সম্পাদকীয় : ৩য় বৰ্ষ ১১ সংখ্যা

0

বহাগ ….. এটি সংস্কৃতিৰ দাপোণ !!

 

চোতালখনিৰ বাওঁপিনে থকা কাঞ্চনজোপাত পৰি বহাগী বতৰৰ আগজাননি স্বৰূপে নিতৌ পুৱা কুলিটিয়ে মোক জগাই দিয়েহি… !! সময় তেতিয়া ৫:০০ মান বাজিছে ৷ দুৱাৰখন খুলি দি দেখিলো ঘৰৰ পাৰচৰাই হালে চোতালখনতে নানা ধৰণৰ ভংগিমাৰে নাচি আছে ৷ পশ্চিমৰ আকাশখন অলপ ডাৱৰীয়া ধৰণৰ ৷ বছৰটিৰ বিদায়ক্ষণত যেন অলপ অভিমানী হৈ পৰিছে ৷

বাৰু যা হওক ; এক নতুন আৰম্ভণিৰ প্ৰাকক্ষণত আমাৰ অসমী পথাৰ ৷ এনে ক্ষণত অলপ দূৰত থকা আহঁতজোপাৰ তলতে এপাক কঁকাল ঘুৰুওৱাৰ ইচ্ছাৰে সকলো মানুহ নিজৰ অতিকৈ চেনেহৰ গাঁওখনৰ অভিমুখে ঢাপলি মেলিছে ৷ সকলোৰে মনত যেন উল্লাসে ভিৰ কৰিছেহি ৷ এটাই উদ্দেশ্য ….. “বহাগ বিহু” ৷ নিজৰ গাওঁখনি যেন এক মধুৰ মিলনৰ অপেক্ষাত শত সহস্ৰ উজাগৰি নিশা কটোৱা এগৰাকী দিপলিপ ছোৱালী ৷প্ৰতিখন পথাৰে এনে এক মধুৰ ক্ষণত নিজৰ ৰূপ সলনি কৰি এটি নতুন প্ৰভাতৰ আশাত ধুনপেচ কৰাত ব্যস্ত ৷ তাতে আৰু মাজে মাজে কুলি কেতেকিজাকৰ কিৰিলিত শুপ্ত দুবৰিজোপাও জিকাৰ খাই উঠি দোকমোকালিতে নিয়ৰৰ টোপালবোৰত নিজকে এৰি দিছে ৷

ঠিকে তেনে এক ক্ষণত ৰঘুৰামে কাজলি গাই হালক গোহালিৰ পৰা উলিয়াই খেৰৰ পুঁজিটিত বান্ধিছেহি ৷ পিছে পিছে গাখীৰৰ আশাত পোৱালীহালেও ভিৰ-ভিৰাই লৰ দিছে ৷ চাৰিওপিনে এক নতুন উল্লাস উদ্দীপনা বিৰাজমান ৷

বহাগ বিহু উপলক্ষে আম, কঠাল, ইত্যাদি সামগ্ৰীবোৰ ঠিক কৰাত লাগিব ধৰিলোঁ ৷ এপদ দুপদকৈ সকলোখিনি আনিলো যদিও দুই-এবিধ সামগ্ৰী যেনে কাজলগুড়ি, হাতীমূৰীয়া ইত্যাদিৰ কোনো ধৰণৰ চিন চাবেই নাই ৷ ককাক সোধোতে বস্তিটোৰ সোমাজত থকা বুলি গম পালো কিন্তু দুসপ্তাহ আগত বোলে আমাৰ ঘৰত খেতি বাতিত সহায় কৰি দিয়া ৰঘুৰামে সেইখণ্ড গোটেই চাফা কৰি পেলালে ৷ বাৰু; বাকীখিনি ভালকৈ প্ৰস্তুত কৰাত ব্যস্ত হৈ গ’ল মোৰ সৰুমাহী ৷

 

ঠিক ৬:০০ টা মান বজাত বিহু গান লগাই দিলো …৷ ডেকা মন টো ; বিহু বিহু লাগি গৈছে ৷

“…অ’ তৰা তৰালী ..

