হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পাছত কি পঢ়িব ?

0

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাবোৰৰত কৃতকাৰ্য হোৱা সকলোবোৰ ছাত্র-ছাত্রীৰে নিজৰ পচন্দৰ পাঠ্যক্রম লৈ উচ্চ শিক্ষা লাভ কৰিব বাবে পৰ্যাপ্ত সংখ্যক শিক্ষানুষ্ঠান আমাৰ ৰাজ্যখনত নাই । তদুপৰি ,নতুন নতুন পাঠ্যক্রমৰ সকলোবোৰ বিষয় অসমৰ শিক্ষানুষ্ঠানসমূহত নাই । গতিকে, অসমৰ কিছুসংখ্যক ছাত্র-ছাত্রী প্রত্যেক বছৰে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানত উচ্চ শিক্ষা লাভ কৰিবলৈ যাব বাবে বাধ্য হয় । কিন্তু, ৰাজ্যখনৰ বহুতো ছাত্র-ছাত্রী তথা অভিভাৱকসকলে বহুত কথা নাজানে যেনে- হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি, অসম তথা দেশ-বিদেশৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত কি কি বিষয়ৰ পাঠ্যক্রম পঢ়িব বাবে সুবিধা আছে ,বিভিন্ন শিক্ষানুষ্ঠানসমূহত শিক্ষা লাভ কৰিবলৈ কি কি অর্হতা লাগে, প্রতিযোগিতামূলক পৰীক্ষাবোৰৰ বাবে কেনেদৰে পঢ়া শুনা কৰিব লাগে , বিভিন্ন চাকৰি কাৰণে কি কি অৰ্হতা লাগে, চাকৰিবোৰৰ বিজ্ঞাপনবোৰ ক’ত পোৱা যাব, বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাবোৰৰ বিষয় কেনেকৈ গ’ম পোৱা যাব , ইন্টাৰনেটৰ জৰিয়তে কেনেকৈ শুদ্ধ তথ্য সংগ্রহ কৰিব পাৰি ইত্যাদি । কিন্তু ইয়াৰ বাবে ছাত্র-ছাত্রীসকলক দোষ দি লাভ নাই। যিহেতু এইবোৰ কথা আলোচনা কৰিবলৈ বিদ্যালয়/মহাবিদ্যালয়বোৰত সাধাৰণতে কোনো পিৰিয়দ ধাৰ্য কৰা নহয়, গতিকে ছাত্র-ছাত্রীসকলে এই কথাবোৰ জনা সুবিধা নাপায়। ‘বিদ্যালয়/মহাবিদ্যালয় সপ্তাহ’ৰ লগত সংগতি ৰাখি বিদ্যালয় তথা মহাবিদ্যালয়বোৰে কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা আয়োজন কৰিলে ভাল হয় , তেতিয়া ছাত্র-ছাত্রীসকলে বিভিন্ন কেৰিয়াৰ বিষয়ে ধাৰণা লাভ কৰিবলৈ সক্ষম হ’ব । বিদ্যালয়/মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীবোৰত কেৰিয়াৰ বিষয়ক লেখা প্রকাশ কৰিলে ছাত্র-ছাত্রীসকল উপকৃত হ’ব। লগতে এটা কথা ক’ব বিছাৰিছো – বিভিন্ন ছাত্র সংগঠন,বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্রতিষ্ঠানবোৰে অভিনন্দন অনুষ্ঠান আয়োজন কৰাতকৈ কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা আয়োজনত গুৰুত্ব দিলে ছাত্র-ছাত্রীসকল বেছি লাভাৱান হ’ব ।

বহুতে কয় যে ইন্টাৰনেটৰ জৰিয়তে কেৰিয়াৰ বিষয়ৰ সকলো তথ্য পাব পাৰি । গতিকে, ছাত্র-ছাত্রীসকলক কেৰিয়াৰ কাউন্সেলিং কৰা প্রয়োজন নাই । তেনেকৈ ভবা সকলক সুধিব বিছাৰিছোঁ – কিতাপত সকলো কথা থাকে , তেন্তে বিদ্যালয়/মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত শিক্ষকে কিয় পাঠ-দান কৰে ? হয়, ইন্টাৰনেটৰ পৰা কেৰিয়াৰ বিষয়ৰ তথ্য পাব পাৰি । কিন্তু আমাৰ ৰাজ্যখনৰ সকলো ছাত্র-ছাত্রীয়ে ইন্টাৰনেট ব্যৱহাৰ কৰা সুবিধা পোৱা নাই আৰু ইন্টাৰনেট ব্যৱহাৰ কৰা সুবিধা পোৱা সকলৰ বহুতে ইয়াৰ সুপ্রয়োগ কৰিবলৈ শিকা নাই । ইন্টাৰনেট কেনেকৈ ব্যৱহাৰ কৰিব লাগে,ইন্টাৰনেটৰ জৰিয়তে কেনেকৈ কেৰিয়াৰ বিষয়ৰ শুদ্ধ তথ্য পোৱা যাব ইত্যাদি বিষয়েও ছাত্র-ছাত্রীসকলক শিক্ষা দিয়া প্রয়োজন আছে । ইন্টাৰনেটত চাৰ্চ ইঞ্জিন (Search Engine)ৰ জৰিয়তে কেৰিয়াৰ বিষয়ৰ তথ্য পাব পাৰোঁ । কিন্তু কেনেকৈ শুদ্ধ আৰু শেহতীয়া তথ্য পোৱা যাব সেই বিষয়ে জানিব লাগিব। কোনো অনুষ্ঠান-প্রতিষ্ঠান, বিভাগ আদিৰ তথ্য জানিব বিচাৰিলে ,সেই অনুষ্ঠান-প্রতিষ্ঠান, বিভাগবোৰৰ অফিচিয়েল ৱেবছাইটবোৰ চাব লাগিব । অফিচিয়েল ৱেবছাইটবোৰতহে শুদ্ধ আৰু শেহতীয়া তথ্য পোৱা যায় । যিবোৰ অনুষ্ঠান-প্রতিষ্ঠান, বিভাগৰ নিজস্ব ৱেবছাইট নাই সেইবোৰৰ বিষয়ে জানিবলৈ বেলেগ অফিচিয়েল ৱেবছাইটবোৰৰ অধীনত থকা তথ্য গ্রহণ কৰিব লাগিব। ইন্টাৰনেটৰ পৰা শুদ্ধ আৰু শেহতীয়া তথ্য পাবৰ বাবে ভালদৰে শিকা উচিত , নহ’লে শুদ্ধ তথ্য পোৱা নাযাব তথা অযথা সময় খৰচ হ’ব ।

এইখিনিতে এটা কথা ক’ব বিছাৰিছোঁ – কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা যদি কোনো আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে জানিব বিছাৰে তেন্তে প্রত্যেক শনিবাৰে বিয়লি ৬ বজাৰ পৰা ৯বজাৰ ভিতৰত আমাৰ লগত ফোনত (০৯৪৩৫১-৮৮৬৩০) যোগাযোগ কৰিব পাৰে । কেৰিয়াৰ বিষয়ৰ বিভিন্ন প্রশ্নৰ উত্তৰ ফোনত দি আৰু বিদ্যালয়, মহাবিদ্যালয়, বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্রতিষ্ঠানে আয়োজন কৰা কেৰিয়াৰ সজাগতা সভাবোৰত মাজে মাজে অংশ গ্রহণ কৰি ছাত্র-ছাত্রীসকলৰ লগত মুখা-মুখিকৈ কেৰিয়াৰ বিভিন্ন কথাবোৰ আলোচনা কৰি এটা কথা জানিব পাৰিছো যে ছাত্র-ছাত্রীসকলে বিভিন্ন পাঠ্যক্রম , বিভিন্ন বৃত্তি , প্রতিযোগিতামূলক পৰীক্ষা আৰু চাকৰিৰ বিজ্ঞাপন তথা প্রছপেক্টাছ(prospectus)ত লিখা কথাবোৰ ভালদৰে পঢ়ি নাচায় । ছাত্র-ছাত্রী তথা অভিভাৱকসকলে বিজ্ঞাপন তথা প্রছপেক্টাছত লিখা কথাবোৰ খৰচি মাৰি পঢ়ি চোৱা উচিত । ছাত্র-ছাত্রী তথা অভিভাৱকসকলে সততে জানিব বিচাৰে কি লাইন(বিষয়ত)ত পঢ়িলে সোনকালে চাকৰি পোৱা যাব। ছাত্র-ছাত্রী তথা অভিভাৱকসকলে মনত ৰখা ভাল যে যি লাইনতে নপঢ়ক, খৰচি মাৰি পঢ়ি ভালদৰে উত্তীৰ্ণ হৈ নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে সকলোতে সংস্থাপনৰ সুবিধা আছে। ছাত্র-ছাত্রীসকলে যি কোনো বিশ্ববিদ্যালয়/মহাবিদ্যালয়ত নামভর্তি কৰা পূর্বে শিক্ষানুষ্ঠানবোৰৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ বিষয়ে জানি ল’ব লাগে । এই তথ্যবোৰৰ বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি । যেনে- মানৱ সম্পদ উন্নয়ন মন্ত্রালয় (www.education.nic.in), বিশ্ববিদ্যালয় অনুদান আয়োগ (www.ugc.ac.in), ভাৰতীয় চিকিৎসা পৰিষদ (www.mciindia.org ), ভাৰতীয় ডেণ্টেল পৰিষদ (http://www.dciindia.org),ৰাষ্ট্রীয় মূল্যাঙ্কন আৰু স্বীকৃতি পৰিষদ (www.naac.gov.in ),নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ (www.aicte-india.org),ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা (www.aiuweb.org) ,দূৰ শিক্ষা পৰিষদ(www.dec.ac.in),ভাৰতীয় নাৰ্ছিং পৰিষদ (http://www.indiannursingcouncil.org), আৰ্কিটেকচাৰ পৰিষদ (http://www.coa.gov.in ),ভাৰতীয় বাৰ পৰিষদ (www.barcouncilofindia.org ) আদি । শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হ’লেই নহ’ব। যি বিভাগত অধ্যয়ন কৰিব বিচাৰে,সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হ’ব লাগিব । তদুপৰি মহাবিদ্যালয়/বিশ্ববিদ্যালয়বোৰৰ শিক্ষণ ব্যৱস্থাৰ বিষয়ে বিতংভাৱে জানি লোৱা উচিত ,যেনে – পুথিভঁৰাল,ইণ্টাৰনেট আদি সা-সুবিধা আছে নে নাই, কেম্পাচ ইণ্টাৰভিউ হয় নে নহয়, উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলে কেনেদৰে প্রতিষ্ঠিত হৈছে তাৰো এটা সাম্যক ধাৰণা লোৱা উচিত । সেইদৰে , থকা সা-সুবিধা কেনে ,পঢ়াৰ সুবিধা কেনেকুৱা সেই বিষয়েও জ্ঞান লোৱা উচিত । হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ১। ঔদ্যোগিক প্রশিক্ষণ কেন্দ্র বা আই.টি.আই. ২। পলিটেকনিক ৩। উচ্চতৰ মাধ্যমিক (কলা/বাণিজ্য/বিজ্ঞান) পঢ়িব পাৰে। ঔদ্যোগিক প্রশিক্ষণ কেন্দ্র বা আই.টি.আই. : ঔদ্যোগিক প্রশিক্ষণ কেন্দ্র বা আই.টি.আই.ৰ বিভিন্ন ট্রেডত পঢ়িবলৈ বাবে শিক্ষাগত অৰ্হতা বেলেগ বেলেগ হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নোহোৱা সকলে এবছৰীয়া পাঠ্যক্রম কাটিং এণ্ড ছিউইং, প্লাম্বাৰ আৰু ট্রেক্টৰ মেকানিক ট্রেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে তলত উল্লেখ কৰা ট্রেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে। দুবছৰীয়া পাঠ্যক্রম : ড্রাফটমেন (চিভিল), ড্রাফটমেন (মেকানিক), ছাৰ্ভেয়ৰ, ফিটাৰ, টাৰ্নাৰ , মেকানিক ৰেডিঅ’ এণ্ড টিভি ,মেকানিক এয়াৰ কণ্ডিচনাৰ ,ইনষ্টুমেণ্ট মেকানিক ,ইলেকট্রনিক মেকানিক, ইনৰফমেচন টেকন’লজি এণ্ড ইলেকট্রনিক ছিষ্টেম মেইনটেনেন্স , মেচিনিষ্ট, ইলেকট্রিচিয়ান ,ৱায়াৰমেন মেকানিক ,ইলেকট্রপ্লেটৰ ,লেবৰেটৰী এছিষ্টেণ্ট (কেমিকেল) । এবছৰীয়া পাঠ্যক্রম :ষ্টেনোগ্রাফী, ৱেল্ডাৰ,ডিজেল মেকানিক,এমব্রইডাৰী এণ্ড নিডল ৱৰ্ক, প্লাষ্টিক প্রচেছিং , ফটোগ্রাফী ,লেডাৰ গুডছ মেকাৰ ,ছেক্রেটেৰিয়েল প্রেকটিচ , হেয়াৰ এণ্ড স্কিন কেয়াৰ , ড্রেছ মেকিং , উইভিং এণ্ড ঊলেন ফেব্রিক । দুবছৰীয়া পাঠ্যক্রম “কম্পিউটাৰ অপাৰেচন প্রোগ্রামি এছিষ্টেণ্ট” ট্রেডত অধ্যয়নৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে। ইয়াৰ উপৰিও আই.টি.আই.বোৰত হ্রস্বম্যাদী পাঠ্যক্রম আছে ।যেনে – ট্রেভেল এজেণ্ট এণ্ড টুৰ অপাৰেটৰৰ তিনিমহীয়া পাঠ্যক্রম, ফল-মূল আৰু শাক পাচলি সংৰক্ষণৰ তিনিমহীয়া পাঠ্যক্রম, ষ্টীল ফাৰ্ণিচাৰ মেকিঙৰ তিনিমহীয়া পাঠ্যক্রম, গ্রীল এণ্ড এলাইড প্রডাক্ট মেকিঙৰ তিনিমহীয়া পাঠ্যক্রম , কাৰ ছাৰ্ভিচিঙৰ ছয় সপ্তাহৰ পাঠ্যক্রম, ৰিফ্রিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিচনাৰৰ ৰিপেয়াৰিঙৰ তিনিমহীয়া পাঠ্যক্রম, পাম্প ৰিপেয়াৰিঙৰ তিনিমহীয়া পাঠ্যক্রম আদি আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’লে নম্বৰ ভিত্তিত পোনপতীয়াকৈ নামভৰ্তিৰ সুবিধা আছে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নহ’লে এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তিৰ সুবিধা আছে। অসমত থকা ঔদ্যোগিক প্রশিক্ষণ কেন্দ্র বা আই.