হাৰিয়া খাই হাতীয়ে পিন্ধিলে জোতা

0

নোনাই ফৰেষ্ট ৰিজাৰ্ভত ৬ মাহ মান আছিলো এখন পুলি বাগানৰ কামত । আমাৰ বন কাৰ্য্যালয়ৰ ওচৰতে পশ্চিমে নোনাই চাহ বাগান পূৱে নদী । নদী খন পাৰ হৈয়ে ৰিজাৰ্ভৰ দক্ষিণ দিশত বাউণ্ডাৰীৰ কাষে কাষে বড়ো জনগোষ্ঠী আৰু আদিবাসী মানুহৰ বসতি । এই মানুহ খিনিৰ জীৱিকা হ’ল কৃষি । প্ৰচুৰ ধান পায় খেতিয়ক সকলে তথাপিও খাব নোজোৰে । ডিউটি কৰিবলৈ গ’লে দুই এঘৰত বহো । বৰ আদৰ সাদৰ কৰে আমাক । কাৰণটো হ’ল বনাঞ্চলৰ ওচৰতে ঘৰ যেতিয়া বনৰ কামত লগাওঁ । নতুন পুলি বাগান, বতাহত পৰা গছবোৰ কটা, লাইন কটা আদি কাম । তাৰ মাজতে তেওঁলোকে সুবিধা বুজি খৰি খেৰ,আৰু বনত কাম কৰা হাজিৰা পায় । এওঁলোকে সেয়েহে আমি গ’লে ঘৰত তৈয়াৰ কৰা হাৰিয়া খাবলৈ দিয়ে ।চগৰম দিনত চৰ্বত খোৱা যেনে লাগে । মই দুই তিনি গিলাছৰ ওপৰত নাখাওঁ । মাজে মাজে খালি মূৰটো অলপ ঘুৰাই আৰু ভৰি খন ক’ত পৰে গম নাপাওঁ কথাত কিন্তু তল নপৰো । টাউন চহৰত গৈ ঠাণ্ডা পেপচি, বিয়েৰ খোৱাৰ অভ্যাস আছে যেতিয়া লোকেল বিয়েৰ খোৱা যেনে অনুভৱ কৰো । মস্ত মস্ত পোহনীয়া গাহৰি বোৰ দেখো যদিও সেই বিধ মোৰ নচলে । মুৰ্গী হ’লে নিজে বনাইহে খাবলৈ ভাল পাওঁ । যতীন তাছাই এদিন মোক মুৰ্গী খাবলৈ মাতিলে । বাবু, দেওবাৰে আহিব আমাৰ ঘৰত দিনতে খানা খাম মুৰ্গী দুটা হ’লে হ’ব এটা কিন্তু আপোনাৰ। মই যতীনক হয় ভৰ দিলো । দেওবাৰ দিনটো ছুটিও কামটো প্ৰায় শেষ হওঁ হওঁ হৈছেই । পুলি বাগান খন ১০ হেক্টৰ আৰু এটা সপ্তাহ ভাল দৰে কাম কৰিলেই শেষ হ’ব। বাৰিষাৰ আহাৰ মাহত পুলি বিলাকৰ ওচৰত থকা ঘাঁহ বন, লতাবোৰ কাটি দিলে গছৰ পুলিবোৰ বাঢ়িবলৈ ধৰে । বহুতে কয় আমি গছৰ পুলি ৰুলে কেই বছৰ মানৰ পিচতে অৰণ্য হৈ পৰে অথচ গছৰ পুলি নি ৰুৱা সকলৰ বাঢ়িবই নোখোজে কাৰণ বা কি মোক সোধে । তেতিয়া কওঁ ল’ৰা ছোৱালীক জন্ম দিলেই নহ’ব আপডালো কৰিব জানিব লাগিব তেতিয়াহে ডাঙৰ স্বাস্থ্যবান হ’ব !

