স্পৰ্শ

0

তোমাৰ সুদৰ্শনা আঙুলীৰ মোৰ উন্মাদ কেশত

       উমাল স্পৰ্শ, কিযে আনন্দ ৷

তোমাৰ কোমাল হাতৰ মোৰ উখৰা হাতত

       উত্তাপ স্পৰ্শ, কিযে আনন্দ ৷৷

তোমাৰ অভিমানী হৃদয়ৰ মোৰ ভাগিপৰা হৃদয়ত

       সঞ্জীৱনী স্পৰ্শ, কি যে আনন্দ ৷

তোমাৰ উদাৰ মনৰ মোৰ গহীন মানসত

আশাৰ স্পৰ্শ, কি যে আনন্দ ৷৷

তোমাৰ পূৱালী নয়নতৰাৰ মোৰ সৌৰভ নয়নত

প্ৰিয়াংকা স্পৰ্শ, কি যে আনন্দ ৷

তোমাৰ নিলোৎপল ওঁঠযুৰিৰ মোৰ অম্লান ওঁঠত

       স্বৰ্গীয় স্পৰ্শ, কি যে আনন্দ ৷৷

তোমাৰ সুন্দৰী অমৃতৰ মোৰ বিক্ৰম বিৰহত

অমৰ স্পৰ্শ, কি যে আনন্দ ৷

–      কৌস্তভ মণি গায়ন,

তেজপুৰ বিশ্ববিদ্যালয়

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.