টি.আই. কেইখনৰ নাম হ’ল : ১।আই.টি.আই. কৰিমগঞ্জ, ২ ।আই.টি.আই.কোকৰাঝাৰ , ৩।আই.টি.আই.গড়গাঁও, ৪।আই.টি.আই. গোৱালপাৰা, ৫।আই.টি.আই. গুৱাহাটী ,৬। আই.টি.আই.ডিব্রুগড় ৭।আই.টি.আই. তেজপুৰ, ৮। আই.টি.আই. তিনিচুকীয়া, ৯। আই.টি.আই.দক্ষিণ শালমাৰা, ১০। আই.টি.আই. নগাঁও, ১১।আই.টি.আই. বঙাইগাঁও, ১২।আই.টি.আই. বৰপেটা, ১৩। আই.টি.আই. যোৰহাট ,১৪। আই.টি.আই. শিলচৰ, ১৫। আই.টি.আই. ধনশিৰি, ১৬। আই.টি.আই.ধেমাজি, ১৭।আই.টি.আই.নলবাৰী, ১৮।আই.টি.আই.ভেৰগাঁও, ১৯ । আই.টি.আই. মৰিগাঁও, ২০।আই.টি.আই.হাইলাকান্দি, ২১। আই.টি.আই.মাজুলী, ২২।আই.টি.আই.ডিফু, ২৩।আই.টি.আই.হাফলং মহিলাৰ বাবে সংৰক্ষিত আই.টি.আই. কেইখন হ’ল: ১।আই.টি.আই. উত্তৰ লখিমপুৰ, ২। আই.টি.আই.গুৱাহাটী, ৩।আই.টি.আই.তিনিচুকীয়া, ৪।আই.টি.আই.মাজবাট, ৫।আই.টি.আই.শিলচৰ । পলিটেকনিক : পলিটেকনিকবোৰত তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্রম প্রদান কৰা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তিৰ সুবিধা আছে । অসমত থকা পলিটেকনিক কেইখন হ’ল : ১।অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট ,গুৱাহাটী ২।গাৰ্লছ পলিটেকনিক , গুৱাহাটী ৩।বঙাইগাঁও পলিটেকনিক ,৪।শিলচৰ পলিটেকনিক ,৫। নগাঁও পলিটেকনিক ,৬।প্রিন্স অব্ ৱেলছ ইনষ্টিটিউট অব্ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি , যোৰহাট ৭। ডিব্রুগড় পলিটেকনিক ৮। গাৰ্লছ পলিটেকনিক , গোলাঘাট ৯। চেণ্ট্রেল ইনষ্টিটিউট অব্ টেকন’লজি ,কোকৰাঝাৰ ১০।অসম টেক্সটাইল ইনষ্টিটিউট , গুৱাহাটি । পলিটেকনিকবোৰত পঢ়াৰ সুবিধা থকা বিভিন্ন বিভাগবোৰ হ’ল: চিভিল, মেকানিকেল, ইলেকট্রিকেল, ইলেকট্রনিকছ এণ্ড টেলিকমিউনিকেচনছ, অ’টোমোবাইল, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, ইনষ্টুমেনটেছন, টেক্সটাইল টেকন’লজি, এগ্রিকালছাৰ, আৰ্কিটেক্ট এছিষ্টণ্ট আদি । উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত : কলা শাখা উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী কলা শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি : সাধাৰণ স্নাতক পাঠ্যক্রম ,মেজৰসহ (যেনে-সমাজশাস্তৰ , অৰ্থনীতি , সাহিত্য (ইংৰাজী,অসমীয়া,হিন্দী,বঙালী ইত্যাদি), মনোবিজ্ঞান,বুৰঞ্জী,ৰাজনীতি বিজ্ঞান,শিক্ষা,পৰ্যটন ,পৰিবেশ কলা,নৃতত্ত্ব বিজ্ঞান,আইন ইত্যাদি )স্নাতক পাঠ্যক্রম । স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল – স্নাতকোত্তৰ (এম. এ.) আৰু পি.এইচ.