আই

1

তেওঁ মোৰ আই

দুটা শেঙুন বৰণীয়া ওঁঠ

যিয়ে শব্দ নকৰাকৈ হাঁহে

আৰু কান্দিলে কোনেও নেদেখে

যাৰ ৰসহীন নাভিৰ তলত

ঈশ্বৰৰ জন্মস্থান

আকাশী চাদৰত বীৰ্যৰ দাগ

যাৰ স্তন দুটা নাই

আৰু তাতেই গাখীৰ বিচাৰি

ঘোলা কৰোঁ আইৰ বুকু

যাৰ স’তে অভিজাতৰ কুকুৰেও

সহবাস নকৰে

অথচ তেওঁ জন্ম দিয়ে

জাৰজ ঈশ্বৰ আল্লা ইত্যাদি

তেওঁ মোৰ আই

যিয়ে মন্দিৰ মছজিদত দেহ এৰি

ৰাতি কটায়

যিয়ে ভোকত মাটি বিচাৰি

সূৰ্য্য হেৰুৱায়

যাৰ সূৰ্যমুখী দুহাতত

বেশ্যাৰ অনুগ্ৰহ

তেওঁ মোৰ আই

ধাৰণ কৰে

বাৰণ কৰিব নোৱাৰে

নগৰখনে ছাতি মেলি

যাৰ সুখ আৰু দুখৰ

সংজ্ঞা নিৰ্ণয় কৰে

তেৱেই মোৰ আই

যাৰ ঘৰ ফুটপাথত

– মোবাইল  নং: ৯৮৬৮৭১৭৮৮

Share.

About Author

1 Comment

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.