সম্পাদকীয় : ৩য় বৰ্ষ, ষষ্ঠ সংখ্যা

0

প্ৰকৃতিৰ সৈতে কিছু পল… !!!

সময়ৰ আৰম্ভণিৰ পৰা অথবা মানৱ সভ্যতাৰ ইতিহাস কালৰ পৰা বৰ্তমানলৈ এক অদম্য শক্তিৰূপে পৰিচিত “প্ৰকৃতি” ৷ প্ৰকৃতিয়ে হ’ল সৃষ্টিকৰ্তা, পালন কৰ্তা আৰু ধ্বংসকৰ্তা ৷ প্ৰকৃতিৰ কৰ্মৰাজীক আজিলৈ কোনেও দমাব পৰা নাই ৷ আৰু নিসন্দেহে প্ৰকৃতি সকলোৰে উৰ্দ্ধত ৷ প্ৰকৃতিৰ সৃষ্টি অতুলনীয় আৰু ইয়াৰ উদাহৰণ হিচাপে বিচাৰিব গ’লে আমি আমাৰ ঘৰৰ ঠিক ওচৰতে থকা নাৰিকল গছবোৰত ধুনীয়া আকাৰত ওলমি থকা চৰাইৰ বাহ কেইটালৈ চালে অনুমান কৰিব পাৰি ৷ বাহ কেইটা সামান্য হ’লেও অলপ ভালদৰে মন কৰিলে ই নিসন্দেহে এক কাৰিকৰিক পৰিপূৰ্ণতা ৷ মই যেতিয়াই বাহ কেইটালৈ মন কৰো মোৰ মনত অলেখ প্ৰশ্নই উজান মাৰে ৷ কেনেকৈ সাজিলে বাৰু বাহটো ? কিমান সময় লাগে বাৰু বাহটো সাজোঁতে ? বাহটোৱে বা সিহঁতৰ ওজন সহিব পাৰিবনে নাই ? আৰু নোৱাৰি যদি পৰি যায় তেতিয়া সিহঁতৰ পোৱালী কেইজনীৰ কি হ’ব? ইত্যাদি ইত্যাদি ধৰণৰ অলেখ প্ৰশ্নৰ ঢৌ খেলে মোৰ মনত ৷ আৰু নেখেলাবনো কিয় !! অকল কিছুমান ধানখেৰৰ সহায়ত ইমান মৰমলগা ঘৰ এটা বনালে প্ৰশ্নটো উঠিবই ৷

ওপৰত উল্লেখিত উদাহৰণটি হ’ল এক সচৰাচৰ দেখি অহা প্ৰকৃতিৰ সৃষ্টি ৷ এনেকুৱা আৰু বহুত উদাহৰণ পোৱা যায় প্ৰকৃতিৰ ওপৰত বিশদ ভাৱে অধ্যয়ন কৰিলে ৷ কিন্তু দুখৰ কথা এই যে খুব কম সংখ্যক মানুহ হে প্ৰকৃতিৰ ওপৰত অধ্যয়ন কৰা দেখা যায় ৷ বিশেষকৈ ভাৰতবৰ্ষত এনে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তেনেই ক’ম ৷ আচৰিত কথা এই যে ভাৰতবৰ্ষৰ নিচিনা প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ দেশ এখনত সময়ে সময়ে ছাত্ৰ-ছাত্ৰী বোৰে পঢ়িব একো বিষয় বস্তু বিচাৰি নোপোৱা পৰিলক্ষিত হয় ৷ যাৰ ফলত আমাৰ দেশৰ হাবি বননি, দ্বীপ, ইত্যাদি বোৰত বাহিৰৰ বহু ইচ্ছুক প্ৰাৰ্থীয়ে আহি বছৰ বছৰ ধৰি পুংখানুপুংখ ভাবে অধ্যয়ন কৰি প্ৰচুৰ পৰিমাণে লাভান্বিত হৈছে ৷ ভাৰতৰ বহু ঠাই যেনে উত্তৰ পূৰ্বাঞ্চল এলেকা, আন্দামান দ্বীপ-পূঞ্জ, কাশ্মীৰ ইত্যাদিৰ এতিয়াও বহুখিনি প্ৰকৃতিক সম্পদ সময়ৰ সোঁতত ইতিহাস হ’ব ধৰিছে ৷ জনতাৰ অবহেলিত ভাৱধাৰাৰ ফলত এই সম্পদৰ নামত এক বৃহৎ চোৰাং ব্যৱসায়ৰ সৃষ্টি হোৱা দেখা গৈছে ৷ সেয়েহে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলো এই বিষয়ে সচেতন হোৱা উচিত ৷

