অসমীয়া ৱিকিপিডিয়াৰ এটা দশক

0

 যোৱা ১০ জুন ২০১২ তাৰিখে কটন কলেজৰ ছুডমাৰ্ছন হলত অসমীয়া ৱিকিপিডিয়াৰ দশম বৰ্ষপূৰ্তি অনুষ্ঠিত হৈ যায়, যিকোনো ভাৰতীয় ভাষাৰ ভিতৰত প্ৰথম ভাৰতীয় ভাষাৰ ৱিকিপিডিয়াখনৰ বাবে ই আছিল এক ঊল্লেখযোগ্য দিন ৷

ইন্টাৰনেটৰ লগত পৰিচয় থকা কাকো আজি ৱিকিপিডিয়াৰ সংজ্ঞা নতুনকৈ দিয়াৰ প্ৰয়োজন নাই, ৱিকিমিডিয়া ফাউণ্ডেচনে আৰম্ভ কৰা ৱিকিপিডিয়া নামৰ বহুভাষিক বিশ্বকোষৰ মূল লক্ষ্য হৈছে পৃথিৱীৰ প্ৰত্যেক ব্যক্তিৰ মাতৃভাষাতে এখন উৎকৃষ্ট মানৰ মুক্ত বিশ্বকোষ ৰচনা কৰা আৰু বিনামূলীয়াকৈ পাবপৰা জ্ঞানৰ বিতৰণ কৰা (১)৷ বৰ্তমান পৃথিৱীৰ ২৮২টা ভাষাত (২০টা ভাৰতীয় ভষা) ৱিকিপিডিয়া ঊপলব্ধ, ইয়াৰে ইংৰাজী ভাষাৰ ৱিকিপিডিয়া প্ৰায় ৩৯লাখ ৮৬হাজাৰ প্ৰৱন্ধৰে সংখ্যাৰ ফালৰ পৰা সকলোতকৈ চহকী, ২০০১ চনত এইখন ৱিকিপিডিয়াৰেই প্ৰথম ৱিকিপিডিয়া প্ৰকল্প আৰম্ভ হৈছিল৷ কোৱা হয় আমি চিন্তা কৰিব পৰা এনেকুৱা বহুত কম বিষয় আছে যিটো বিষয়ৰ প্ৰৱন্ধ আপুনি ইংৰাজী ৱিকিপিডিয়াত বিচাৰি নাপাব ৷

ইংৰাজী ৱিকিপিডিয়াৰ স্থাপনৰ পাছৰ বছৰ ২০০২ চনৰ ২ জুনত প্ৰথম ভাৰতীয় ভাষাৰ ৱিকিপিডিয়া হিচাপে অসমীয়া ৱিকিপিডিয়া মুকলি কৰা হয় ৷ বৰ্তমান অসমীয়া ৱিকিপিডিয়াৰ প্ৰৱন্ধৰ সংখ্যা ১৩২৪ টা (২৮ জুন ২০১২ লৈকে)৷ ২০০২ চনত প্ৰথম ভাৰতীয় ভাষাৰ ৱিকিপিডিয়া হিচাপে অসমীয়া ৱিকিপিডিয়াই মুক্তি লাভ কৰে যদিও তাৰ পাছৰ কেইটামান বছৰ অসমীয়া ৱিকিপিডিয়াই জটিল সময়ৰ মাজেদি আগবাঢ়িব লগা হয় ৷ অসমীয়া লিখন সঁজুলিৰ অভাৱ, ৱিকিপিডিয়া সম্পৰ্কে অসমীয়া মানুহৰ অজ্ঞতা আৰু সক্ৰিয় সম্পাদকৰ অভাৱৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ বিকাশ অতি লেহেমীয়া গতিত আগবাঢ়ে, প্ৰৱন্ধৰ সংখ্যা ১০০ হ’বলৈ অসমীয়া ৱিকিক প্ৰায় পাচঁ বছৰৰ সুদীৰ্ঘ সময়ৰ প্ৰয়োজন হয় ৷

