সম্পাদকীয় : ৩য় বৰ্ষ, সপ্তম সংখ্যা

0

নতুন বছৰৰ সৈতে এখন্তেক…..

ইতিহাসত আৰু এখিলা পাতৰ সংযোজন ঘটিল ৷ ২০১৪ বছৰৰ অন্ত পৰাৰ লগতে মানৱ সভ্যতাই আৰু এবছৰ পাৰ কৰিলে ৷ অইন বাৰৰ দৰে ২০১৪ বৰ্ষটিও তিতা-মিঠা অভিজ্ঞতাৰে নিজৰ যৱনিকা পেলালে ৷ বহুখিনি পালো আৰু বহুখিনি হেৰুৱালো ৷ আপোন জনৰ লগতে বহু আপোন লেখিয়া পৰকো হেৰুৱালো ৷ কিছুমানৰ বাবে খুউব সুখৰ আছিল যদিও বহুতৰ বাবে এক ভয়াৰ্ত পৰিণতিত লিপ্ত হৈছিল ২০১৪ বছৰটো ৷ বাৰু যিয়েই নহওক; বহুতো তিতা-মিঠা অভিজ্ঞতাৰে এক সোঁৱৰণি গোটাই দিয়া বাবে ২০১৪ বছৰটিলৈ ধন্যবাদ জ্ঞাপন কৰিলো ৷

পিছে এনেকৈয়ে বছৰ বাগৰি থাকিব আৰু আমি ক্ৰমান্বয়ে ইতিহাসত পৰিণত হৈ থাকিম ৷ ই এক নিৰন্তৰ পদ্ধতি ৷ কিন্তু এতিয়া কথা হ’ল আমি বিগত বছৰ সমূহৰ পৰা কি শিকিছোঁ বা বিগত বছৰ বোৰত কৰি অহা ভুলৰ শুধৰণি আগন্তুক বছৰসমূহত কৰিব পাৰিছো নে নাই সেয়াহে চিন্তনীয় বিষয় ৷ বহু ক্ষেত্ৰত দেখা যায় যে আমি সময়ৰ গতিশীলতাক এতিয়াও ভালদৰে বুজি উঠা নাই ৷ আমি সকলোৱে শান্তিকামী মনোভাৱ এটাৰ আলম লৈ জীয়াই আছো যদিও বাস্তৱিক ক্ষেত্ৰত হিংসা- বৰ্বৰতা এতিয়াও পূৰ্ণোদ্যমে চলি আছে ৷ আমি যেন এক নিঃসহায় অৱস্থাৰ শৰণত নিজৰ স্বাধীনতাক অৰ্পন কৰিছো ৷ সুস্থ সবল হৈও আমি এক অৰ্থহীন অস্তিত্বত পৰিণত হৈছো ৷ মানৱ সভ্যতাৰ এনে নিৰ্মম পৰিণতিত সময়ে যেন লাজতে মৰহি নিজৰ পথত গতি কৰিছে ৷

অমি এতিয়াও বহু খিনি শিকিব বাকি ৷ এখন সভ্যতাক জীয়াই ৰাখিবলৈ হ’লে অকল ভাল কাপোৰ অথবা উচ্চ অট্টালিকা থাকিলেই নহ’ব ; অট্টালিকাৰ লগতে নিজৰ চিন্তা ধাৰাও উচ্চ মানদণ্ডৰ হোৱাটো নিতান্তই প্ৰয়োজনীয় ৷

সেয়েহে এক নতুন বছৰৰ আৰম্ভণি ক্ষণত আমি সকলোৱে সকলোৰে হিতাৰ্থে এক গোট হৈ এক হিংসা বৰ্বৰহীন , সুস্থিৰ সমাজৰ পৰিকল্পনা কৰাটো উচিত ৷

– অলকেশ শৰ্মা,

মুখ্য-সম্পাদক, সন্ধান

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.