অসম … আজিৰ এই পুৱাত !!!

0

সেউজীয়া নিয়ৰৰ প্ৰতিটো বিন্দুৰ প্ৰচ্ছদত

বাজি উঠে প্ৰভাতি সূৰুযৰ গান…

সেই গানতে নাচে আজি পবিত্ৰ তীৰ্থ থান …!!!

ময়ূৰ চৰায়ে পেখন ধৰে ;

আঁউসীৰ নিশা উৰা মাৰে ,

আনে শেৱালিৰ প্ৰভাত ….

হেঙুলীয়া কিৰণে ৰহণ সানে

আজিৰ এই সোণোৱালী ধৰাত….!!!

কলং নদীৰ পাৰত শুনিলো

কোনো চিনাকি বাঁহীৰ ধ্বনি ….

বেলিটিও চোন কঁকাল ভাঙিলে

ধন্য অসম ভূমি ঐ ধন্য অসম ভূমি ….!!!

 

ঠিকনা: ৰঙিয়া

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.