ডি. । কলা শাখাত অধ্যয়ন কৰি মনোবৈজ্ঞানিক, সমাজবিজ্ঞানী, সমাজ কৰ্মী, বুৰঞ্জীবিদ, নৃতত্ত্ববিদ, লেখক, সাংবাদিক, অধিবক্তা,বিদ্যালয়/মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ শিক্ষক হিচাবে কেৰিয়াৰ গঢ়িব পাৰে। কলা শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ পৰীক্ষা,বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে। দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত আইনৰ স্নাতক পাঠ্যক্রম আৰু হোটেল পৰিচালনা (হোটেল মেনেজমেণ্ট) পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে । দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত ইংৰাজী/গণসংযোগ/বিদেশী ভাষাৰ স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে । অবিবাহিত ভাৰতীয় নাগৰিকে ৰাষ্ট্রীয় প্রতিৰক্ষা শিক্ষা প্রতিষ্ঠান (এন.ডি.এ.)ত নামভৰ্তি কৰিব পাৰে যদিহে ভাৰতীয় সেনাবাহিনীত যোগদানৰ ইচ্ছা থাকে। যিকোনো শাখাত দ্বাদশ শ্রেণীৰ উত্তীৰ্ণসকলে ইউ. পি. এছ. চি.ৰ অধীনত অনুষ্ঠিত এন.ডি.এ. পৰীক্ষাত বাছনি হৈ এই প্রতিৰক্ষা শিক্ষা প্রতিষ্ঠানত নামভৰ্তি কৰিব পাৰে। যিকোনো শাখাত দ্বাদশ শ্রেণীৰ উত্তীৰ্ণসকলে ফাইন আৰ্টছ,দৃশ্য কলা (ভিজুৱেল আৰ্টছ), আভ্যন্তৰীণ সজ্জা (ইণ্টেৰিয়’ৰ ডিজাইন), প্রায়োগিক কলা (এপ্লাইড আৰ্ট),ফেশ্বন ডিজাইন,অলংকাৰ সজ্জা (জুৱেলাৰী ডিজাইন) ইত্যাদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে। যিসকল শিক্ষাৰ্থীৰ নৃত্য-গীত,নাটকৰ প্রতি আসক্তি আছে বা ইয়াক আনুষ্ঠানিক পাঠ্যক্রম হিচাপে ল’ব বিচাৰে, তেনে শিক্ষাৰ্থীয়ে পৰিৱেশ কলা স্নাতক পাঠ্যক্রম (বি.এফ.এ.)তনামভৰ্তি কৰিব পাৰে। দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ যিসকল শিক্ষাৰ্থীয়ে নিজকে এগৰাকী শাৰীৰিক শিক্ষাৰ শিক্ষক, ক্রীড়া প্রশিক্ষক অথবা ফিটনেছ ট্রেইনাৰ হিচাবে কেৰিয়াৰ গঢ়িব বিচাৰে, তেওঁলোকে “শাৰীৰিক শিক্ষা” বিষয়ৰ স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে। উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত : বাণিজ্য শাখা উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বাণিজ্য শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি : সাধাৰণ স্নাতক পাঠ্যক্রম ,মেজৰসহ (যেনে-ইঞ্চিউৰেন্স, কম্পিউটাৰ ,বৈদেশিক বাণিজ্য , বেংকিং আৰু ইঞ্চিউৰেন্স, একাউণ্টিং আৰু বিত্ত , ই-বাণিজ্য, অৰ্থনীতি আৰু একাউণ্টিং ইত্যাদি ) স্নাতক পাঠ্যক্রম । স্নাতক পাঠ্যক্রমত উ ত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল – স্নাতকোত্তৰ (এম. কম.) আৰু পি.এইচ.ডি. । বাণিজ্য শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ পৰীক্ষা,বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে। চি.