…. বিহু আহি পালেহি …

…..বিহু মাৰিবৰ হ’ল …”

গীতটিয়ে বিহুৰ আৰু অলপ ৰহণ সানি দিলেহি ৷ লাহে ধীৰে পোৱালীহালক নিয়মানুসৰি তেল, বটা ইত্যাদি লগাই তাৰ পিছত কাজলিহালক লগালো ৷ অসমৰ প্ৰকৃত মাটিৰ সুবাস কাজলিৰ মাতত প্ৰকাশ পাই ৷ ভাল লাগে ৷ বছৰটিৰ মাত্ৰ এটি দিনতহে আমি তাইৰ গাটোত হাত বুলাও ৷ সেই হাতৰ পৰশ পাবলে সিহঁতেটো ছাগে গোটেই বছৰটি ব’হাগলৈ অপেক্ষা কৰি থাকে ৷ ব’হাগৰ এই পুৱাটিত কাজলিহালৰ চকুযুৰিলৈ চালেই সিহঁতৰ মনৰ আশা পঢ়িব পাৰি ৷ আজি সিহঁতে বিহুৱান হিচাপে নতুন পঘা পাব ৷

“…… মইনাজান মইনাজান দিখৌ পাৰে হ’লো….

……. মইনাজান মইনাজান দিক্ৰং পাৰে হ’লো….

…… মইনাজান মইনাজান তোমাকেনো পাবলে ….

….. মইনাজান মইনাজান পাহাৰেনো বগালো মই….”

 

এনেবোৰ কথা ভাৱি থাকিলে মনটোৱে বয়সৰ সীমা পাৰ কৰি নিজকে এজন একেবাৰে শিশুলৈ ৰূপান্তৰ কৰি দিয়ে ৷ ঠিক এনেদৰে গাঁওৰ পুখুৰিটো কেতিয়া পালো গমকেই নাপালো ৷ ইয়াতে কাজলি হালক গা ধুৱাই দিনটোৰ বাবে এৰি দিয়া হ’ব ৷ হাতত এমুঠি খেৰ লৈ ডাঙৰজনীৰ গাটো ধুৱাব আৰম্ভ কৰি দিলোঁ ৷ সম্পূৰ্ণ হোৱাৰ পিছত গোটেই কেইজনীকে পথাৰত এৰি দিয়া হ’ল ৷ পুৱাৰ সূৰুযৰ মিঠা তাপত আৰু অধিক ধুনীয়া হৈ পৰিছে কাজলিহাল ৷ প্ৰখৰ হৈ পৰিছে পোৱালীহালৰ খোজ ৷ পথাৰখনত চৰি থকা নানাৰঙী গৰুবোৰৰ শান্ত উপস্থিতিত বিৰাজমান কৰিছে এক মধুৰ পৰিবেশৰ ৷ একমনে থিৰ লাগি চাই ৰ’লো ৷ কিমান উচ্ছাহ সিহঁতৰ মনত আজিৰ এই পুৱাটিকলৈ !! যেন বহুদিনৰ মুৰত সিহঁতো নিজৰ নিজৰ ভাই-ভনীহঁতক লগ পাইছে ৷ কোনো ধৰণৰ ভেদভাৱ অথবা কোনো ধৰণৰ উচ-নিচ নথকা এখন সমাজ ৷ মানুহৰ মাজত থাকি মানুহৰ মতেই চলি সমস্ত জীৱন কটালেও আজিৰ এই পুৱাটি সেইসকলৰ বাবে এক জলন্ত উদাহৰণ যিয়ে উচ্চ-নীচ বিচাৰ কৰি সমাজৰ লগতে নিজকো প্ৰগতিৰ কিৰণৰ পৰা বঞ্চিত কৰি ৰাখিছে ৷ তেনে এখন সমাজ এৰি আহিব মন যোৱা নাই দেখোন ৷ মানুহ হৈ অলপ লাজ পাইছো যদিও আজি এজন কবিৰ আৱিৰ্ভাব হৈছে যি নিজেই তেনে এখন সমাজত বাস কৰি পোৱা নাই যদিও তেনে এখন সমাজৰ সপোন দেখাৰ সামৰ্থ্য আছে ৷

এয়া হ’ল আমাৰ বহাগ ৷ ক’ব গ’লে আমাৰ সংস্কৃতিৰ পৰিচয় ৷ বহাগত গৰুহালৰ লগতে আমিও গা ধুৱা উচিত আৰু সমাজৰ বীজতৰীয়া সংস্কৃতিবোৰ ধুই মেলি চাফা কৰি দিয়া উচিত ৷

“বহাগেনো আহিলে.. ঐ মোৰে মৰমজান !!

কতেনো লুকালা….. ঐ মোৰে মৰমজান

তোমালৈ আনিছো ….মই বিহুৱান ..

বহাগী পথাৰত এপাক নাচিলে ঐ মোৰে মৰমজান

ময়যে ঢুলিয়া তই যে নাচনী ঐ মোৰে মৰমজান !!!!”

 

বিহুৰ শুভেচ্ছাৰে …

অলকেশ শৰ্মা,

মুখ্য-সম্পাদক, সন্ধান

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.