স্বাধীনতা দিৱস উপলক্ষে সুধাকণ্ঠই ৰচনা কৰা গীত উদ্ধাৰ

0

দেশৰ ৬৮ সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত দেশবাসীৰ বাবে সুখবৰ ৷ শত-সহস্ৰ শ্বহীদৰ ত্যাগৰ বিনিময়ত ইংৰাজৰ কৱলৰ পৰা দেশক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা এই দিনটোৰ বাবে বিশ্ব বিশ্ৰুত শিল্পী, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই  ৰচনা কৰা এটি গীত অলপতে উদ্ধাৰ কৰা হৈছে ৷ গীতটো উদ্ধাৰ কৰিছে মহান শিল্পীজনাৰ জীৱনকৃতিৰ বিষয়ে গৱেষণামুলক গ্ৰন্থ প্ৰণয়ন কৰোঁতা তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এমেৰিটাছ প্ৰফেছৰ ড° দিলীপ কুমাৰ দত্তই ৷ তাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোতেই উক্ত গীতটো ৰাজহুৱা স্থানত পৰিবেশন কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ উক্ত দিনা স্বাধীনতা উৎসৱ উপলক্ষে তেজপুৰত জনসমাগমৰ সন্মুখত ড° ভূপেন হাজৰিকাৰ ভাতৃ নৃপেন হাজৰিকাই পৰিবেশ কৰিছিল ৷ গীতটো ড° দিলীপ কুমাৰ দত্তৰ সৌজন্যত বৰ্তমান যন্ত্ৰস্থ হৈ থকা ‘ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ’ৰ পৰিবৰ্দ্ধিত সংস্কৰণৰ পৰা লোৱা হৈছে ৷ ড° দত্তই মেইল যোগে প্ৰেৰণ কৰা গীতটোৰ পূৰ্ণপাঠ এনেধৰণৰ- ‘ভাৰত আকাশত হাঁহে / স্বাধীনতাৰ ঊষাৰ প্ৰতীক / চিকমিক স্বাধীনতা / জিকমিক স্বাধীনতা / ভাৰতৰ বুকুত নতুন উছাহ / নতুন প্ৰতিজ্ঞা লৈ / পূৰ্ণ স্বাধীনতা আমাৰো লক্ষ্য / আগবাঢ়ি যাওঁ শত শ্বহীদৰ কাম্য / চিকমিক স্বাধীনতা / জিকমিক স্বাধীনতা’ ৷ গীতটোৰ উদ্ধাৰে সংগীতপ্ৰেমী তথা সুধাকণ্ঠৰ অনুৰাগীসকলক উৎসাহিত কৰিব বুলি ড° দিলীপ কুমাৰ দত্তই আশা প্ৰকাশ কৰিছে ৷  উল্লেখযোগ্য, ১৯৬৪ চনৰে পৰা সুধাকণ্ঠৰ সমগ্ৰ গীত উদ্ধাৰ কৰি প্ৰকাশ কৰা ‘ড° ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ’ (১৯৮১)ৰ জৰিয়তে  ড° দিলীপ কুমাৰ দত্তই মহান শিল্পীকনাৰ উপৰিও ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷  বিশ্ববিশ্ৰুত শিল্পীজনাৰ অ’ত ত’ত সিচঁৰতি হৈ থকা সৃষ্টিৰাজি অশেষ কষ্টেৰে সংগ্ৰহ কৰি সংৰক্ষণ কৰি ভূপেনদাৰ স্মৃতি যুগমীয়া তথা তেওঁৰ গীতৰ মাহাত্ম্য প্ৰকাশ কৰাৰ অৰ্থে প্ৰকাশ কৰে ৷ ড° দত্তই ৰচনা কৰা ড° ভূপেন হাজৰিকা সম্পৰ্কীয় গৱেষণামূলক  গ্ৰন্থখনৰ আধাৰতে  একাংশই গ্ৰন্থ সৃষ্টি কৰিলেও ড° দত্তৰ দূৰদৰ্শী প্ৰচেষ্টাক সকলোৱে স্বীকাৰ কৰে ৷ প্ৰাসংগিক যে, গ্ৰন্থখন প্ৰকাশৰ পৰৱৰ্তী সময়তো লেখক দত্তই থমকি নৰৈ ভূপেন দাৰ বহু সৃষ্টি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এইবোৰৰ ভিতৰত ভূপেনদাৰ বাণীবদ্ধ নোহোৱা কেবাটিও অমূল্য গীত, ভূপেন্দ্ৰ সংগীতৰ লংপ্লেয়িং ৰেকৰ্ড, মূল্যৱান পেইণ্টিং আদি আছে ৷ এইসমূহ শিল্পীজনাৰ আত্মীয় তথা দেশ-বিদেশৰ অনুৰাগীৰ পৰা সংগ্ৰহ কৰা হৈছে ৷ অলপতে প্ৰকাশ পাব লগা ড° দত্তৰ গ্ৰন্থখনৰ নতুন সংস্কৰণত উক্ত সৃষ্টিৰাজি অন্তৰ্ভূক্ত কৰা বুলি তেওঁ জানিবলৈ দিছে ৷
সম্পূৰ্ণ গীতটো তলত দিয়া হ’ল:

 

“ভাৰত আকাশত হাঁহে
স্বাধীনতাৰ ঊষাৰ প্ৰতীক
    চিক মিক স্বাধীনতা
    জিক মিক স্বাধীনতা
         ভাৰতৰ বুকুত নতুন উছাহ
         নতুন প্ৰতিজ্ঞা লৈ
         পূৰ্ণ স্বাধীনতা আমাৰো লক্ষ্য
         আগবাঢ়ি যাওঁ শত শ্বহীদৰ কাম্য
    চিক মিক স্বাধীনতা
    জিক মিক স্বাধীনতা”

 

– অনন্ত নাথ

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.