বৰ্তমান সময়ত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত এভুমুকি মাৰিলে আমি দেখিম যে প্ৰতি বছৰে লাখ লাখ ছাত্ৰ-ছাত্ৰী স্নাতক পৰ্য্যায়ত কলা, বিজ্ঞান , অভিযান্ত্ৰিক , চিকিৎসা সেৱা অধ্যয়ন কৰে ৷ ইয়াৰে অধিক সংখ্যকে অভিযান্ত্ৰিক আৰু চিকিৎসা ৰ ফালে ঢাল খাই ৷ অৰ্থাৎ ইয়াৰ দ্বাৰা এইটোৱে বুজাব বিচৰা হৈছে যে বিগত কিছু বছৰ ধৰি আমাৰ ছাত্ৰ-ছাত্ৰী বোৰে একেটা পথেৰেই গতি কৰি আছে আৰু এতিয়া সেই গতিটোত নিজস্ব বুলিবলৈ একো নাই ৷ বৰঞ্চ ইয়াৰ ফলত কিছুমান বিভাগত অধিক ছাত্ৰ-ছাত্ৰীৰ ফলত ব্যাপক হাৰত নিবনুৱা সমস্যাই দেখা দিছে ৷ আৰু আনহাতে বহুতো বিশ্ববিদ্যালয়ৰ বহু বিভাগ ছাত্ৰ- ছাত্ৰীৰ অভাৱত শুপ্ত অৱস্থাত পৰিণত হৈছে ৷

সেয়েহে আমি সকলো এতিয়া সজাগ হোৱা উচিত ৷ প্ৰকৃতিৰ সুৰক্ষাৰ অৰ্থে সকলোৱে সকলোকে সহায় কৰা উচিত ৷ আৰু এই সুৰক্ষাত অকল দেশ খনৰ চৰকাৰ বা প্ৰতিৰক্ষা বিভাগেই যথেষ্ট নহয় ৷ ইয়াত সমূহ বিশ্ববিদ্যালয়বোৰৰো দায়িত্ব আছে ৷ বিশ্ববিদ্যালয় সমূহে প্ৰকৃতিৰ বিষয়ে অধ্যয়ন কৰিবলৈ দেশ খনৰ উঠি অহা চামক আহ্বান জনোৱা উচিত ৷ যাতে এক উচিত মানদণ্ডৰ শিক্ষা লাভৰ দ্বাৰা আমাৰ দেশৰ ছাত্ৰ-ছাত্ৰীবোৰেও নিজৰ প্ৰাকৃতিক সম্পদৰ চোৱা চিতা কৰিব পাৰে ৷ আৰু তেনে কৰিলে নিশ্চয়কৈয়ে সময়ৰ কোলাত শুই যোৱা বহু প্ৰাকৃতিক সম্পদে নিজৰ দেশৰ মানুহৰ হাতত প্ৰাণ পাই উঠিব ৷ আৰু ইয়াৰ ফলত প্ৰতিজন নাগৰিকৰ স্বকীয়তা প্ৰকাশ পাব ৷ আৰু এনেকুৱা ধৰণৰ ভাৱধাৰা অতি সোনকালেই মানুহৰ মাজত জাগি উঠাটো নিত্যান্তই প্ৰয়োজনীয় ৷ নহ’লে সেই দিন বেছি দুৰ নহয় যেতিয়া আমি কাজিৰঙা সুন্দৰবনৰ জ্ঞান কোনো বিদেশীৰ পৰা কিনিব লাগিব ৷

 

অলকেশ

মুখ্য-সম্পাদক, সন্ধান

অন্যান্য লেখা :

Share.

About Author

Leave A Reply