৩৯ তম কাৰ্বি যুৱ মহোৎসৱ

0

কাৰ্বি কালচাৰেল ছ’ছাইটীৰ উদ্যোগত কাৰ্বি আংলঙৰ তাৰালাংছত ২৫ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ আয়োজন কৰা হ’ল ৩৯তম কাৰ্বি যুৱ মহোৎসৱ।

২৫ ফেব্ৰুৱাৰীত মহোৎসৱৰ শুভাৰম্ভ কৰে কাৰ্বি ৰজা কাংবুৰা হান্সেই।

জিলাখনৰ সকলো প্ৰান্তৰ পৰা অহা জনতাৰে মহোৎসৱ থলীত বিৰ দি বাট নোপোৱাৰ অৱস্থাৰ সৃষ্টি হৈছিল। ৰাজ্যখনৰ বিভিন্ন স্থানৰ উপৰিও দেশী-বিদেশী পৰ্যটকে উপভোগ কৰিলে।

যুৱ শিল্পী সকলৰ ৰঙীন সাজপোছাকে মহোৎসৱ থলীত আকৰ্ষণৰ কেন্দ্ৰ বিন্দু আছিল। যুৱ শিল্পী সকলৰ নৃত্য-গীতে বিশাল মহোৎসৱ থলীত দৰ্শক-পৰ্যটকক আপ্লুত কৰে, তাৰ উপৰিও কাৰ্বি সমাজৰ বিভিন্ন থলুৱা ক্ৰীড়াৰ প্ৰতিযোগিতাও অনুষ্ঠিত হয়।

থলুৱা খাদ্য-সম্ভাৰ, বাঁহ-কাঠৰ সামগ্ৰী, কাৰ্বি গহনা, সাজপোছাক আদিৰ বিপনীত যথেষ্ট ভিৰ পৰিলক্ষিত হয়।

জাকভে আছং (Jakve Asong) নামৰ স্বয়ং সেৱী সংস্থাটোৱে মহোৎসৱ থলীতে কাৰ্বি আংলঙৰ পৰ্যটন উদ্যোগক Audio Visual মাধ্যমেৰে প্ৰদৰ্শিত কৰাৰ উপৰিও দৰ্শকক নৌকা বিহাৰৰ আমোদ দিয়ে।

 

bijitdutta-xondhan-8

 

 

bijitdutta-xondhan-7

 

 

bijitdutta-xondhan-6

 

 

bijitdutta-xondhan-5

 

bijitdutta-xondhan-4

 

bijitdutta-xondhan-3

 

bijitdutta-xondhan-2

bijitdutta-xondhan-1

– বিজিত দত্ত, যোৰহাট

ৱেবছাইট:http://bijitdutta.wordpress.com/

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.