সময়ান্তৰ

0

শেষ উকিটো মাৰি
নামনিমুৱা ৰেলখন গ’লগৈ !
ষ্টেচনত থিতাপি ল’লেহি
অন্য এখন ৰেল ।

শ শ যাত্ৰীৰ খোজ ।
জ্বালা চেনা , চিপচ্ , প’পকর্ণৰ নিমখীয়া গোন্ধত
মাজনিশাও সাৰে থাকে
ব্যতিব্যস্ত প্লেটফর্ম ।

লানি নিচিগাগৈ
ৰেলবোৰ গৈ থাকে
অথচ ,
যাত্রী কোনোকালেই শেষ নহয় !

বুকুত বুকুএখন বান্ধি যাত্রীবোৰ আহে
হাতত চুটকেচ অথবা ৰঙীন পলিথিন ।
কেতিয়াবা কোনোজনে
লৈ আহে বুকুত এচটা শিল ;
পকেটত আধৰুৱা ডায়েৰীৰ ফটা কাগজ ।
বুকুত বুকু থকা জনৰ লক্ষ্য স্থিৰ
শিলাময় বুকুৰ গৰাকীৰ লক্ষ্যবিহীন… ।

কাৰ কি লক্ষ্য
সেয়া ৰেলগাড়ীৰ নহয় বিচার্য্য !
নিজস্ব লক্ষ্যক ধিয়াই ৰেলগাড়ী যায়
উজনি-নামনি , শদিয়া-ধুবুৰী কিম্বা ৰাজধানী ….

সময়বোৰ ভটিয়াই
ৰেলগাড়ীয়ে উকিয়াই
নতুনবোৰ পুৰণি হয়
পুৰণিৰ মাজতেই পুনৰাই নতুনৰ সৃষ্টি হয় ।

এনেকৈয়ে সময়ান্তৰত লক্ষ্যবিহীনজনে
লক্ষ্য বিচাৰি পায়
অথবা কোনোজনে চিৰদিনলৈ ঠিকনা হেৰুৱাই..!!

-প্রদীপ দাস
তিতাবৰ , যোৰহাট

অন্যান্য লেখা :

Share.

Leave A Reply