স্বপ্নাতুৰ

0

ফেঁহুজালি বেলিকাৰ পৰা ফাট মেলি আহি

সূৰুযে যেতিয়া পোহৰ বিলাই,

উজ্জ্বলি উঠে এই অপূৰ্ব পৃথিৱীখন ৷

সোণালী আভাসেৰে ভৰি যায় ৰূপালীৰ মনটোৱো….

মিঠা মিঠা সপোন সজোৱাৰ বাটলৈ চাই,

তাই জীৱন যুদ্ধৰ পৃথিবীলৈ আগবাঢ়ি যায় ।

ভবা নাছিল কেতিয়াও এই সূক্ষ্ম জীৱনটোত

ইমানবোৰ পৰিস্থিতিয়ে ঢাল খুৱাব তাইক,

তাই পৰিছিল, উঠিছিল, আকৌ পৰিছিল

মাথো কেৱল আগবাঢ়ি গৈছিল ।

কাৰণ তাইৰ দুটি নয়নত ভাঁহিছিল

এই মায়াবী জগতখনৰ ৰঙীন আমেজ ।

যাৰ পৰশত তাই নিজকে বিছাৰি পাইছিল

এখন নেদেখা পৃথিবীৰ সিপাৰে,

যত তাই সপোনৰ তুলিকাৰে ৰং সানি

গঢ়িছিল এখন নতুন সংসাৰ ।

জীৱন যুদ্ধৰ সকলো দুখ বেদনাৰ পৰা আঁতৰি

অপলক শান্তিৰে তাই জিৰণি লৈছিল

আপোনজনৰ কাষত….।

সেয়েহে তাই আগুৱাই গৈছিল

এই স্বপ্নাতুৰ হৃদয়ৰ নিৰ্দেশনাত

এখন নেদেখা পৃথিবীলৈ

এজাক মিঠা মিঠা সপোন পূৰণ কৰিবলৈ….।

 

                                         ঋতুপৰ্ণা বড়ো,

                                                যোৰহাট চিকিৎসা মহাবিদ্যালয়

Share.

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.