গছৰ ক্ষেত্ৰটো তেনেকুৱাই ।

যতীনৰ ঘৰৰ হাৰিয়া খায় লাহে লাহে খোজ দিলো নিজৰ থকা ঠাই বন কাৰ্য্যালয়লৈ । বেলি ডুবাৰ পিচৰে পৰা পাহাৰৰ পৰা নদীৰ পাৰে পাৰে হাতী আহিব ধৰে। গাঁৱত সোমাৱাৰ আগতে নোনাই নদীত গা ধুই থকা আৰু পোৱালীবোৰ খেলি থকা দেখো । কোন ফালে সিহঁতে অপাৰেচন চলাই আন্ধাৰ হ’লে হে গ’ম পোৱা যায় মানুহৰ চিঞৰ বাখৰ হৈ হাল্লাত । ওচৰৰ ঘৰ বিলাক চাংঘৰ প্ৰায় বিলাক মানুহৰে হাতীৰ বাবে । গৰিয়াঝাৰ লৈকে দেখিছো চাংঘৰ সাজি বসবাস কৰা । ৰাতি ১১ মান বজাত কাৰ্য্যালয়ৰ পূৱ দিশত বৰ হাল্লা জুই জ্বলাই ফটকা ফুটাই হাতীৰ জাক খেদিছে । মন কৰাত গম পালো ৰহন বসুমতাৰী গাঁৱত হাতীৰ চিঞৰ । ভাবিলো বিয়া খাবলৈ হাতী গৈছে । যোৱা কালি ৰহন বসুমতাৰী পুতেকৰে বিয়া আছিল । দিনত সময় নাপালে ৰাতি গ’ল চাগে হাতী বিয়া খাবলৈ । আমি কামৰ পৰা আহি থাকোতে লাওপানীৰ গোন্ধ পাইছিলো । হাতীয়ে গোন্ধ নোপোৱাৰ কোনো কথাই নাই শুৰ ডাঙি ডাঙি সেই বিলাকৰ গোন্ধ পাই ৰহন বসুমতাৰীৰ গাঁৱতে বা বসুমতাৰীৰ ঘৰত অপাৰেচন চলাইছে । পুৱা সোনকালে উঠি ভাত বনাই খায় বৈ টিফিনত ভৰাই লেবাৰ অহাৰ কাৰণে ৰৈ আছো । যতীনহঁত আহিল ১৫ জন লেবাৰ লৈ পুলি বাগানত যাবলৈ । কাম কৰি থকাত হাতীৰ জাকটো ওচৰতে থকা শব্দ পাইছিলো। হৈ হাল্লা কৰাত যেনিবা ভিতৰলৈ সোমাই গ’ল । যতীনে ক’লে- বাবু কালি ৰহন মাহাজনৰ বিয়াত ৰৈ যোৱা হাৰিয়া বহুত খালে । বাচন বৰ্তনো ভাঙি চিঙি চুৰমাৰ কৰিলে । পুৱা গৈছিলো চাবলৈ অৱস্থা নাই চোতাল ঘৰৰ । গাহৰিক দিবলৈ ৰখা হাৰিয়াৰ মেৰাবোৰো খায় শেষ কৰি বাচন বোৰ যেনি তেনি সিচৰিত হৈ আছে মাহাজনৰ পুতেক আহিয়ে পোৱা নাই কইনা লৈ । হাতীক বিয়া খাবলৈ নমতাৰ কাৰণে এনে কৰিলে যেন পাওঁ । বাৰু ঘুৰি আহোতে খবৰ কৰি যাম আৰু নতুন কইনাও চাই যাম । কামৰ পৰা ছুটি দি যতীনক লগত লৈ ৰহন বসুমতাৰী ঘৰলৈ পোনালো । বাহি বিয়াৰ হাই উৰুমি ক’ম । মহাজনে আমাক দেখি বিচনী খন মাৰি মাৰি আগবাঢ়ি আহিল । “হেই বাবু, কালিটো তহঁতৰ হাতী বাবু আহি আমাৰ চব বস্তু নষ্ট কৰিলে আৰ” । এ মহাজন ল’ৰাৰ বিয়া পাতিছ, আগতেটো মহাজন ঘৰ বিলাকত হাতীৰ ওপৰত উঠি বিয়া কৰাইছিল । তোমাৰটো ভাগ্য ভালেই মানুহেও খালে হাতীয়েও খালে ল’ৰাৰ বিয়া খন । বাবু, লাওপানী নাই কি খাবি । নালাগে দে অ’ মহাজন কইনাটোকে চাই যাওঁ । মহাজনে বহিব দিয়াত যতীন মই বহি ল’লো । কিছুসময়ৰ পাচতে নতুন কইনা দেখুৱালে । তামোল খন হাতত লৈ পকেটৰ পৰা ৫০ টকীয়া নোট খন দি কৃষ্ণ বুলি কৈ চা চিনাকি হৈ আহিলো যতীনৰ ঘৰত । যতীন এয়া ১০০ টকা দিলো ভাল চাই মতা মুৰ্গী আনিবি । বাবু, হাৰিয়া খাৱলৈ বৰ্মণ বাবুকো লগত আনিব আৰু সোনকালে আহিব ভাল হাৰিয়া বনাইছো । মই হ’ব বুলি কৈ কাৰ্য্যালয়লৈ আহিলো । ৰাতি দীপক বৰ্মণক কৈ থ’লো অহা কালি যতীনৰ ঘৰত দুপৰীয়াৰ খানাৰ কথা । যাতে দেওবৰীয়া
বজাৰ পৰা সোনকালে আহে । ভাত পানী খায় বিচনাত বাগৰ দি ৰেডিঅ’ অন কৰি গান শুনিবলৈ লৈছোহে ঘটং ঘটং শব্দ ! মই থকা ৰুমটো মাটিত ঘৰ পকাৰে সঁজা । শব্দ মন কৰিব ধৰিলো ৰেডিঅ’টো বন্ধ কৰি লাহেকৈ খিড়িকী খুলি চোৱাত দেখিলো ৰুমৰ কাষেৰে দুটা হাতী গাঁৱৰ ফালে গৈ আছে । ঘটং ঘটং শব্দ কৰি কৰি । হাতীৰ খোজ কাঢ়ি যোৱাত হৈছে আন্ধাৰ হোৱাৰ কাৰণে আৰু কিছু আতৰত থকাৰ কাৰণে ভাল দৰে দেখা নাপালো কিয় তেনে শব্দ হৈছে। হাতী কিন্তু ওচৰেদি পাৰ হৈ গ’লেও গমকে নাপায় ।