২০১০ চনত এই সংখ্যাই ২৫০ অতিক্ৰম কৰে৷ এই সময়তে চ’চিয়েল নেটৱ’ৰ্কিং চাইট সমূহৰ বহুল প্ৰচলন আৰু এইবোৰত ৱিকি সম্পৰ্কে হোৱা আলোচনাই কিছুসংখ্যক লোকক অসমীয়া ৱিকিৰ বিকাশৰ প্ৰতি আগ্ৰহী কৰি তোলে, আৰু যোৱা দুটা বছৰত ৱিকিৰ সক্ৰিয় সদস্য(সম্পাদক)ৰ সংখ্যা ক্ৰমাত বৃদ্ধি পায় ৷ ইউনিকোড প্ৰণালীৰ উত্থান, আৰু এই প্ৰণালীৰ ভিত্তিত নকৈ ওলোৱা কিছুমান অসমীয়া লিখন সঁজুলিৰ বিকাশে বৰ্তমানে অসমীয়া ৱিকিপিডিয়া বা ইন্টাৰনেটত অসমীয়া লিখাতোও ক্ৰমাত সহজ কৰি পেলালে ৷ ফলস্বৰূপে শেষৰ দূটা বছৰত অসমীয়া ৱিকিৰ বিকাশৰ হাৰত অভূতপূৰ্ব উত্তৰণ দেখা গ’ল আৰু অসমীয়া ৱিকিৰ প্ৰৱন্ধ সংখ্যাই ১০০০ (৭ জানুৱাৰী ২০১২ত)অতিক্ৰম কৰে ৷ বৰ্তমান এই সংখ্যা প্ৰায় ১৩০০ ৷ যদিও অসমীয়াৰ পাছত মুকলি হোৱা ভাৰতীয় ভাষাৰ আন কিছুমান ৱিকিপিডিয়া যেনে মালায়ালম ৱিকিপিডিয়া বা বাংলা ৱিকিপিডিয়াৰ প্ৰৱন্ধ সংখ্যাৰ তুলনাত এই সংখ্যা নিচেই কম, তথাপি অসমীয়া ৱিকিপিডিয়াৰ শেষ দূটা বছৰত হোৱা বিকাশ অসমীয়া ৱিকিপিডিয়াৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ৷ আৰু ভৱিষ্যতৰ এখন সমৃদ্ধিশালী অসমীয়া ৱিকিপিডিয়াৰ বাবে এই দূটা বছৰে বহুতো প্ৰতিশ্ৰুতি বহণ কৰিছে| বৰ্তমান অসমীয়া ৱিকিপিডিয়া পঞ্জীভুক্ত ব্যৱহাৰকাৰী 4,791 জন, আৰু সক্ৰিয় সদস্যৰ সংখ্যা প্ৰায় ৩৫ জন ৷

