য়েচে দৰজে ঠংচিলৈ ড° ময়িদুল ইছলাম বড়া বঁটা

0

বৰ অসমৰ প্ৰথম গৰাকী ডক্টৰেট, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ঢাকা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত উপাচাৰ্য ড° ময়িদুল ইছলাম বড়াৰ স্মৃতিত ২০১১ বৰ্ষৰ পৰা ড° ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিয়ে এই বঁটা আগবঢ়াই আহিছে আৰু ২০১৪ বৰ্ষত এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে স্বনাম ধন্য সাহিত্যিক য়েচে দৰজে ঠংচি । মৌন ওঁঠ মুখৰ হৃদয়, ছনম, শৱ কটা মানুহ, লিঙঝিক, পাপৰ পুখুৰী আদি বিভিন্ন সাহিত্য সম্ভাৰেৰে অসমীয়া সাহিত্যক চহকী কৰা ঠংচি পূৰ্বতে সাহিত্য একাডেমি বঁটা তথা ৰাষ্ট্ৰপতি ৰজত কমল বঁটাৰ বাবেও নিৰ্বাচিত হৈছে । এই গৰাকী সাহিত্যিকক ২২ ছেপ্তেম্বৰৰ দিনা ৰংপুৰ জ্যোতি ক্লাবত আয়োজিত এখন বঁটা বিতৰণী অনুষ্ঠানত এই বঁটা প্ৰদান কৰিব অসম সাহিত্য সভাৰ সভাপতি ইমৰান শ্বাহে ।

 

– বাতৰি সংগ্ৰহ:

ৰূপজ্যোতি কলিতা,

তেজপুৰ বিশ্ববিদ্যালয়

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.