এ. (চাৰ্টাৰ্ড একাউণ্টেণ্সি) : ভাৰতীয় চাৰ্টাৰ্ড একাউনটেণ্ট প্রতিষ্ঠানে চাৰ্টাৰ্ড একাউণ্টেণ্সিৰ শিক্ষা আগবঢ়ায়। কষ্ট একাউণ্টেণ্ট : ‘ইনষ্টিটিউট অৱ কষ্ট এণ্ড ৱ্কছ একাউনটেণ্টছ অৱ ইণ্ডিয়া’ই এই পাঠ্যক্রম আগবঢ়ায়। কোম্পানী ছেক্রেটাৰী : ‘ইনষ্টিটিউট অৱ কোম্পানী ছেক্রেটাৰিজ অৱ ইণ্ডিয়া’ই এই পাঠ্যক্রম আগবঢ়ায়। উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত : বিজ্ঞান শাখা উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি : সাধাৰণ স্নাতক পাঠ্যক্রম ,মেজৰসহ (যেনে- পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান ,গণিত, অৰ্থবিজ্ঞান , জীৱবিজ্ঞান, প্রাণীবিজ্ঞান, পৰিৱেশ বিজ্ঞান ইত্যাদি )স্নাতক পাঠ্যক্রম । স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল – স্নাতকোত্তৰ (এম. এচ.ছি.) আৰু পি.এইচ.ডি. । বিজ্ঞান শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে। ষ্টাফ ছিলেকচন কমিছনৰ কম্বাইণ্ড গ্রেজুৱেট লেভেল পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে। উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত বি.চি.এ., বি.বি.এ., বি.টেক./বি.ই. , বি.আৰ্ক, এম.বি.বি.এছ. ,বি.ফাৰ্ম , বি.এছ.চি. নাৰ্ছিং , আয়ুৰ্বেদিক , হোমিঅ’পেথিক, পশু পালন আৰু পশু চিকিৎসাৰ , কৃষি , মীন , গাৰ্হস্থ্যবিজ্ঞানৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে। বেংক প্ৰবেচেনাৰী অফিচাৰ পদৰ বাবে যিকোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয় পৰা যিকোনো শাখাত নিম্নতম শিক্ষাগত অৰ্হতা স্নাতকসকলে আৱেদন কৰিব পাৰে । উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা সকলে পেৰামেডিকেলৰ বিভিন্ন বিভাগত (Medical Laboratory Technology,Medical Radiographic Technology ,Cardiac Care Technology,Physiotherapy,ICU Technology,Physicians Assistance Course ,Emergency & First Aid, O.T. Technology (O.T. + Anaesthesia+ Endoscopy), Dialysis Technician Course ) ডিপ্লমা শিক্ষা গ্রহণ কৰিব পাৰে । ইয়াৰ বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ত ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে । ছাত্র-ছাত্রীসকলে আই.টি.আই., পলিটেকনিক তথা ইঞ্জিনীয়াৰিং কলেজত নাম ভৰ্ত্তি নকৰাকৈও ‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ’ৰ “বৃত্তিমুখী শিক্ষা আঁচনি”ত বৃত্তিমুখী শিক্ষাত নাম ভৰ্ত্তি কৰি নিজৰ জীৱিকা নিশ্চিত কৰিব পাৰে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্রস্তুত কৰা বৃত্তিমুখী শিক্ষাৰ পাঠ্যক্রমসমূহ হ’ল – ক) কৃষিভিত্তিক বিষয়সমূহ (Agro-based Subjects): ১) শস্য উৎপাদন (Crop production), ২) উদ্যান কৃষি(Horticulture) , ৩) অন্তৰ্দেশীয় মৎস্য পালন (Inland Fisheries) । খ) অভিযান্ত্রিক আৰু প্রযুক্তি জ্ঞানভিত্তিক বিষয়সমূহ (Engineering & Technology based Subjects): ১) ঘৰুৱা বৈদ্যুতিক সঁজুলি চোৱাচিতা আৰু মেৰামত কৰা (Maintenance and Repair of Electrical Domastic Appliances), ২) ৰেডিঅ আৰু টেলিভিচন চোৱাচিতা আৰু মেৰামত কৰা (Repair and Maintenance of Radio and T.V. Receiver), ৩) স্বয়ংচালিত যাবাহন প্রযুক্তিবিদ্যা (Auto Engineering Technology), ৪) শক্তিচালিত কৃষি ঔদ্যোগ যন্ত্রপাতিৰ চোৱাচিতা আৰু মেৰামত