ফেচবুকত গঢ়ি উঠা Assamese Wikipedia Community (অসমীয়া ৱিকিপিডিয়া সমাজ) নামৰ গোট অসমীয়া ৱিকিপিডিয়া সম্পৰ্কে বহুতো লোকৰ মাজত সজাগতা সৃষ্টি কৰা আৰু নতুন সম্পাদকক আকৰ্ষণ কৰাত যথেষ্ট সফল হোৱা দেখা গৈছে ৷ অৱশ্যে অসমীয়া ৱিকিপীডিয়া সম্পৰ্কে এই সজাগতা সৃষ্টিৰ অভিযানত কেইজনমান অতি সক্ৰিয় ৱিকিপিডিয়াৰ সদস্যৰ ওপৰিও ৱিকিমেডিয়া ফাউণ্ডেচনৰ ভাৰতৰ কেজনমান ৱিকিপিডিয়া পৰামৰ্শদাতাৰ অৱদান অতি গুৰুত্বপূৰ্ণ, অসমীয়া ভাষাৰ লগত বিশেষ কোনো চিনাকী নথকা এইকেইজন পৰামৰ্শদাতাই য়োৱা কেইবাটাও বছৰ ধৰি অসমীয়া ৱিকিপিডিয়াৰ উন্নতিৰ বাবে সকলো ধৰণৰ সহায় আগবঢ়াই আহিছে, এই সকলৰ ভিতৰত মালায়ালম ৱিকিপিডিয়াৰ সদস্য আৰু ৱিকিমেডিয়া ফাউণ্ডেচনৰ ইণ্ডিক ইনিচিয়েটিভৰ পৰামৰ্শদাতা “চিযু এলেক্স”ৰ নাম বিশেষভাৱে ঊল্লেখযোগ্য ৷ প্ৰতিজন ৱিকিপিডিয়াৰ সম্পাদক আৰু আগ্ৰহী লোকক ব্যক্তিগত ভাবে যোগাযোগ কৰি অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ উত্‍সাহিত কৰাৰ কাম চিযুৱে যোৱা কেইবাবছৰ ধৰি কৰি আহিছে, শেষতীয়াকৈ অসমীয়া ৱিকিৰ বাবে চিযুৱে অসম ভ্ৰমণ কৰিও যায় ৷ চিযুৰ অসম ভ্ৰমণৰ এই সময়চোৱাতে অসমীয়া ৱিকি সম্পৰ্কে অধিক সজাগতা বৃদ্ধিৰ ঊদ্দেশ্যে সক্ৰিয় সম্পাদকসকলে অসমীয়া ৱিকিৰ কৰ্মশালা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰে, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগত ২০১২ চনৰ ২৯ জানুৱাৰীত অসমীয়া ৱিকিপিডিয়াৰ প্ৰথমখন কৰ্মশালা অনুষ্ঠিত হয় আৰু তাৰ দুদিন পাছতে দ্বিতীয় খন কৰ্মশালা অনুষ্ঠিত হয় তেজপুৰ বিশ্ববিদ্যালয়ত, দুয়োখন কৰ্মশালাত মুঠ প্ৰায় ১০০জন মান সদস্য আৰু আগ্ৰহী লোক মিলিত হয় ৷ কৰ্মশালা দূখনে ইয়াৰ মূল ঊদ্দেশ্য নতুন সম্পাদকক ৱিকিপিডিয়ালৈ আকৰ্ষণ কৰাত যতেষ্ঠ সফল হোৱা দেখা যায়, বৰ্তমানৰ প্ৰায় দহজন সক্ৰিয় সদস্য এই দূখন ৱিকিপিডিয়া কৰ্মশালাৰ পাছৰে পৰা সক্ৰিয় হোৱা দেখা যায় ৷

যোৱা চাৰিটামান মাহত অসমীয়া ৱিকিপিডিয়াত প্ৰৱন্ধ সমূহৰ অধিক সুশৃংখলিত বিকাশৰ বাবে কেবাটাও প্ৰকল্পও গঢ়ি উঠিছে, ৬ ফেব্ৰুৱাৰী ২০১২ তাৰিখে প্ৰথম প্ৰকল্প “ৱিকিপ্ৰকল্প পদাৰ্থবিজ্ঞান” মুকলি কৰে সদস্য চিযু এলেক্স আৰু দীপাংকৰ চেতিয়াই, এই প্ৰকল্পৰ প্ৰথম পৰ্বৰ মূল ঊদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াত পদাৰ্থ বিজ্ঞানৰ লগত জড়িত সাধাৰণ বিষয় সমূহৰ ওপৰত নতুন আৰু গুণগত মানসম্পন্ন প্ৰবন্ধৰ সৃষ্টি কৰা। তাৰ পাছতে সদস্য ডা0 গীতাৰ্থ বৰদলৈএ চিকিৎসা বিজ্ঞান বা স্বাস্থ্য ৰক্ষাৰ লগত জড়িত প্ৰয়োজনীয় বিষয়সমূহৰ অসমীয়া ভাষাত উচ্চ মানবিশিষ্ট প্ৰবন্ধৰ সৃষ্টি কৰা ঊদ্দেশ্যে “ৱিকিপ্ৰকল্প চিকিত্‍সাবিজ্ঞান” আৰম্ভ কৰে ৷ ইয়াৰ লগত সংগতি ৰাখি প্ৰকল্পৰ অংশ হিচাপে ২৪ এপ্ৰিল তাৰিখ মঙ্গলবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মূলতঃ চিকিৎসকসকলৰ উদ্দেশ্যে অসমীয়া ৱিকিপিডিয়াৰ তৃতীয়খন কৰ্মশালাৰ আয়োজন কৰা হয়| শেষৰ দূটামান মাহত “ৱিকিপ্ৰকল্প তথ্য প্ৰযুক্তিবিদ্যা”, “ৱিকিপ্ৰকল্প অসমৰ জিলা” আদি নতুন প্ৰকল্প আৰম্ভ হৈছে ৷

