আই চি চি চেম্পিয়নছ ট্ৰফীৰ চেম্পিয়ন ভাৰত

0

বহু প্ৰত্যাশিত আই চি চিৰ সন্মানীয় চেম্পিয়নছ ট্ৰফীটো অৱশেষত ভাৰতেই দখল কৰিবলৈ সক্ষম হয় ৷ যোৱা ২৩ জুনত ইংলেণ্ডৰ বাৰ্মিহামত অনুষ্ঠিত এজবাষ্টন ক্ৰিকেট গ্ৰাউণ্ডত আই চি চি চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলখনত ভাৰতে আয়োজক ইংলেণ্ডক ঘৰৰ মাটিতে ৫ ৰানত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে ৷ প্ৰচুৰ বৰষুণৰ বাবে ফাইনেল খেলখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তীব্ৰ শংকাৰ সৃষ্টি হৈছিল যদিও পিছত বৰষুণ কমিবলৈ লোৱাত খেলখন ২০ অ’ভাৰলৈ হ্ৰাস কৰা হয় ৷ ইয়াৰ আগেয়ে টছত পৰাস্ত হৈ ভাৰতে বেটিং কৰিবলৈ বাধ্য হোৱাৰ পিছত ভাৰতীয় দলে পূৰ্বৰ খেলকেইখনৰ দৰে চমকপ্ৰদ প্ৰদৰ্শন কৰাত সক্ষম হোৱা নাছিল ৷ যাৰ ফলত বিপৰ্যয়ৰ মাজেৰে ভাৰতে নিৰ্ধাৰিত অ’ভাৰত ৭টা উইকেট হেৰুৱাই মাত্ৰ ১২৯ ৰাণ কৰিবলৈহে সক্ষম হৈছিল ৷ ৬৬ ৰাণতে ৫ টাকৈ উইকেট হেৰুওৱা ভাৰতীয় দলে বিৰাট কোহলিৰ ৪৩ ৰাণ আৰু ৰবীন্দ্ৰ জাডেজাৰ ৩৩ ৰাণৰ সহায়ত এক প্ৰত্যাহ্বানজনক স্ক’ৰ থিয় কৰাবলৈ সক্ষম হয় ৷ ইয়াৰোপৰি অ’পেনাৰ শিখৰ ধাৱানে ৩১ ৰাণৰ ইনিংছ খেলি দলক একপ্ৰকাৰ সকাহ প্ৰদান কৰে ৷ ইংলেণ্ডৰ হৈ ৰবি বোপাৰাই ৩টা উইকেট দখল কৰে ৷ প্ৰত্যুত্তৰত ইংলেণ্ডেও বেটিং কৰিবলৈ লৈ বিপৰ্যয়ৰ সন্মুখীন হয় ৷ ইংলেণ্ডৰ ইয়ন মৰ্গানে সৰ্বাধিক ৩৩ ৰাণ কৰি দলক বিপৰ্যয়ৰ লগতে জয়ৰ মুখ দেখুৱাবলৈ চেষ্টা কৰিছিল যদিও ভাৰতীয় পেচাৰ ঈশান্ত শৰ্মাই একেলগে দুটাকৈ উইকেট লৈ সেই আশা মুহুৰ্ত্ততে নিৰ্বাপিত কৰিছিল ৷ ইয়াৰোপৰি ভাৰতৰ হৈ জাডেজা আৰু আশ্বিনেও দুটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ ভাৰতে এই জয়ৰ লগে লগে দ্বিতীয়বাৰলৈ আই চি চি চেম্পিয়নছ ট্ৰফীৰ চেম্পিয়নৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, ২০০২ চনত বৰষুণৰ বাবে পৰিত্যক্ত হোৱা ফাইনেল খেলখনত ভাৰতীয় দলে শ্ৰীলংকাৰ সৈতে চেম্পিয়নৰ খিতাপৰ সন্মান ভগাই ল’ব লগা হৈছিল ৷ স্মৰ্তব্য যে, উক্ত প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ লগে লগে ভাৰতীয় দলৰ সৌভাগ্যশালী অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে এক বিৰল কৃতিত্বৰ অধিকাৰী হয় ৷ সেয়া হ’ল আই চি চি য়ে আয়োজন কৰা তিনিখন বৃহৎ প্ৰতিযোগিতাত খিতাপ দখল কৰা একমাত্ৰ অধিনায়ক ৷ ধোনীৰ নেতৃত্বত ভাৰতে ২০০৭ চনত টুৱেন্টী-২০ বিশ্বকাপ জয় কৰাৰ পিছত ২০১১ চনত এদিনীয়া বিশ্বকাপ আৰু এইবাৰ চেম্পিয়নছ ট্ৰফী অৰ্থাৎ মিনি বিশ্বকাপ জয় কৰি একেৰাহে তিনিখন ভিন্ন বিশ্বকাপত খিতাপৰ হেটট্ৰিক অৰ্জন কৰে ৷ যি ত্ৰিমুকুট বিশ্ব ক্ৰিকেটত কোনো এগৰাকী অধিনায়কে এতিয়ালৈকে পিন্ধিবলৈ সক্ষম হোৱা নাই ৷ আনহাতে, উক্ত প্ৰতিযোগিতাত ব্যক্তিগত সৰ্বাধিক ৰাণ কৰিবলৈ সক্ষম হয় ভাৰতৰ অ’পেনাৰ শিখৰ ধাৱানে ৷ ধাৱানে ৫ খন খেলত ৯০.৭৫ গড়ে মুঠ ৩৬৩ ৰাণ কৰে ৷ য’ত আছিল দুটাকৈ শতক ৷ সৰ্বোচ্চ আছিল ১১৪ ৰাণ দক্ষিণ আফ্ৰিকাৰ বিপক্ষে ইয়াৰোপৰি প্ৰতিযোগিতাৰ সৰ্বাধিক উইকেট দখলকাৰী হ’ল ভাৰতৰ স্পিনাৰ ৰবীন্দ্ৰ জাডেজা ৷ জাডেজাই ৫খন খেলত মুঠ ১২টা উইকেট দখল কৰে ৷ য’ত শ্ৰেষ্ঠ বলিং হিচাপে আছে ৩৬ ৰাণত ৫টা উইকেট ৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গল্ডেন বেট লাভ কৰে শিখৰ ধাৱানে ৷ উল্লেখ্য যে, এইখনেই আছিল আই চি চি চেম্পিয়নছ ট্ৰফীৰ সপ্তম তথা অন্তিমখন প্ৰতিযোগিতা ৷ ইয়াৰ পিছত আই চি চি য়ে এদিনীয়াৰ পৰিৱৰ্তে ২০১৭ চনৰ পৰা আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ প্ৰতিযোগিতা আৰম্ভ কৰিব ৷ ১৯৯৮ চনৰ পৰা প্ৰতিদুবছৰৰ মূৰে মূৰে আই চি চি চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাৰ আৰম্ভনি হৈছিল ৷

– ভেংকম ভাৰ্জিন

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.