কৰা (Maintenance and Repair of Power Driven Farm Machinary)। গ) বানিজ্যভিত্তিক বিষয়সমূহ (Commerce-based Subjects): ১) গণিতিক বিদ্যা আৰু হিচাপ পৰীক্ষা (Accountancy & Auditing), ২) কাৰ্য্যালয় সহকাৰী (Office Secretaryship), ৩) কাৰ্য্যালয় পৰিচালনা (Office Management), ৪) কম্পিউটাৰ প্রযুক্তি (Computer Technique) । ঘ) গাৰ্হস্থ্য বিজ্ঞানভিত্তিক বিষয়সমূহ (Home Science-based Subjects): ১) বয়ন চানেকি (Textile Designing), ২)ব্যৱসায়িক পোছাক প্রস্তুতকৰণ আৰু চানেকি (Commercial Garment Making and Designing)। ঙ) ক’লাভিত্তিক বিষয়সমূহ (Humanities-based Subjects): ১) বাণিজ্যিক কলা (Commercial Art) । ছাত্র-ছাত্রী তথা অভিভাৱকসকলে বৃত্তিমুখী শিক্ষাৰ পাঠ্যক্রমসমূহৰ বিষয়ে সৱিশেষ জানিবৰ বাবে গুৱাহাটীৰ বামুনীমৈদামত অৱস্থিত ‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ’ৰ কাৰ্য্যলয়ত খবৰ কৰিব পাৰে। বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ কথা সোধে । এতিয়া কথা হ’ল সাধাৰণ জ্ঞান একে দিনাই গোটোৱা সম্ভৱ নহয়। ইয়াৰ কাৰণে দীঘলীয়া প্রস্তুতিৰ প্রয়োজন । সাধাৰণ জ্ঞান দুই প্রকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান (Traditional General Knowledge) আৰু সাম্প্রতিক ঘটনা প্রবাহ (Current Affairs )। পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবৰ কাৰণে বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে পঢ়া সকলো বিষয়ৰ পাঠ্য পুথিৰ জ্ঞানবোৰ ভালদৰে আহৰণ কৰিব লাগিব । লগতে বিভিন্ন বিষয় যেনে-ভূগোল,বিজ্ঞান,ৰাজনীতি,সমাজ বিজ্ঞান আদি বিষয়ৰ আনুষংগিক প্রসংগ পুথি অধ্যয়ন কৰিব লাগিব। সাম্প্রতিক ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা আলোচনী নিয়মীয়াকৈ পঢ়িব লাগিব। সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’বাতৰি অনুষ্ঠান শুনিব আৰু টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰ চাব লাগিব। এইবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে। ছাত্র-ছাত্রীসকলে সাধাৰণ জ্ঞান আহৰণ কৰিবৰ বাবে “ইন্টাৰনেট”(Internet)ৰ সহায় লব পাৰে। এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে দৈনিক বাতৰি কাকত এখনৰ প্রথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে। গতিকে , অভিভাৱক তথা শিক্ষকসকলে ছাত্র-ছাত্রীসকলক এই কথাবোৰ ভালদৰে বুজাই দিলে ভাল হয় । ৰাজ্যিক, ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় পর্যায়ৰ বিভিন্ন বিষয়ৰ বৃত্তি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, বিভাগে প্রদান কৰে। এই বৃত্তিবোৰৰ বিষয়ে বাতৰি কাকত,আলোচনী তথা সেই অনুষ্ঠান-প্রতিষ্ঠান, বিভাগবোৰৰ নিজস্ব “ৱেবছাইট”ৰ যোগেদি প্রচাৰ কৰে। গতিকে, এই বৃত্তিবোৰৰ বিষয়ে সবিশেষ জানিবলৈ বাতৰি কাকত,আলোচনী, অনুষ্ঠান-প্রতিষ্ঠান তথা বিভাগবোৰৰ “ৱেবছাইট”বোৰত নিয়মীয়াকৈ চকু ফুৰাব লাগিব। এইদৰে মাজে মাজে বিভিন্ন বৃত্তিপ্রাপ্তসকলৰ বিষয়ে তথা তেওঁলোকৰ সাক্ষাৎকাৰ আদি বাতৰি কাকত আৰু আলোচনীত প্রকাশ প্রায়। ইয়াৰ জৰিয়তেও এই বৃত্তিবোৰৰ বিষয়ে আভাস পাব পাৰি।