অসমতে বৃদ্ধি পাবলৈ ললে ৷ ৰজা গদাধৰ সিংহৰ মুছলমান বিষয়া ৰূপাই দাধৰাই আজান ফকীৰৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হয় ৷ প্ৰথমে গুপ্তচৰ আৰু পাছত ইছলাম ধৰ্ম বিকৃত কৰাৰ অভিযোগেৰে অভিযুক্ত কৰা হয় ৷ বৃদ্ধ বয়সত আজান ফকীৰ আৰু ভাতৃ নবীক বন্দী কৰি চকু কাঢ়িব নিৰ্দেশ দিয়া হয় ৷ আজান ফকীৰৰ চকু কাঢ়ি নিয়াৰ পাছতেই ৰাজ্যত নানা দুৰ্যোগ নামি আহিছিল ৷ এই ঘটনাৰ পাছতেই ৰজাই নিজৰ ভুল আৰু আজান ফকীৰৰ অলৌকিক শক্তিৰ বিষয়ে জ্ঞাত হয় ৷ মনীষীজনৰ প্ৰতি সন্মান জনাই শৰাগুৰি চাপৰিত ৰজাই নিজে মঠ সজাই সংস্থাপনৰ দিহা কৰি দিয়ে ৷

আহোম ৰজাই সজাই দিয়া মঠৰ চিন এই দৰগাহত এতিয়াও দেখা পোৱা যায় ৷ গড়, মছজিদ, কবৰ আৰু এটা পুখুৰীয়ে ঐতিহ্য বহন কৰি আহিছে ৷ প্ৰায় ১২০ বছৰ বয়সত আজান ফকীৰৰ মৃত্যুৰ পাছত মছজিদৰ কাষতে কবৰ দিয়া হয় ৷ পিছলৈ কবৰটো পুনৰ নিৰ্মাণ কৰা হয় ৷ এই চৌহদৰ ভিতৰত থকা শৰা গছ জোপাৰ তলতে আজান ফকীৰ চাহাবে সঙ্গী সকলৰ লগত জিকিৰ চৰ্চা কৰিছিল ৷

উজনিৰ হিন্দু-মুছলমানৰ মিলন ভূমি “আজান পীৰ দৰগাহ” দৰ্শন কৰিবলৈ দেশ বিদেশৰ দৰ্শনাৰ্থীৰ ভীৰ পৰিলক্ষিত হয় ৷ পবিত্ৰ দৰগাহত দোৱা আৰু নামাজ আদায়েৰে ইছলাম ধৰ্মালম্বীলোকসকলে পূণ্য প্ৰাপ্তি কৰে ৷

– বিজিত দত্ত,

যোৰহাট

ব্ল’গ: http://bijitdutta.com//

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.