১১ মান বজাত যতীন তাছাৰ ঘৰত উপস্থিত হ’লো । ইতিমধ্যে যতীনে সকলো যোগাৰ কৰি থৈছে । মই বাহিৰৰ চালিৰ তলতে মুৰ্গী মাংস বনাব লাগি গ’লো । ঘৰৰ ভিতৰৰ পৰা যতীনে এক ডেকচি হাৰিয়া লৈ আহিল । গিলাচত বাকি দিছে হালধীয়া হালধীয়া লাওপানী । যতীন হতে লাওপানীক হাৰিয়া বুলিহে কয় । হাৰিয়া খোৱা আৰম্ভ, থালত এক কৰচ মাংস আধা সিজোৱা চিকেন ফ্ৰাই লৈ খায় খায় আৰম্ভ কৰিলোঁ হাৰিয়া কেনেকৈ বনায় কিমান চাউল লাগে আদি কথাবোৰ । সি ক’লে – “বাবু,আমাক ভাত খাওঁতে যিমান চাউল লাগে হাৰিয়া খাওঁতে সিমানে চাউল লাগে “। মই ক’লো তাৰ মানে তহঁতৰ এক বছৰত যদি ২০ মোন ধান ভাত খাওঁতে লাগে হাৰিয়া বনাওঁতে ২০ মোন মুঠ ৪০ মোন যায় । অ’ তেনে হ’লে বজাৰত ২০ মোন ধান ওলায় নাযায় । ক’ত যাব বজাৰত বাবু, হাতীয়েও আধা খায় শেষ কৰে ধান । যতীন, হাতীৰ খাদ্য বনৰ ভিতৰত নাইকীয়া হ’লে আহিবই খাৱ নালাগিব সিহঁতে । বাবু, ৰহন  মহাজনৰ ঘৰৰ পৰা বহু কেইটা হাৰিয়াৰ ডেকচি নাই । আজি ৰাতিপুৱা হে গম পালো জংঘলত ৪ টা ডেকচি বিচাৰী অনা বুলি । এটা বোলে হাতীৰ ঠেংত সোমাই আছে । মাটিত খোজৰ সলনি ডেকচিৰ চিন পাইছে বোলে । দে দে যতীন সোনকালে বাক চাব লাগিব চিনটো । কালি ৰাতি মই শব্দ শুনিছিলো ঘটং ঘটং চিলভাৰ বাচনৰ দৰে । সেয়ে হ’ব তেনে হ’লে ! এক কৰচ এক কৰচ মাংস থালত উলিয়াই উলিয়াই খাওঁতে খাওঁতে দুটা মুৰ্গী শেষ কৰিলোঁ চাৰিজনে । লাওপানী কিমান গিলাছ খালো গমেই নাপালো অলপ অলপ নিচা লগা যেনো পালো । কোনোবা বিয়েৰ বাৰত বিয়েৰ খোৱা যেন লাগিল । যতীন, হাৰিয়াৰ ডেকচি ভালদৰে ধুই থবি কিন্তু । এই কেইদিন হাতী আহি থাকিব দেই মই কৈ থ’লো আজি আৰু মেৰা বোৰ পুতি থবি নহ’লে লগে লগে গাহৰিক খাব দিবি । হাতীয়ে এই হাৰিয়াৰ গোন্ধ পাই তহঁতৰ গাঁৱত সোমাই । গতিকে সাৱধান হবি ফৰেষ্টৰ মানুহক দোষ দি লাভ নাই । জংঘলৰ পৰা ফৰেষ্টৰ মানুহে তহঁতৰ ঘৰ ভাঙিবলৈ নপঠাই । তহঁতে নিজে মাতি অনাৰ নিচিনাহে হাৰিয়া খায় ভাল পায় আৰু নিচা লগাত এফালৰ পৰা সন্ত্ৰাস চলাই । দোষ কাৰ বুজি লবি ।

আমাৰ খানা খোৱা শেষ কৰি হাতীৰ খোজ চাব গ’লো । সঁচাকৈ হাতীয়ে ৰহন বসুমতাৰীৰ ঘৰত লাওপানী খাওঁতে ডেকচিত ঠেং সোমায় গ’ল চাগে । অ,যতীন ঘটং ঘটং শব্দ কৰি ঘুৰি ফুৰা হাতীটোয়ে তেনেহ’লে ” হাৰি খায় হাতীয়ে পিন্ধিলে জোতা ” ।

ঘনশ্যাম ৰাজবংশী
৯৮৫৯০১৯৮৬৮

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.