যোৱা ২জুন তাৰিখে অসমীয়া ৱিকিপিডিয়াই দহটা বছৰ সম্পূৰ্ণ কৰে, এই ঊপলক্ষে যোৱা ১০ জুন ২০১২ তাৰিখে কটন কলেজৰ ছুডমাৰ্ছন হলত অসমীয়া ৱিকিৰ চতুৰ্থ কৰ্মশালা আৰু দশম বৰ্ষপুৰ্তি অনুষ্ঠান উত্‍যাপন কৰা হয় ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ৱিকিত অসম সম্পৰ্কীয় মিডিয়াৰ বৃদ্ধিৰ ঊদ্দেশ্যে এখনি আলোকচিত্ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়, অসমৰ বিভিন্ন স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়ত এই প্ৰতিযোগীতাৰ পূৰ্বে চিত্ৰ বিচাৰি জাননী প্ৰচাৰ কৰা হয় ৷ প্ৰতিযোগীতাৰ বিজয়ী সকলক বৰ্ষপুৰ্তি অনুষ্ঠানত পুৰস্কৃত কৰা হয় ৷ আলোকচিত্ৰ প্ৰতিযোগিতাৰ লগতে নতুন সদস্যক আকৰ্ষণ কৰিবৰ বাবে এখন প্ৰৱন্ধ প্ৰতিযোগীতাও অনুষ্ঠিত কৰা হয় ৷

এই সময়খিনি অসমীয়া ৱিকিপিডিয়াৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ সময়, অসমীয়া ৱিকিৰ প্ৰতি কিছুসংখ্যক লোকৰ বাঢ়ি অহা আগ্ৰহ আৰু লাহে লাহে বাঢ়িব ধৰা সজাগতাক ধৰি ৰখাতো অত্যন্ত প্ৰয়োজনীয়, এই ত্বৰণ ধৰি ৰাখিব নোৱাৰিলে অসমীয়া ৱিকিপিডিয়া এখন সমৃদ্ধিশালী ৱিকিপিডিয়া হোৱাৰ সপোন কেতিয়াও পূৰণ নহ’ব, ৱিকিপিডিয়াৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সাধাৰণ মানুহৰ মাজত প্ৰচাৰ কৰাতো খুবেই প্ৰয়োজনীয়, অসমৰ স্থানীয় প্ৰচাৰ মাধ্যম সমূহৰ অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি উদাশীনতাও এইক্ষেত্ৰত প্ৰধান হেঙাৰ হোৱা দেখা গৈছে ৷ এই ঊদ্দেশ্যে বৰ্তমান অসমীয়া ৱিকিপিডিয়াই “সততে উদিত প্ৰশ্নসমূহৰ হাতপুথি” প্ৰকাশ কৰি উলিয়াইছে, ইন্টাৰনেটত সজাগতা বৃদ্ধিৰ বাবে মেইলিং লিষ্ট সেৱা আৰম্ভ কৰা হৈছে, অসমীয়া ৱিকিপিডিয়াৰ “চিডি(প্ৰথম সংখ্যা)” উলিওৱাৰো প্ৰস্তাৱ কৰা হৈছে ৷ সম্পাদকৰ সংখ্যাৰ বৃদ্ধিৰ হাৰ আৰু তেওঁলোকৰ সক্ৰিয়তাৰ ওপৰতেই অসমীয়া ৱিকিৰ সমগ্ৰ ভৱিষ্যত বৰ্তমান নিৰ্ভৰ কৰি আছে৷

 

 

তথ্যসূত্ৰ:

(১) ৱিকি ৱিকিপিডিয়া অসমীয়া ৱিকিপিডিয়া —- অসমীয়া ৱিকিপিডিয়া সম্প্ৰদায় ৷

(২) অসমীয়া ৱিকিপিডিয়া ৷

(৩) অসমীয়া ৱিকিপিডিয়া সমাজৰ (ফেচবুক গ্ৰুপ) আলোচনা ৷

(৪) অসমীয়া ৱিকিপিডিয়া মেইলিং লিষ্টৰ বিভিন্ন চিঠি ৷

দীপাংকৰ চেতিয়াৰ ব্লগত পঢ়িবলৈ ক্লিক কৰক

লেখকৰ ঠিকনা:
তেজপুৰ বিশ্ববিদ্যালয়

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.