লগতে এই বৃত্তি পোৱা লোকসকলক ব্যক্তিগতভাৱে লগ কৰিলেও লাভৱান হ’ব। সৰু কালৰে পৰা বহুতো ছাত্র-ছাত্রীৰ কিছুমান হবি (hobby) থাকে । কিন্তু এই হবিবোৰ কিছুমান ছাত্র-ছাত্রীয়ে নৱম/দশম শ্রেণী পালে পঢ়া-শুনা ক্ষতি হ’ব বুলি নিজে অথবা অভিভাৱক সকলৰ বাধা বাবে এৰি দিবলৈ বাধ্য হয় । ছাত্র-ছাত্রীসকলে পঢ়া-শুনাত প্রধান গুৰুত্ব দি নিজৰ নিজৰ হবিবোৰ চলাই নিয়া উচিত । কিয়নো হবিবোৰে ছাত্র জীৱন , কৰ্ম জীৱন তথা অৱসৰ জীৱনত বিভিন্ন ধৰণে সহায় কৰিব পাৰে । কাৰোবাৰ বাবে হয়তো হবি গৈ এদিন কেৰিয়াৰও হ’ব পাৰে। বিদ্যালয়ৰ শিক্ষকসকলে ছাত্র-ছাত্রীসকলক ভালদৰে বুজাই দিয়া উচিত যে প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে পঢ়া সকলো বিষয়ৰ জ্ঞানখিনি ভালদৰে আহৰণ কৰিব লাগিব কাৰণ অকল শ্রেণী পৰীক্ষাবোৰত উত্তীৰ্ণ হ’বলৈ পঢ়িলেই নহ’ব পিছলৈ বিভিন্ন প্রতিযোগীতামূলক পৰীক্ষা তথা জীৱন-যাপন বিভিন্ন ক্ষেত্রত দৰকাৰ হৈ থাকিব । যদি সম্ভৱ হয় শিক্ষকসকলে ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগীতামূলক পৰীক্ষাৰ সাধাৰণ জ্ঞানৰ আৰ্হি প্রশ্নবোৰ শ্রেণী কোঠাত দেখুৱা লাগে । শিক্ষকসকলে ছাত্র-ছাত্রীসকলক বিভিন্ন বিষয়ৰ কেৰিয়াৰ এটি আভাষ দিব লাগে । তেতিয়া ছাত্র-ছাত্রীসকলে জানিব পাৰিব যে অভিভাৱকসকলে কোৱা দৰে চিকিৎসক অথবা অভিযন্তা হিচাবে কেৰিয়াৰ গঢ়াৰ বাহিৰেও কেৰিয়াৰ গঢ়িবলৈ বহুত বিষয় আছে আৰু সেইবোৰ কেৰিয়াৰও যে চিকিৎসক অথবা অভিযন্তা হিচাবে গঢ়াত কেৰিয়াৰতকৈ সমাজত গুৰুত্ব কোনো গুণে কম নহয় । এইখিনিতে দুটা ৱেবছাইট আৰু এটা ব্ল’গ (blog) ৰ বিষয়ে উল্লেখ কৰিব বিছাৰিছোঁ । এটা হ’ল কেৰিয়াৰ আনুষঙ্গিক ৱেবছাইট “সমিধান(http://www.xomidhan.org)”। এই ৱেবচাইটৰ যোগেদি ছাত্র-ছাত্রী তথা অভিভাৱকসকলে যিকোনো বিষয়ত কেৰিয়াৰ সম্পর্কীয় প্রশ্ন সুধিব পাৰে । এই ৱেবচাইটতোৰ জৰিয়তে বিনামূলীয়াকৈ কেৰিয়াৰ সম্পর্কীয় প্রশ্নৰ উত্তৰ লাভ কৰিব পাৰে । আনটি হ’ল “চাকৰি (www.sakori.org)” । “চাকৰি”ত বিভিন্ন ধৰণৰ চাকৰিৰ বিজ্ঞাপনবোৰ, যিবোৰ স্থানীয় সংবাদপত্র, বিভিন্ন কোম্পানীৰ নিজস্ব ৱেবছাইট আৰু নিযুক্তি সম্পর্কীয় ৱেবছাইটবোৰত প্রকাশ হয়, সেইবোৰ একত্রিত কৰি উপলব্ধ কৰা হয় । ব্ল’গটিৰ ঠিকনা হ’ল http://careerquips.blogspot.in। ইয়াত বিভিন্ন চাকৰি তথা প্রতিযোগিতামূলক পৰীক্ষাৰ বিজ্ঞাপন ,এই পৰীক্ষাৰবোৰৰ বাবে কেনেকৈ প্রস্তুতি চলাব লাগে তথা আৰ্হি প্রশ্নবোৰ উপলব্ধ কৰা হয়।

– ড° বুলজিৎ বুঢ়াগোহাঁই
সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ,

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী,
গুৱাহাটী-৭৮১০১৭, অসম। ফোন: ০৯৪৩৫১-৮৮৬৩০

ই-মেইল: [email protected]

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.