৪০তম কাৰ্বি যুৱ মহোৎসৱ

0

১৯৭৮চনটো কাৰ্বিসকলৰ বাবে এটা উল্লেখনীয় বছৰ ৷ সেই বছৰতে কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত প্ৰথম যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিল ৷ উত্তৰ-পূৱ ভাৰতবৰ্ষৰ প্ৰথম যুৱ মহোৎসৱটিত সমূহ কাৰ্বি যুৱ সমাজ একত্ৰিত হৈছিল ৷

তাৰ তিনি বছৰৰ পাছত ১৯৭৭ চনত জন্ম হোৱা ‘কাৰ্বি সাংস্কৃতিক সমাজ’এ  নিয়মীয়াকৈ ‘কাৰ্বি যুৱ মহোৎসৱ’ৰ মুখ্য উদ্যোক্তা হৈ আহিছে ৷ কাৰ্বিসকলৰ ঐতিহ্য আৰু সংস্কৃতিৰ ধ্বজা বহন কৰি অহা মহোৎসৱখনি জিলাখনৰ তাৰালাংছ’ত অনুষ্ঠিত হৈ আহিছে ৷ ১০৮৬ বিঘা মাটিৰে আগুৰি থকা স্থায়ী মহোৎসৱস্থলীৰ সেউজ পৰিবেশ অতিকৈ আকৰ্ষণীয় ৷ মহোৎসৱস্থলীৰ মঞ্চ, মন্দপ, চাংঘৰ আদিয়ে প্ৰাচীন গ্ৰীকশৈলীত কাৰ্বি ঐতিহ্য বহন কৰে ৷

উৎপত্তি কালৰে পৰা কাৰ্বি যুৱ মহোৎসৱে সংস্কৃতিৰ উপৰিও শৈক্ষিক, দু:সাহসিক ক্ৰীড়া আৰু পৰম্পৰাগত ক্ৰীড়াশৈলীক এক সুকীয়া মাত্ৰা প্ৰদান কৰি আহিছে ৷ কাৰ্বি যুৱ মহোৎসৱে কেৱল যুৱ প্ৰজন্মকে প্ৰতিনিধিত্ব নকৰি শিশুসকলৰ উদ্দেশ্যেও বিভিন্ন শৈক্ষিক, সাধু কোৱা আদি অনুষ্ঠান আয়োজিত হয় ৷

চলিত বৰ্ষৰ ৪০তম কাৰ্বি যুৱ মহোৎসৱ একেই উৎসাহ উদ্দীপনাৰে ১৫ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হয় ৷ কাৰ্বিসকলৰ বিভিন্ন নৃত্য-গীত প্ৰদৰ্শন আৰু প্ৰতিযোগিতা, সাংস্কৃতিক শোভাযাত্ৰা, পৰম্পৰাগত খেল-ধেমালী, দু:সাহসিক ক্ৰীড়া, বাঁহ-কাঠৰ সামগ্ৰী, সাজ-পোচাককে ধৰি বিভিন্ন বিপনী, ফেশ্বন শ্ব’, Miss Karbi Youth Festival 2014 সৌন্দৰ্য্য প্ৰতিযোগিতা আদি অনুষ্ঠিত হয় ৷

– বিজিত দত্ত, যোৰহাট

ব্ল’গ: http://bijitdutta.wordpress.com/

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.